Logo
image

সলনি হ’ব সংখ্যালঘুৰ সংজ্ঞা

অসমত জিলাভেদে হিন্দুৱেও সংখ্যালঘুৰ স্বীকৃতি পাব!

আমাৰ অসম, ৩১ মাৰ্চঃ অসমত যোৱা ৭৫ বছৰ ধৰি যিসকল বাসিন্ধাক সংখ্যালঘু হিচাপে স্বীকৃতি দি থকা হৈছে, সেয়া নিকট ভৱিষ্যতত সম্পূৰ্ণ সলনি হৈ পৰিব পাৰে৷ দেশৰ উচ্ছতম ন্যায়ালয়ত সম্প্ৰতি সংখ্যালঘু কোন বুলি প্ৰশ্ন উত্থাপন কৰি দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ক্ষেত্ৰত সৰ্বোচ্ছ আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিলে দেশত আৰু অসমতো ইমানদিনে সংখ্যালঘু হিচাপে প্ৰচলিত সংজ্ঞা সলনি হৈ পৰিব৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাজ্য বিধানসভাৰ অধিৱেশনত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত এনে মন্তব্য কৰি অসমতো হিন্দু ধৰ্মৰ বা ভাষাৰ ক্ষেত্ৰত সীমিত লোক থকা জাতি সংখ্যালঘু হিচাপে স্বীকৃতি হ’ব পাৰে বুলি মন্তব্য কৰিছে৷ অৱশ্যে তেনে সিদ্ধান্ত ল’বলৈ হ’লে উচ্ছতম ন্যায়ালয়ৰ ৰায়লৈ অপেক্ষা কৰিব লাগিব আৰু সৰ্বোচ্ছ আদালতৰ ৰায় অনুসৰিয়েই অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বিধানসভাত স্পষ্ট কৰি দিয়ে৷ তেওঁ বক্তব্যৰ মাজতে কয় যে, অসমত জিলাভেদে সংখ্যালঘুৰ সংজ্ঞা সলনি কৰিব লাগে বুলি তেওঁ পূৰ্বেই মন্তব্য কৰিছিল৷ যিকেইখন জিলাত মুছলিমৰ বসতি অধিক আৰু হিন্দুৰ বসতি কম, তেনে জিলাত হিন্দুক সংখ্যালঘু হিচাপে গণ্য কৰাব পোষকতা তেওঁ আগতীয়াকৈ কৰা বুলি মন্তব্য কৰে৷ তদুপৰি কোনো ভাষাত কথা পতা লোক অসমত বা অসমৰ কোনো জিলাৰ কমকৈ থাকিলে তেওঁলোকক ভাষিক সংখ্যালঘু হিচাপে স্বীকৃতি দিব লাগে বুলি আগতেই তেওঁ উল্লেখ কৰা বুলিও বিধানসভাত মন্তব্য কৰে৷ প্ৰসংগত উল্লেখযোগ্য, বিজেপিৰ নেতা অশ্বিনী উপাধ্যায়ে উচ্ছতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰি কৈছে যে, জম্মু-কাশ্মীৰ, লাক্ষাদ্বীপ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, পঞ্জাবত হিন্দু ধৰ্মৰ লোকৰ বসতি আন ধৰ্মৰ বাসিন্দাৰ তুলনাত কম৷ সেয়ে সংশ্লিষ্ট ৰাজ্যকেইখনত হিন্দু ধৰ্মাৱলম্বীক ধৰ্মীয় সংখ্যালঘু হিচাপে ঘোষণা কৰিব লাগে৷ উচ্ছতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ মতামত বিচাৰে৷ কেন্দ্ৰই এইক্ষেত্ৰত বিজেপি নেতা অশ্বিনী উপাধ্যায়ৰ আৱেদনৰ প্ৰতি সমৰ্থন  ব্যক্ত কৰি সংশ্লিষ্ট ৰাজ্যকেইখনত হিন্দুক সংখ্যালঘু হিচাপে স্বীকৃতি দি সংখ্যালঘুৰ সাংবিধানিক অধিকাৰ প্ৰদান কৰিব লাগে বুলি শপতনামা দাখিল কৰিছে৷ শপতনামাত কেন্দ্ৰই উল্লেখ কৰিছে যে, মহাৰাষ্ট্ৰত ইহুদী ধৰ্মাৱলম্বীক সংখ্যালঘু হিচাপে স্বীকৃতি দিয়া হৈছে আৰু কৰ্ণাটকত উৰ্দু, তেলুগু, তামিল, মালয়ালম, মাৰাঠী, টুলু, লামানী, হিন্দী, কংকনী আৰু গুজৰাটীভাষীক ভাষিক সংখ্যালঘু হিচাপে স্বীকৃতি দিয়া হৈছে৷ সেয়ে ধৰ্মীয় ক্ষেত্ৰতো ৰাজ্যভেদে ধৰ্মীয় সংখ্যালঘুক সাংবিধানিক স্বীকৃতি আৰু ৰক্ষাকবচ প্ৰদান কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্ছতম ন্যায়ালয়ক অৱগত কৰিছে৷ মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই বিষয়টো উল্লেখ কৰে৷ বিধানসভাত এই সম্পৰ্কীয় একাধিক গোচৰৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ প্ৰসংগত ২০০২ চনত ১১জন বিচাৰকৰ ৬জন বিচাৰকৰ সংখ্যাগৰিষ্ঠ সিদ্ধান্তৰ ভিত্তিত উচ্ছতম ন্যায়ালয়ৰ বিচাৰপীঠে দেশত সংখ্যাগৰিষ্ঠ হিন্দু হিচাপে স্বীকৃত পৃথকে কোনো ৰাজ্যত ধৰ্মীয় সংখ্যালঘু হ’ব নোৱাৰে বুলি টিএমএ পাই ফাউণ্ডেশ্বন গোচৰত একেধৰণৰ আৱেদন ৰায়ত নাকচ কৰিছিল৷