Logo
image

পিএছঅ’নেৰে ভৱেশে

বিজেপিৰ বিধায়কে নামানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

আমাৰ অসম, ৩০ মাৰ্চঃ ‘পি এছ অ’লৈ তুংগত হৈছে শাসক-বিৰোধীৰ বাকযুদ্ধ৷ পি এছ অ’বা ব্যক্তিগত দেহৰক্ষী কৰ্তনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ বিপৰীতে মন্তব্য কৰিছে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপিৰ একাংশ বিধায়কে৷ এসময়ত বিজেপিৰ দলীয় কৰ্মকৰ্তাৰ পি এছ অ’ কৰ্তন কৰিব লাগে বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ লিখা প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি বিধানসভাৰ চৌহদত পি এছ অ’ৰ সমৰ্থনত সাংবাদিকৰ আগত দাঙি ধৰিলে যুক্তি৷ কলিতাৰ মতে এম এল এক পি এছ অ’ত্যাগ কৰিবলৈ কোৱা নাছিল মুখ্যমন্ত্ৰীয়ে৷ দলৰ কাৰ্যকৰ্তা, অধ্যক্ষ উপাধ্যক্ষকহে পি এছ অ’ত্যাগৰ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে৷ এই সন্দৰ্ভত কলিতাৰ ভাষ্য এনেধৰণৰ–‘কেতিয়াবা সুৰাপায়ীক নিয়ন্ত্ৰণ কৰিবলৈও পি এছ অ’ৰ প্ৰয়োজন হয়৷ কোনোবাই এমএলএক চৰ মাৰিলে দোষাৰোপ কৰিব চৰকাৰক৷ সেয়েহে পি এছ অ’ৰ প্ৰয়োজনীয়তা আছে৷ মাননীয় মুখ্যমন্ত্ৰী মহোদেয় কোৱা নাই যে বিধায়কে পি এছ অ’ত্যাগ কৰিব৷ আমাৰ দলৰ কাৰ্যকৰ্তা, অধ্যক্ষ-উপাধ্যক্ষ, বিষয়ববীয়াই পি এছ অ’ ল’ব নালাগে বুলি মই নিজে লেটাৰ দিছিলোঁ৷ বিজেপিৰ যিসকল বিষয়ববীয়া আছে, জিলা সভাপতি আছে তেওঁলোকক পি এছ অ’ৰ কোনো প্ৰয়োজন নাই৷ অসমত এতিয়া শান্তি বিৰাজমান৷ অৱশ্যে বিধায়কজনক কেতিয়াবা পি এছ অ’ৰ প্ৰয়োজন হয়৷ মই নিজেও বিধায়ক৷ কেতিয়াবা আমি ৰাস্তাৰে গৈ থাকো, ৰাতি হয়৷ আজিকালি ল’ৰা বিলাকটো আছেই, ৰাস্তাৰে গৈ থাকিলে কেতিয়াবা দুজন ল’ৰাই মদ খাই থাকে৷ সিহঁতে নাজানে নহয় তেওঁ এম এল এ বুলি, যেতিয়া এজন চিকিউৰিটি থাকে তেওঁ আতৰাই দিব  ইয়াৰ পৰা যোৱা৷ মানুহৰ হাতৰ আঙুলিকেইটা সমান নেকি৷ মেনি মেন, মেনি মাইণ্ড৷ মদাহী ল’ৰাক অপিজিচনে লগাই দিব পাৰে এইটো বিজেপিৰ বিধায়ক এক চৰ লগাই দে৷ তেতিয়া ইজ্জাতটো কাৰ যাব কওঁকচোন৷ তেতিয়া আপোনালোকেই ক’ব নিজৰ দলৰ বিধায়ককে নিৰাপত্তা দিব পৰা নাই চৰকাৰে৷ আপুনিয়ে কওক–মই গৈ থাকোতে এজন ৰিক্সাৱালা আহি এনেই যদি একচৰ মাৰি দিয়ে, তেতিয়া কি হ’ব কথাটো কওক৷ আপোনালোকে ক’ব এইখন চৰকাৰ বিফল৷ নিজৰ বিধায়কেই মাৰ খালে৷ আমাৰ লাইফৰ প্ৰতি কোনো ভাবুকি নাই, কিন্তু প্ৰব্লেম আহে কেতিয়াবা৷’ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সুৰতে সুৰ মিলাই বিধায়কে পি এছ অ’ এৰিব নোৱাৰে বুলি যুক্তি দৰ্শাই ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়–‘পাৰ্টিৰ সকলোৱে পি এছ অ’ এৰি দিছে৷ এম এ  এই এৰি দিব নোৱাৰে৷ এম এলটো সাংবিধানিক পোষ্ট৷ আপোনালোকে প্ৰত্যোকটো কথাৰ বেলেগ বেলেগ এক্সপ্লেনেশ্বন উলিয়াই৷’ইফালে বিজেপিৰ মিত্ৰ ইউ পি পি এলৰ সভাপতি তথা বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৱে কয় যে শান্তি ঘূৰি আহিছে যদিও বিটিআৰত আণ্ডাৰগ্ৰাউণ্ড এলিমেণ্ট থকাৰ বাবেই পি এছ অ’এৰিব নোৱাৰে ইউ পি পি এলে৷ উল্লেখ্য যে দলীয় সতীৰ্থক পি এছ অ’ত্যাগ কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ এই আহ্বানকলৈ ৰাজ্যৰ ৰাজনীতিত একপ্ৰকাৰে সৃষ্টি হৈছিল ধুমুহাৰ৷ মঙলবাৰেও বিধানসভাৰ মজিয়াত উত্থাপন হৈছিল পি এছ অ’ৰ প্ৰসংগ৷ সদনৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ আহ৩ানক সন্মান জনাই তিনিজন জনপ্ৰতিনিধিয়েহে ত্যাগ কৰিলে পি এছ অ’৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ এই বিতৰ্কৰ পাছতেই পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে পি এছ অ’ৰ প্ৰসংগ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছিল লাচিতৰ তেজ থকা মানুহক পি এছ অ’ৰ কিয় প্ৰয়োজন৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যক প্ৰত্যাহ৩ান জনাই নিজৰ দলৰে বিধায়ক প্ৰশান্ত ফুকনে ক’লে–‘সকলোৰে গাত যদি লাচিতৰ তেজ আছে তেন্তে ঘৰৰ পৰা ওলাই গ’লে কিয় তলা লগাব লাগে৷ ঘৰৰ পৰা ওলাই আহোতে ছেভেন লিভাৰৰ তলাটো কিয় মাৰে৷ যিসকলৰ পি এছ অ’ৰ প্ৰয়োজনীয়তা আছে তেওঁলোকে ল’ব লাগে৷ যাক দৰকাৰ আছে, সেইসকলে পি এছ অ’ৰাখিব মুখ্যমন্ত্ৰী মহোদয়েও এই কথাকে কৈছে৷’ ইফালে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰে ক’লে–নিজৰ দলৰ বিধায়কেই নুশুনে মুখ্যমন্ত্ৰীৰ কথা৷ অসমত নিৰাপত্তা নাই বাবেই পি এছ অ’এৰা নাই বিধায়কসকলে৷ যিখন ৰাজ্যত মুখ্যমন্ত্ৰীৰ কথা শাসকীয় বিধায়কসকলেই নুশুনে তাৰ পাছত অসমৰ ৰাইজে কেনেকৈ বিশ্বাস কৰিব যে ৰাজ্যখনত যে শান্তি আছে৷ এতিয়া ৰাজ্যখনত হিংসা নাই৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা নাই৷ আজিৰ তাৰিখতো অসম পুলিচৰ ওপৰত অসমৰ ৰাইজৰ সম্পূৰ্ণ আস্থা নাই৷ আস্থা নাই কাৰণেই বিজেপিৰ নেতা পালি নেতা সকলেও পি এছ অ’এৰিব পৰা নাই৷ এনেদৰে পি এছ অ’প্ৰত্যাহাৰকলৈ শাসক বিৰোধীৰ মাজত অব্যাহত আছে বাকযুদ্ধ৷ অন্ত পৰা নাই পি এছ অ’পুৰাণ৷ প্ৰশ্ন উঠিছে মুখ্যমন্ত্ৰীৰ কথাৰ প্ৰতি সন্মন জনাই শাসকীয় বিধায়কসকলে পি এছ অ’এৰিব নে নাই৷ উল্লেখ্য যে মঙলবাৰে বিধানসভাত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ তৰফৰ পৰা সদনত দাখিল কৰা তথ্য অনুসৰি বিজেপিৰ ৬৩ জন বিধায়ক, ৯ জন সাংসদসহ মুঠ ৭২ জন প্ৰতিনিধিৰ ভিতৰত মাত্ৰ তিনিজন বিধায়ক ক্ৰমে–ৰূপজ্যোতি কুৰ্মী, ড॰ পৰমানন্দ ৰাজবংশী আৰু সাংসদ ৰাজদীপ ৰয়েহে ব্যক্তিগত দেহৰক্ষী ত্যাগ কৰিছে৷ গৃহ বিভাগে বিধানসভাত দাঙি ধৰা তথ্যানুসৰি ৰাজ্যৰ ৩১৬ জন ৰাজনৈতিক নেতাৰ বাবে ৮৬৩ জন দেহৰক্ষী নিয়োগ হৈ আছে৷ একেদৰে ১৮৪ জন প্ৰশাসনিক বিষয়াৰ লগত আছে ৩০৬ জন দেহৰক্ষী৷ ২৯১ জন ন্যায়িক বিষয়াৰ লগত ২৯৫ জন ব্যক্তিগত দেহৰক্ষী আছে৷ ৭৩ জন ব্যৱসায়ীৰ সৈতে থকা দেহৰক্ষীৰ সংখ্যা হৈছে ১০২৷ ৰাজ্যৰ চাহ উদ্যোগীৰ সৈতে আছে ৩৫ জন দেহৰক্ষী৷ কেৱল সেয়ে নহয়, মূলসুঁতিলৈ অহা ৪২ জন বিদ্ৰোহীৰ সৈতে আছে ৫৪ জন দেহৰক্ষী৷ তথ্য অনুসৰি ৰাজনৈতিক নেতা, প্ৰশাসনিক বিষয়া, ন্যায়িক বিষয়া, ব্যৱসায়ী, চাহ উদ্যোগী, বিদ্ৰোহীৰ লগত মুঠ ৰ,৬২৮ জন চৰকাৰী ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োজিত  হৈ আছে৷ আনহাতে এইসকল লোকৰ লগত থকা এছক’ৰ্টত ৫৮০ জন বেটেলিনয়ৰ জোৱানক নিয়োগ কৰা হৈছে৷ পাইলট আৰু লীড ছিকিউৰিটিৰ লগত আছে ১৫৫ জন বেটেলিয়নৰ জোৱান৷ ১,১৯৬ জন নিৰাপত্তাৰক্ষী এইসকল ভি আই পি, ভি ভি আই পিৰ ঘৰত গৃহৰক্ষী হিচাপে নিয়োজিত হৈ আছে৷