Logo
image

অসহায় মন্ত্ৰী চন্দ্ৰমোহন

টোলটেক্স বৃদ্ধি, প্ৰতিবাদ অব্যাহত

আমাৰ অসম, ৩১ মাৰ্চঃ ৰাজ্যৰ টোলটেক্স প্ৰায় ১৫ শতাংশ বৃদ্ধি কৰা কাৰ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগা টোলগেটৰ বৰ্ধিত মাচুলৰ বিৰুদ্ধে বুধবাৰে বিভিন্ন দল-সংগঠনে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু এই হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনায়৷ ৰাজ্যৰ চৌদিশে বৰ্ধিত টোলটেক্সৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ কৰাৰ সময়তে বুধবাৰে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে টোলটেক্সৰ বিষয়ে দায় সৰা মন্তব্যৰে কয়–‘টোলগেটসমূহ ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ নহয়৷ সমগ্ৰ দেশতে টোলগেট চলি আছে৷ এইসমূহ দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয়৷ গতিকে টোলগেটৰ কৰৰ ক্ষেত্ৰত অসম চৰকাৰৰ একো কৰিবলগীয়া নাই৷ টোলগেটৰ পৰা সংগ্ৰহ কৰা টকাৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ উন্নতি তথা মেৰামতি কৰা হয়৷ ঘাইপথসমূহ উন্নত কৰাৰ স্বাৰ্থতে টোলগেটৰ ব্যৱস্থা কৰা হৈছে আৰু বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথসমূহ আগতকৈ বহুত উন্নত হৈছে৷’টোলটেক্স কমাবলৈ ৰাজ্য চৰকাৰে যে একো পদক্ষেপ গ্ৰহণ নকৰে, সেই কথা মন্ত্ৰী পাটোৱাৰীৰ অসহায় তথা দায় সৰা মন্তব্যত স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য, পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, শাক-পাচলি, ঔষধ, অত্যাৱশ্যকীয় সামগ্ৰী আদি সকলোৰে মূল্য আকাশলংঘী হোৱাৰ সময়তে টোলটেক্স বৃদ্ধি কৰাৰ ফলত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰত পৰাটো নিশ্চিত হৈছে৷ বিগত দুবছৰত ক’ভিড অতিমাৰীৰ প্ৰভাৱৰ ফলত ৰাজ্যৰ অথনৈতিক অৱস্থাই শোচনীয় ৰূপ ধাৰণ কৰিছিল৷ সাধাৰণ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছিল৷ ইফালে সকলো সামগ্ৰীৰে ব্যাপক মূল্যবৃদ্ধিয়ে জুৰুলা কৰা জনসাধাৰণৰ মূৰত ৰামটাঙোন শোধাই বৃদ্ধি কৰা টোলটেক্সে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত আৰু অধিক অৰিহণা যোগোৱাটো নিশ্চিত হৈছে৷ আৰু এয়া পৰিশোধ কৰিব লাগিব ৰাইজেই৷ চৰকাৰৰ অবিবেচকী সিদ্ধান্তই যে পুনৰ সাধাৰণ শ্ৰেণীকেই জুৰুলা কৰিব, এই কথা জলজল-পটপট হৈছে৷ কৰ’না মহামাৰী, পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মৃল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সময়তে এক এপ্ৰিলৰ পৰা পুনৰ টোলগেটসমূহত মাচুল বৃদ্ধি কৰাৰ বাবে চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে লোৱা সিদ্ধান্তত সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ টোলগেটৰ মাচুল বৃদ্ধি কৰাৰ বাবে লোৱা সিদ্ধান্তৰ আজি ৰহাত তীব্ৰ প্ৰতিবাদ জনাইছে আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে৷ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে আজি টোলগেটৰ মাচুল বৃদ্ধি কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মূল্যবৃদ্ধি আৰু বিগত দুবছৰে কৰ’নাই সৰ্বস্বাস্ত কৰা ৰাইজক পুনৰ টোলগেটৰ মাচুল বৃদ্ধিৰ জৰিয়তে মাধমাৰ সোধোৱা বিষয়টো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি মন্তব্য কৰি শীঘ্ৰে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাইছে৷ এই চৰকাৰখনক জনবিৰোধী চৰকাৰ হিচাপে আখ্যা দি আছুৰ সভাপতিজনে জণগণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি টোলগেটৰ মাচুল পূৰ্বতকৈ হ্ৰাস কৰাৰহে দাবী জনায়৷ আনহাতেদি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিৰ সম্পাদক নীলোৎপল হাজৰিকাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে টোলগেটৰ সদায়েই বিৰোধিতা কৰি আহিছে বুলি মন্তব্য কৰি পুঁজিপতি তথা ধনী শ্ৰেণীৰ স্বাৰ্থৰ কথাহে চিন্তা কৰা বিজেপিৰ চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ কথাত কোনো গুৰুত্ব নিদিয়ে বুলি অভিযোগ কৰে৷ শেহতীয়াকৈ টোলগেটৰ মাচুল ১৫ শতাংশলৈকে বৃদ্ধি কৰাটোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিষদৰ সম্পাদকজনে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে শীঘ্ৰে গণ আন্দোলন গঢ়ি তুলিব বুলিও কয়৷ ইপিনে মাছৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সচিবপ্ৰধান লক্ষীপ্ৰসাদ ডেকাইও আজি টোলগেটত মাচুল বৃদ্ধিৰ এই সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাই চৰকাৰক এই সিদ্ধান্ত অনতিপলমে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে৷ উল্লেখ্য যে, ৰহাৰ ৰণথলি টোলগেটত নতুন নিৰিখ অনুসৰি, লঘু যান-বাহনৰ পূৰ্বৰ ১০০টকাৰ পৰিৱৰ্তে ১১০ টকালৈ, লঘু বাণিজ্যিক বাহনত পূৰ্বৰ ১৬০ টকাৰ পৰিৱৰ্তে ১৭৫ টকা, বাছ-ট্ৰাকত পূৰ্বৰ ৩৩৫ টকাৰ পৰিৱৰ্তে ৩৭০টকা, তিনি এক্সেলযুক্ত বাণিজ্যিক যান-বাহনত পূৰ্বৰ ৩৬৫ টকাৰ পৰিৱৰ্তে ৪০৫ টকা, গধুৰ যান-বাহনত [৪১ পৰা ৬এক্সেলযুক্ত] পূৰ্বৰ ৫২৫ টকাৰ পৰিৱৰ্তে ৫৮ঙ্মটকা আৰু অতি গধুৰ যান-বাহনত পূৰ্বৰ ৬৪০টকাৰ পৰিৱৰ্তে ৭০৫টকালৈ বৃদ্ধি কৰা হৈছে৷ পহিলা এপ্ৰিলৰ পৰা টোলগেটৰ নিৰিখ বৃদ্ধি কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাইজক মাধমাৰ সোধাবলৈ বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে বহুকেইটা দল-সংগঠনে৷ উল্লেখ্য যে, পহিলা এপ্ৰিল অৰ্থাৎ ৩১ মাৰ্চৰ মাজনিশাৰ পৰা টোল টেক্স বৃদ্ধি পাব৷ বৰ্ধিত হাৰত টোলগেটসমূহত মাচুল দিব লাগিব ৰাইজে৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ১৫ শতাংশ বৃদ্ধি কৰিছে টোলগেটৰ নিৰিখ৷ পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পাছত টোল টেক্স বৃদ্ধিত সৰৱ হৈ পৰিছে দল-সংগঠনসমূহ৷ তাৎপৰ্যপূৰ্ণ যে, ডবকাৰ পৰা গুৱাহাটীলৈ যাওঁতে ১৫৬কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত তিনিখনকৈ টোলগেট স্থাপন কৰি জনতাৰ পৰা টোলটেক্সৰ নামত ব্যাপকহাৰত ধন সংগ্ৰহ কৰিব বিচাৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ জানিব পৰা মতে, হোজাই জিলাৰ ডবকা মিকিৰআটি টোলপ্লাজাত চাৰিচকীয়া ব্যক্তিগত বাহন বৰ্তমানে ৭৫ টকা, এক এপ্ৰিলৰ পৰা হ’ব ৯০ টকা, লঘু বাণিজ্যক বাহন ১৩০ টকা পহিলা এপ্ৰিলৰ পৰা হ’ব ১৪৫ টকা, যাত্ৰীবাহী বাছ ২৭৫ পাছত হ’ব ৩০৫টকাকৈ, স্থানীয় চাৰিচকীয়া বাহন পূৰ্বে ২৮৫ আছিল বৰ্তমান ৩৩০ টকালৈ বৃদ্ধি কৰা হৈছে৷ ইয়াকলৈ সৱৰ হৈ পৰিছে হোজাই জিলা আছু, কৃষক মুক্তি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হোজাই জিলা সমিতি আৰু খিলঞ্জীয়া ছাত্ৰ সন্থাৰ জিলা নেতৃত্ব৷ টোল টেক্সৰ হাৰ নকমালে প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰো হুংকাৰ দিছে সংগঠনকেইটাই৷