Logo
image

আফস্পা বাতিল উজনিত থাকিল

আমাৰ অসম, ১ এপ্ৰিলঃ বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা ৰাজ্যৰ ২৪খন জিলাত প্ৰত্যাহাৰ হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা৷ সুদীৰ্ঘ তিনি দশকৰ পাছত কেন্দ্ৰীয় চৰকাৰে অসমৰ লগতে নাগালেণ্ড আৰু মণিপুৰত আংশিকভাৱে আফস্পাৰ পৰিসৰ সংকুচিত কৰিছে৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাই গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–‘ধেমাজি, উত্তৰ লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, হোজাই, মৰিগাঁও, কামৰূপ [মহানগৰ], দৰং, কামৰূপ, নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাগ্‌সা, ওদালগুৰি, কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ [লক্ষীপুৰ মহকুমা বাদ দি] জিলাত কেন্দ্ৰীয় চৰকাৰৰ  নিৰ্দেশ মৰ্মে প্ৰত্যাহাৰ কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন, আফস্পা৷ ৰাজ্যৰ এই ২৪খন  জিলাত এতিয়া উগ্ৰপন্থী বা অশান্তিৰ পৰিৱেশ নাই৷ আইন-শৃংখলা উন্নত হোৱাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি সংশ্লিষ্ট জিলা কেইখনত আফস্পা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ বিপৰীতে উগ্ৰপন্থীৰ কাম-কাজ সক্ৰিয় হৈ থকাৰ বাবে উজনি আৰু পাহাৰৰ ৯খন জিলা আৰু এটা মহকুমা ক্ৰমে– কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ শিৱসাগৰ, গোলাঘাট, যোৰহাট জিলা আৰু কাছাৰ জিলাৰ কেৱল লক্ষীপুৰ মহকুমাত আফস্পা বলৱৎ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উজনি অসমৰ জিলাসমূহত আলফা আৰু ডিমা হাচাও জিলাত ডি এন এল এ, লক্ষীপুৰ মহকুমাত এন এছ ডি এল উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকাত সংশ্লিষ্ট জিলাকেইখনত আফস্পা বাহাল থাকিব৷ যদিও কাৰ্বি বিদ্ৰোহী সংগঠনৰে চৰকাৰৰ শান্তি আলোচনা অব্যাহত আছে তথাপি ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ ভৌগেলিক সীমা একে হোৱাৰ বাবেই পাহাৰীয়া জিলা দুখনত আফস্পা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ খুব সোনকালে এই জিলাসমূহৰো পৰিৱেশ উন্নত হ’ব বুলি আশা কৰা হৈছে৷ পৰিৱেশ উন্নত হ’লেই উক্ত জিলাসমূহতো আফস্পা প্ৰত্যাহাৰ কৰা হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ তৎপৰতাত এতিয়া একালৰ অশান্ত বিটিআৰলৈ শান্তি ঘূৰি আহিছে৷ এনডিএফবি,  এন এলএফটিকে ধৰি বিটিএডিৰ সকলো বিদ্ৰোহী সংগঠনে সশস্ত্ৰ পন্থা পৰিহাৰ কৰাত বিটিআৰতো আফস্পা প্ৰত্যাহাৰ কৰা হৈছে৷ আফস্পা বাহাল থকা ৰাজ্যৰ ৯খন জিলা আৰু এটা মহকুমাত ইউনিফাইড কামাণ্ড ব্যৱস্থা বাহাল থাকিব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰঙালী বিহুৰ পূৰ্বে অসমৰ ৰাইজক আফস্পা আইনৰ পৰা সকাহ দিব বিচাৰিছে৷ ১৯৯০ চনৰ ২৭, ২৮ নৱেম্বৰত ৰাজ্যত আফস্পা বলৱৎ হৈছিল৷ তেতিয়াৰ পৰা কেন্দ্ৰৰ কোনো এখন চৰকাৰ আফস্পা প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’বলৈ সাহস কৰিব পৰা নাছিল৷ ১৯৯০ চনৰ পৰা বৰ্তমানলৈকে মুঠ ৬০ বাৰ আফস্পাৰ ম্যাদ বৃদ্ধি হৈছিল৷ প্ৰতি ছয়মাহৰ মূৰে মূৰে আফস্পাৰ ম্যাদ বৃদ্ধি হয়৷ ২০১৪ চনত কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ গঠন হোৱাৰ পাছত ক্ৰমে মিজোৰাম, মেঘালয় আৰু অৰুণাচলৰ [দুটা চেণ্টাৰ বাদ দি] পৰা আফস্পা প্ৰত্যাহাৰ কৰে৷ আজি এক সাহসী আৰু ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি অসম, নগালেণ্ড আৰু মণিপুৰৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰে৷  এই সিদ্ধান্তৰ ফলত অসমৰ ৭৪,৪২৮ বৰ্গ কিলোমিটাৰ অঞ্চলৰ ভিতৰত ৩১৭২৪ বৰ্গ কিঃমিঃত আফস্পা বাহাল থাকিব৷ ৰাজ্যৰ মুঠ ৬০ শতাংশ অঞ্চলৰ পৰা আফস্পা  প্ৰত্যাহাৰ হ’ল৷ কাৰো হেঁচাৰ বাবে নহয়, ৰাজ্যৰ আইন-শৃংখলাৰ উন্নতি হোৱাৰ বাবেহে এই আইন প্ৰত্যাহাৰ কৰা হৈছে৷ নামনি,মধ্য অসম আৰু বৰাক উপত্যকা আফস্পা মুক্ত হ’ল৷ ৰাজ্যত এতিয়া অতিৰিক্ত কেন্দ্ৰীয় অদ্ধৰ্সামৰিক বাহিনীৰো প্ৰয়োজন নোহোৱা হৈছে৷ অসম আৰক্ষীয়ে নিজাকৈ পাঁচটা কমাণ্ডো বেটেলিয়ন গঠনৰ সিদ্ধান্ত লৈছে৷’আফস্পা সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰিবলৈ নেছ’আৰু আছুৰ দাবী কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অসম মণিপুৰ আৰু নগালেণ্ডত প্ৰযোজ্য হৈ থকা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা প্ৰত্যাহাৰ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন [নেছ’]আৰু সদৌ অসম ছাত্ৰ সন্থাই [আছু]৷ কিন্তু নেছ’আৰু আছুৱে প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি জনালেও আফস্পা সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে৷ এটা বিবৃতিত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ বৰুৱাই কয় অসমৰ পৰা আংশিকভাৱে আফস্পা প্ৰত্যাহাৰৰ সিদ্ধান্ত আদৰণীয়৷ কিন্তু আমাৰ দাবী সমগ্ৰ অসমৰ পৰা আইনখন সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰক৷ প্ৰধানমন্ত্ৰীয়ে অসমক দেশৰ অষ্টলক্ষ্মী বুলি অভিহিত কোৱাৰ পাছত অসমৰ জ্ঝখন জিলা আৰু এটা মহকুমাত আফস্পা প্ৰযোজ্য হৈ থকাটো গ্ৰহণযোগ্য নহয়৷ তেনেদৰে নেছ’ৰ উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অধ্যক্ষ চেমুৱেল জেৰৱা আৰু সম্পাদক প্ৰধান চিনাম প্ৰকাশে কয়–অসম, নগালেণ্ড, মণিপুৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণে সমগ্ৰ উত্তৰ পূবৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰিবলৈ দীৰ্ঘদিনৰ পৰা কেন্দ্ৰীয় চৰকাৰক দাবী জনাই আহিছে৷ আনকি বিগত সময়ছোৱাত আফ্‌ছা প্ৰত্যাহাৰৰ দাবীত জনসাধাৰণে সংগ্ৰাম কৰি অহাৰ পাছত আজি আংশিকভাৱে প্ৰত্যাহাৰৰ সিদ্ধান্ত আদৰণীয়৷ কিন্তু আমাৰ দাবী আইনখন সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰা৷ অসম, নগালেণ্ড আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰ সমূহে আফ্‌ছাৰ অপকাৰিতাৰ বিষয়ে কোৱাৰ পাছত উত্তৰ পূবৰ পৰা আফ্‌ছা সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰক৷ নগালেণ্ডৰ মন জিলাৰ ঘটনাৰ পাছত সমগ্ৰ উত্তৰ পূবৰ পৰা আফ্‌ছা প্ৰত্যাহাৰ কৰিবলৈ নেছ’ই দাবী জনাই আহিছে৷ গতিকে খিলঞ্জীয়া ৰাইজৰ চিন্তাৰ প্ৰতি সন্মান জনাই সমগ্ৰ উত্তৰ পূবৰ পৰা আফ্‌ছা প্ৰত্যাহাৰ কৰক৷