১০খন উৰণীয়া সেতু, মঙলদৈ বাইপাছৰ বাবে ১,২৭৩ কোটি
আমাৰ অসম,১ এপ্ৰিলঃ উন্নত পথ যোগাযোগৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে অসমৰ বাবে মুঠ ৰ,২৭৩.০৩ কোটি টকাৰ অনুমোদন জনাইছে৷ এইক্ষেত্ৰত বিভাগীয় মন্ত্ৰী খোদ নীতিন গাডকাৰীয়ে শলাগ ল’বলগীয়া ভূমিকা গ্ৰহণ কৰিছে৷ গাডকাৰীয়ে আজি টুইটাৰযোগে প্ৰকাশ কৰা মতে, ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলদৈ বাইপাছ নিৰ্মাণৰ বাবে তেওঁৰ মন্ত্ৰণালয়ে ৫৩৫.০৩ কোটি টকা অনুমোদন জনাইছে৷ আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১০খনকৈ উৰণীয়া সেতু নিৰ্মাণৰ বাবেও গাডকাৰীৰ বিভাগটোৱে অনুমোদন জনোৱা বুলি জানিব পৰা গৈছে৷ ইয়াৰ বাবে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে আন ৭৩৮ কোটি টকা অনুমোদন জনাইছে৷ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া উৰণীয়া সেতুসমূহৰ বাবে কাঠিয়াতলি, বৰঘাট, ডিমৌ, ৰহা, বাইহাটা, ছিমলাগুড়ী, বঙাইগাঁও তৈল শোধনাগাৰ, চাপাগুৰী, পাঠশালা আৰু জাগীৰোডক চিহ্নিত কৰা হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে টুইটাৰত এই কথা জানিবলৈ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাৰ্বিক উন্নয়নৰ বাবে গ্ৰহণ কৰা স্থিতিক শলাগ লৈছে৷ মন কৰিবলগীয়া যে মঙলদৈ বাইপাছৰ বাবে স্থানীয় সাংসদ দীলিপ শইকীয়াই দীৰ্ঘদিন ধৰি আগভাগ লৈ আছিল৷ মন্ত্ৰী নীতিন গাডকাৰীৰ সন্মুখত সাংসদজনে বিষয়টো কেইবাবাৰো দৃষ্টিগোচৰ কৰিছিল৷ অৱশেষত বহুপ্ৰতীক্ষিত বাইপাছৰ বাবে ৫৩৫.০৩ কোটি টকা মঞ্জুৰি দিয়া বুলি খোদ গাডকাৰীয়ে আজি টুইটযোগে প্ৰকাশ কৰিছে৷ মন কৰিবলগীয়া যে সাংসদ শইকীয়াই প্ৰকাশ কৰা মতে, মঙলদৈ বাইপাছ নিৰ্মাণৰ বাবে ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ হৈছে তথা কেন্দ্ৰৰ তৰফত ৯৫ কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে৷