Logo
image

‘অভিমন্যু’ ৰিপুণক কোন ৫ বিধায়কে নিদিয়ে ভোট

আমাৰ অসম, ৩১মাৰ্চঃ দুজন মাত্ৰ বিধায়কৰ বিশ্বাসঘাটকতাই চুৰমাৰ কৰিব পাৰে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাৰ সপোন৷ বিৰোধীৰ দুজন মাত্ৰ বিধায়কে বিশ্বাসঘাটকতা কৰিলেই পুনৰ ৰাজ্যসভালৈ যোৱাৰ বাট মৰিব ৰিপুণ বৰাৰ৷ ৰিপুণ বৰা জয়ী হ’বলৈ প্ৰয়োজন ৪২টা ভোটৰ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দাবী কৰা মতে ইউডিএফৰ বিধায়কে ইতিমধ্যে বিজেপিৰ পক্ষ লৈছে৷ ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ পৃষ্ঠপোষকতাত বিজেপিৰ ওচৰত বিক্ৰী হৈছে বিধায়ককেইজন৷ বৰাকৰ ইউডিএফৰ ২ বিধায়কৰ বিজেপিৰে আছে হলিগলি৷ ধুবুৰীৰ বিধায়ক নজৰুল হকক লৈও সন্দেহ কংগ্ৰেছৰ৷ কংগ্ৰেছ বিধায়ক চিদ্দিক আহমেদ, যাদৱ স্বৰ্গীয়াৰীক লৈও শংকিত কংগ্ৰেছ নেতৃত্ব৷ কাজেই ইউডিএফ বিধায়কে নে কংগ্ৰেছ বিধায়কে ৰিপুণ বৰাক অভিমন্যু সজাব খুজিছে সেয়া হয়তো কাইলৈ স্পষ্ট হৈ পৰিব৷ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দাবী কৰা মতে ৰিপুণ বৰাৰ জয় নিশ্চিত৷ তেওঁ কয়– ইতিমধ্যে ইউডিএফ, চিপিআই[এম] আৰু ৰাইজৰ দলৰ সৈতে আলোচনা কৰি কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে৷ ৰিপুণ বৰা ইউডিএফৰো পচন্দৰ প্ৰাৰ্থী৷ গতিকে বিভিন্ন কথা আহিলেও তেওঁলোকে ৰিপুণ বৰাকে ভোট দিব৷ কংগ্ৰেছৰ সকলো বিধায়কে ৰিপুণ বৰাৰ লগত একেলগে থকাৰ কথা নিশ্চিত কৰিছে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়– বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাক আমি জিকাম৷ এইটো আমাৰ সংকল্প৷ কংগ্ৰেছ-ইউডিএফ, চিপিআই[এম]ৰ সদস্যসকলক ভোট দিবলৈ অনুৰোধ জনাইছোঁ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই কয়– এইবাৰৰ নিৰ্বাচন আদৰ্শগত নিৰ্বাচন৷ গণতন্ত্ৰ বনাম একনায়কত্ববাদৰ নিৰ্বাচন৷ সাম্প্ৰদায়িকতা বনাম ধৰ্মনিৰপেক্ষতাৰ নিৰ্বাচন৷ সংবিধান ধবংস কৰাৰ বিৰুদ্ধে ৪৩জন বিৰোধী সদস্য ঐক্যবদ্ধ হৈছে৷ গণতন্ত্ৰ ৰক্ষাৰ বাবে, সংবিধান ৰক্ষাৰ বাবে সকলো ওলাই আহিব বুলি আমাৰ দৃঢ় বিশ্বাস৷ ইউডিএফে ইতিমধ্যে ১৫টা ভোট দিব বুলি প্ৰকাশ কৰিছে৷ উল্লেখ্য, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মঙলবাৰে নিশা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাক কাষত লৈ ইউডিএফৰে মিত্ৰতা ভংগ কৰা বুলি প্ৰকাশ কৰিছিল৷ তেওঁ কৈছিল– ইউডিএফৰ ৫ বিধায়ক বিজেপিৰ ওচৰত বিক্ৰী হৈ গৈছে৷ বদৰুদ্দিন আজমলৰ সহযোগত ইউডিএফৰ ৫ বিধায়ক বিজেপিৰ ওচৰত বিক্ৰী হৈছে৷ ৰিপুণ বৰাক অভিমন্যু হ’বলৈ নিদিয়ে কংগ্ৰেছে৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলক আনকি ‘ভষ্মাসুৰ’বুলি নামাংকিত কৰিছিল ভূপেন বৰাই৷ ভূপেন বৰাৰ এনে ভূমিকাক লৈ ৰাজনৈতিক বিশ্লেষকসকলে অপৈনত কাৰ্য কৰা বুলি মন্তব্য কৰে৷ সতীৰ্থ ৰাজনীতিক ৰিপুণ বৰাক ৰাজনৈতিকভাৱে হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰা বুলি ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগো আনিছে বহুজনে৷