Logo
image

এজেণ্টকেন্দ্ৰিক সংঘাত

নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ-ইউডিএফৰ মিত্ৰতাত ফাট

আমাৰ অসম, ৩০ মাৰ্চঃ ৰাজ্যসভাৰ নিৰ্বাচনলৈ মাজত মাথো এটা দিন বাকী থকাৰ সময়ত বিৰোধীৰ মাজতে হৈছে শীতল যুদ্ধ৷ এজেণ্ট নিযুক্তিকলৈ শীতল যুদ্ধ হৈছে কংগ্ৰেছ-ইউ ডি এফৰ মাজত৷ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাই কংগ্ৰেছ নেতৃত্বৰ পৰামৰ্শ অনুসৰি এজেণ্ট নিযুক্তি কৰা সন্দৰ্ভত দৃষ্টিভংগী দাঙি ধৰিবলৈ কংগ্ৰেছ-ইউ ডি এফ, চি পি আই এম তথা নিৰ্দলীয় বিধায়ক অখিল গগৈলে পত্ৰ প্ৰেৰণ কৰিছে৷ কিন্তু ইতিমধ্যে এ আই ইউ ডি এফে জনাইছে যে তেওঁলোকে ইতিমধ্যে এজন লোকক এজেণ্টৰূপে নিযুক্তি দিয়াৰ কথা নিৰ্বাচন আয়োগক জনাইছে৷ ইয়াকে লৈ কংগ্ৰেছৰ ভিতৰ চ’ৰাত ধুমুহাৰ সৃষ্টি হৈছে৷ এ আই ইউ ডি এফে নিয়োগ কৰা এজেণ্টক লৈ সন্তুষ্ট হ’ব পৰা নাই কংগ্ৰেছ নেতৃত্ব৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে দুপৰীয়া ৰাজীৱ ভৱনত জৰুৰীভাৱে অনুষ্ঠিত কৰা হৈছে বৈঠক৷ উক্ত বৈঠকলৈ বিধানসভাৰ পৰা জৰুৰীভাৱে মাতি পঠিওৱা হৈছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিদ্বয় জাকিৰ হুছেইন চিকদাৰ আৰু কমলাক্ষ দেব পুৰকায়স্থক৷ এজেণ্ট নিয়োগকলৈ সৃষ্টি হোৱা কংগ্ৰেছ আৰু ইউ ডি এফৰ মাজত সৃষ্টি হোৱা অচলাৱস্থা দূৰ হোৱা নাই৷ ইউ ডি এফৰ এটা সূত্ৰ মতে কংগ্ৰেছৰ বিধায়কসকলক আস্থা আৰু বিশ্বাসত ল’ব পৰা নাই ইউ ডি এফে৷ সেইবাবে তেওঁলোকে নিজাববীয়াকৈ এজেণ্ট নিয়োগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে৷ এজেণ্ট নিয়োগ কৰা সন্দৰ্ভত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাই কয়–সাধাৰণতে প্ৰাৰ্থীৰ পৰামৰ্শ অনুযায়ী এজেণ্ট নিয়োগ কৰা হয়৷ সেই নিয়ম মতে কেউটা দলৰ নেতৃত্বক জনাইছোঁ৷ আনহাতে কংগ্ৰেছে এজেণ্ট নিয়োগ কৰা সন্দৰ্ভত ইউ ডি এফলৈ পত্ৰ লিখাৰ পাছত ক্ষুব্ধ হৈ উঠিছে ইউ ডি এফৰ একাংশ বিধায়ক৷ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ ইউ ডি এফ বিধায়ক নিজাম উদ্দিন লস্কৰে কয়–কংগ্ৰেছৰে মিত্ৰতাহে কৰিছো, দল বিক্ৰী কৰা নাই৷ আমাৰ দলৰ এজেণ্ট আমিয়েই দিম৷ ধিঙৰ বিধায়ক আমিনুল ইছলামে কয়–কংগ্ৰেছৰ দুই-তিনিজন বিধায়কে সন্দেহজনক স্থিতি গ্ৰহণ কৰিছে৷ কংগ্ৰেছৰ এজেণ্ট ঠিক নহ’লে আশংকা কৰি তেওঁ কয়–মই মিঠাই খোৱা নাই৷ মুখ্যমন্ত্ৰীয়ে বিচাৰিলে ভোট দিম বুলি কোনে কৈছে? ইফালে কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰে কয়–ইউ ডি এফ যিহেতু কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীক সমৰ্থন দিছে গতিকে এজেণ্ট প্ৰাৰ্থী ৰিপুন বৰাৰ মতেই হ’ব লাগিব৷ বিজেপিয়ে সদায় হাতত কেচি লৈ থাকে৷ বিৰোধীৰ ঐক্যৰ ৰচীডাল কাটিবলৈ চেষ্টা কৰি আছে বিজেপিয়ে৷ বিজেপিৰ ষড়যন্ত্ৰত যদি কোনোবাই ভৰি দিয়ে তেওঁ অসমত আৰু ৰাজনীতি কৰি থাকিব নোৱাৰিব৷ এটা দিন-দুটা নিশাৰ পাছত দেখিব ৰিপুন বৰাৰ পক্ষত ৪৩টা ভোট আছে৷ ইফালে, অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়– আমাৰ ভোট ভাগ নহয়, বিজেপিৰ ভোটহে ভাগ হ’ব৷ অৱশ্যে তেওঁ  উমৈহতীয়া এজেণ্ট বিচৰাৰ কথা স্বীকাৰ কৰে৷ ইফালে কংগ্ৰেছ, ইউডিএফৰ এজেণ্ট নিযুক্তিক লৈ সৃষ্টি হোৱা সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়–‘কংগ্ৰেছ ইউডিএফৰ মাজত খোৱা কামোৰা আছেই৷ এটা দলৰো আনটো দলৰ ওপৰত বিশ্বাস নাই৷’এজেণ্ট নিযুক্তিক লৈ মঙলবাৰে নিশা পৰ্যন্ত কংগ্ৰেছ ইউডিএফ ঐক্যমতত উপনীত হ’বলৈ অপাৰগ হোৱাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট সোমবাৰে নিশাই জয়ন্ত মল্ল বৰুৱাক ৰাজ্যসভাৰ নিৰ্বাচনৰ এজেণ্ট নিযুক্তি দিছে৷ মঙলবাৰে বিয়লিৰ ভাগত ৰাজ্যসভা নিৰ্বাচনৰ এজেণ্ট নিযুক্তিক লৈ কংগ্ৰেছ-ইউডিএফৰ মিত্ৰতা একপ্ৰকাৰ দ্বিখণ্ডিত হোৱাটো স্পষ্ট হৈ পৰিল৷ এজেণ্ট নিযুক্তিক লৈ হোৱা সংঘাত নিৰাময়ৰ বাবে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত দীঘলীয়া বৈঠক অনুষ্ঠিত হয় যদিও কোনোধৰণৰ সমাধানসূত্ৰ নোলাল৷ ইয়াৰ পাছত সংবাদমেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় ইউডিএফে আমাক বিশ্বাসঘাটকতা কৰিছে৷ আমি ৰিপুণ বৰাক অভিমন্যু হ’বলৈ নিদিওঁ৷ ৰিপুণ বৰাৰ লগত প্ৰদেশ কংগ্ৰেছ আছে, চি পি আই এম আছে, ৰাইজৰ দল আছে৷ ইউডিএফে যদি বিশ্বাসঘাটকতা কৰিছে সেই কথা ৰাজ্যসভাৰ নিৰ্বাচনত স্পষ্ট হৈ পৰিব৷ আমাৰ হাতত কংগ্ৰেছ, চি পি আই [এম] আৰু ৰাইজৰ দলৰ মাজত মুঠ ২৮টা ভোট আছে৷ ইউডিএফৰ হাতত আছে ১৫টা ভোট৷ যদি ৰিপুণ বৰাই ৪৩টা ভোট নাপায় তেতিয়া স্পষ্ট হৈ পৰিব যে ইউডিএফে বিৰোধী শক্তিক বিশ্বাসঘাটকতা কৰিছে৷ ৫টা ভোট বিজেপিক বিক্ৰী কৰিছে ইউডিএফে৷