Logo
image

ফোনেই নধৰিলে শশীয়ে

ৰৈ ৰৈ ভাগৰি গ’ল কংগ্ৰেছ নেতৃত্ব

আমাৰ অসম, ৩০ মাৰ্চঃ ৰাজ্যসভাৰ নিৰ্বাচন জিকাৰ বাবে শাসকীয় আৰু বিৰোধী পক্ষই সুকীয়া সুকীয়াকৈ ৰণকৌশল প্ৰস্তুত কৰিছে৷ এটা ভোটো যাতে নষ্ট নহয় তাৰ বাবে উভয় পক্ষই অনুষ্ঠিত কৰিছে বিশেষ প্ৰশিক্ষণ৷ সোমবাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট গুৱাহাটীৰ বিলাসী হোটেল ৰেডিচন ব্লুত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বিপৰীতে বিৰোধী শিবিৰৰ প্ৰাৰ্থী ৰিপুন বৰাৰ বাবে ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা হৈছে বিশেষ প্ৰশিক্ষণৰ৷ কংগ্ৰেছ নেতৃত্বৰ আহ্বান মৰ্মে এজন এজনকৈ প্ৰায় সকলো বিধায়ক ৰাজীৱ ভৱনত উপস্থিত হৈছে৷ প্ৰশিক্ষণত উপস্থিত কংগ্ৰেছ নিলম্বিত বিধায়ক শ্বেৰমান আলীও৷ কিন্তু দেখা দেখি নাই ৰহাৰ বিধায়ক শশীকান্ত দাসৰ৷ প্ৰশিক্ষণ অনুষ্ঠিত কৰিবলৈ শশীকান্ত দাসক ৰৈ ৰৈ যেন ভাগৰি পৰিছে কংগ্ৰেছ নেতৃত্ব৷ প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ পূৰ্বে একাধিক বিধায়কে ফোন কৰিছে বিধায়ক শশীকান্তক৷ কিন্তু ফোনতো কোনো সঁহাৰি নাই বিধায়ক শশীকান্তৰ৷ পাছত বৈদ্যুতিন মাধ্যমৰ বাতৰি যোগেহে কংগ্ৰেছ নেতৃত্বৰ অৱগত হৈছে যে বিধায়ক শশীকান্ত উপস্থিত আছে বিজেপি মিত্ৰজোঁটৰ প্ৰশিক্ষণ শিবিৰত৷ অৱশ্যে শশীকান্ত উপস্থিত নাথাকিলেও কংগ্ৰেছৰ আন সকলো বিধায়কৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় প্ৰশিক্ষণ৷ ইফালে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বিৰোধী শিবিৰৰ মাজত মতানৈক্যৰে সৃষ্টি হৈছে যদিও নিজৰ জয়ক লৈ আত্মবিশ্বাসী ৰিপুন বৰা৷ তেওঁ কয়–ৰাজ্যসভা নিৰ্বাচনত মই জয়ী হমেই৷ শশীকান্তৰ ভোটক লৈ মই উদ্বিগ্ন নহয়৷ তেওঁ আৰু কয়–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হৰ্ছট্ৰেডিঙৰ কথা নজনা বুলি কোৱাটো হাস্যকৰ৷ তেওঁৰ হৰ্চ ট্ৰেডিঙৰ মাষ্টৰ৷ অসমত কোনে হৰ্চ ট্ৰেডিং আৰম্ভ কৰিছে অসমবাসীয়ে৷ উল্লেখ্য, ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজসভাৰ নিৰ্বাচন৷ সিদিনাই ভোটগণনা কৰাও হ’ব৷