Logo
image

বিৰোধী ঐক্য থানবান

আজি ৰাজ্যসভাৰ ভোট

আমাৰ অসম, ৩১মাৰ্চঃ বৃহস্পতিবাৰে ৰাজ্যসভাৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ ইতিমধ্যে গৰম ৰাজ্যৰ ৰাজনীতি৷ স্বৰূপ অৰ্থতে এইবাৰৰ ৰাজ্যসভাৰ নিৰ্বাচন ব্যতিক্ৰম৷ সংখ্যা হাতত নাথাকিলেও শাসকীয় পক্ষই দুয়োখন আসনত জয়লাভ কৰিব বুলি দাবী কৰি থকাৰ পৰিপ্ৰেক্ষিততে ব্যতিক্ৰম বুলি বিবেচিত হৈছে উক্ত নিৰ্বাচন৷ শাসক-বিৰোধী সকলো পক্ষ এতিয়া ব্যস্ত ২ এপ্ৰিলত খালী হ’বলগীয়া আসন দুখন কেনেকৈ হস্তগত কৰিব পাৰি তাকলৈ৷ শাসকীয় পক্ষৰ হাতত ৮২টা ভোট আছে৷ ৰাজ্যসভাৰ দুয়োখন আসনত জয়লাভ কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ আৰু দুটা ভোটৰ দৰকাৰ৷ ইফালে, বিৰোধী পক্ষৰ হাতত আজিৰ তাৰিখত আছে ৪৩টা ভোট৷ কংগ্ৰেছৰ ২৭জন বিধায়কৰ ভিতৰত ৰহাৰ বিধায়ক শশীকান্ত দাসে ইতিমধ্যে বিজেপিক সমৰ্থন জনাব বুলি প্ৰকাশ কৰিছে৷ ইউডিএফৰ হাতত আছে ১৫টা ভোট৷ চিপিআই[এম] আৰু ৰাইজৰ দলৰ একোটা ভোট আছে৷ বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে বিৰোধী শিবিৰে উমৈহতীয়া প্ৰাৰ্থীৰূপে ৰিপুন বৰাক প্ৰক্ষেপ কৰিছে যদিও নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক পক্ষৰ সন্মুখত বিৰোধী ঐক্য বিধবস্ত৷ মূলতঃ নিৰ্বাচনৰ এজেণ্ট নিযুক্তিক লৈ কংগ্ৰেছ-ইউডিএফৰ মাজত মুকলি সংঘাত হৈছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইউ ডি এফক বিশ্বাসঘাটক আখ্যা দিয়াৰ বিপৰীতে ইউডিএফে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰিছে৷ ৰাজ্যসভাৰ নিৰ্বাচনলৈ কেইটামান ঘণ্টা বাকী থকাৰ সময়ত পৰস্পৰে পৰস্পৰক শাসকীয় পক্ষৰ ওচৰত বিক্ৰী যোৱা বুলি অভিযোগ-প্ৰতিঅভিযোগ কৰিছে৷ উল্লেখ্য, ২১ মাৰ্চত দাখিল হৈছিল মনোনয়ন দাখিল পৰ্ব৷ ৪৩জন বিৰোধী বিধায়কক লগত লৈ মনোনয়ন-পত্ৰ দাখিল কৰিছিল বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই৷ কিন্তু মনোনয়ন দাখিলৰ পৰা নিৰ্বাচনলৈ ১০টা দিন থকাৰ সময়ত তাচপাতৰ দৰে যে চূৰ্ণ-বিচূৰ্ণ হ’ল বিৰোধী ঐক্য৷ কংগ্ৰেছ-ইউডিএফৰ মাজত এটা দলৰ নেতৃত্বই যেন আনটো দলৰ নেতৃত্বৰ নামেই শুনিব নোৱাৰে৷ উল্লেখ্য, ২ এপ্ৰিলত ৰিপুণ বৰা আৰু ৰাণী নৰহৰ আসন দুখন খালী হ’ব৷ উক্ত আসন দুখনৰ বিপৰীতে কাইলৈ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ হ’ব৷ কাইলৈ সন্ধিয়া ৫ বজাৰ পৰা ভোট গণনা কৰা হ’ব৷ উল্লেখ্য, অসম, হিমাচল প্ৰদেশ, কেৰালা, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ মুঠ ৮খন আসনৰ কাৰ্যকাল ২ এপ্ৰিলত আৰু পঞ্জাবৰ ৫খন আসনৰ কাৰ্যকাল ৯ এপ্ৰিলত সমাপ্ত হ’ব৷ ইতিমধ্যে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে শাসকীয় পক্ষই বিধায়ক জয়ন্ত মল্ল বৰুৱাক এজেণ্ট নিযুক্তি দিছে৷ ৰাজ্যসভাৰ নিৰ্বাচনৰবাবে অসম বিধানসভাৰ চেণ্ট্ৰল হল সাজু কৰি তোলা হৈছে৷ উল্লেখ্য, বিজেপি মিত্ৰজোঁটে প্ৰথমখন আসনত পৱিত্ৰ মাৰ্ঘেৰিটাক আৰু দ্বিতীয়খন আসনত ৰণগৌৰা নাৰ্জাৰীক প্ৰাৰ্থিত্ব দিছে৷ পৱিত্ৰ মাৰ্ঘেৰিটাৰ জয় ইতিমধ্যে নিশ্চিত হৈছে৷ ইফালে, বিৰোধীয়ে  এখন আসনৰ বাবে উমৈহতীয়া প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে কংগ্ৰেছৰ ৰিপুন বৰাক৷ দীঘলীয়া সময় ধৰি মূলতঃ কংগ্ৰেছ আৰু ইউডিএফৰ মাজত অব্যাহত থকা ৰাজনৈতিক সংঘাতৰ ফলত থানবান হৈ পৰিছে বিৰোধী ঐক্য৷ মিত্ৰজোঁটৰ দুই প্ৰাৰ্থীক আগতীয়া অভিনন্দন জনালে প্ৰমোদ বড়োৱে কাইলৈ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী ক্ৰমে বিজেপিৰ পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীক আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰিছে৷ আজি সংবাদ মাধ্যমৰ জৰিয়তে আগতীয়াকৈ অভিনন্দন জ্ঞাপন কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি অগপ আৰু বিৰোধী দল বিপিএফৰ বিধায়কসকলকো অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে৷   উল্লেখ্য যে, কোক্‌ৰাঝাৰ চহৰৰ সমীপৱৰ্তী চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা জনজাতি যুৱ মহোৎসৱৰ আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত ৰাজ্যসভাৰ দুই প্ৰাৰ্থীক আগতীয়া অভিনন্দন জ্ঞাপন কৰি মিত্ৰজোঁটৰ দুয়োজন প্ৰাৰ্থীয়ে সদনৰ মজিয়াত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি দাবী কৰে৷  তেওঁ মু্‌খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ উন্নয়নে নতুন মাত্ৰা আৰু নতুন দিগন্তৰ সূচনা কৰিছে বুলি মন্তব্য কৰি ৰাজ্যৰ ১২৬ জন বিধায়কে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে সাজু হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷ এইক্ষেত্ৰত কিছুমানৰ বাধ্য বাধ্যকতা আছে যদিও অসম আৰু ৰাইজৰ উন্নয়নৰ স্বাৰ্থত ৰাজ্যসভা নিৰ্বাচনত ভোটদানৰ বাবে ১২৬ জন বিধায়কে ভোটদান কৰিবলৈ সাজু হৈ আছে বুলি মন্তব্য কৰি কংগ্ৰেছ বা এআইইউডিএফ বুলি কোনো কথা নাই বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে৷