অসমক মা বুলি ভবা সকলো লোকেই অসমীয়া
সদনত অসমীয়াৰ সংজ্ঞা দিলে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই
আমাৰ অসম, ৩১ মাৰ্চঃ বিধানসভাৰ মজিয়াত বৃহস্পতিবাৰে অসমীয়াৰ নতুন সংজ্ঞা দিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ অসমীয়াৰ প্ৰকৃত সংজ্ঞা কি? প্ৰকৃতাৰ্থত অসমীয়া কোন? এই প্ৰশ্নই সৰ্বত্ত কেইবাদশক জুৰি কোনো উত্তৰ নোহোৱাকৈ চৰ্চিত হৈ আহিছিল যদিও আজি মুখ্যমন্ত্ৰীয়ে খুবেই সৰলভাৱে ব্যাখ্যা কৰিলে অসমীয়াৰ সংজ্ঞা৷ এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়– যে আবেগিকভাৱে অসমত দশক দশক ধৰি যিসকল লোকে বাস কৰি আহিছে সেইসকলেই অসমীয়া৷ যিসকলে অসমৰ ভাষা-কৃষ্টি-সংস্কৃতি নিজৰ বুলি আকোৱালি হৈছে সেইসকলে অসমীয়া৷ যি অসমক আবেগিকভাৱে নিজৰ মা বুলি ভাবে সেইসকলেই অসমীয়া৷ কিন্তু অসম চুক্তিৰ ৬ নং দফা অনুসৰি সেয়া নহয়৷ গতিকে ৬ নং দফা অনুসৰি অসমীয়াৰ সংজ্ঞা কি হ’ব সেয়া এই চৰকাৰৰ কাৰ্যকালত চূড়ান্ত কৰা হ’ব৷ বৰ্তমানৰ চৰকাৰে আন বহুকেইটা বিষয়ৰ লগতে অসমীয়াৰ সংজ্ঞা নিৰূপনকো অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিছে৷ ইয়াৰ বাবে মন্ত্ৰী গোট গঠন কৰা হৈছে৷ ৬ নং দফা অনুসৰি অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে আছু আৰু মন্ত্ৰী গোটৰ বৈঠক অনুষ্ঠিত হৈছে৷ অসম চুক্তিৰ ৬ নং দফা অনুসৰি শীঘ্ৰে নিৰূপিত হ’ব অসমীয়াৰ সংজ্ঞা৷ উল্লেখ্য যে আজি সদনত ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে জানিব বিচাৰিছিল যে অসমীয়াৰ সংজ্ঞা চৰকাৰে নিৰূপন কৰিছে নেকি? ইয়াৰ উত্তৰ দি সদনত মুখ্যমন্ত্ৰীয়ে এনেদৰে বক্তব্য ৰাখে৷ আনহাতে, বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰি অসম চুক্তি ৰূপায়ন দ৫১ মন্ত্ৰী অতুল বৰাই কয় যে অসম চুক্তিৰ ৬ নং দফা অনুসৰি অসমীয়া সংজ্ঞা নিৰ্ধাৰণৰ বাবে ২০১৬ চনতে মন্ত্ৰী গোট গঠন কৰি দিছে ৰাজ্য চৰকাৰে৷ কিন্তু অসমৰ বহুকেইটা দল-সংগঠনে এই মন্ত্ৰী গোটৰ ওচৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল নকৰিলে৷ যাৰ ফলত প্ৰক্ৰিয়াটো স্থবিৰ হৈ থাকিল৷ তাৰোপূৰ্বে বিধানসভাৰ অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈয়ে বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা কৰি অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে এক প্ৰতিবেদন দিছিল যদিও সেই প্ৰতিবেদন গ্ৰহণ নকৰিলে তদানীন্তন ৰাজ্য চৰকাৰে৷ যাৰ বাবে এতিয়াও নিৰূপন হোৱা নাই অসমীয়া সংজ্ঞা৷