Logo
image

হীৰক জয়ন্তীত অসম গেছ কোম্পানী

আমাৰ অসম, ৪ এপ্ৰিলঃ অতি কমদিনৰ ভিতৰত আমি গুৱাহাটীলৈ দুশ ইলেক্ট্ৰনিক বাছ আনিম৷ পৰৱৰ্তী চাৰি বছৰত ইয়াক ৰাজ্যৰ বিভিন্ন জিলালৈ সম্প্ৰসাৰণ কৰিম৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ অসম চৰকাৰক আটাইতকৈ লাভজনক উদ্যোগ অসম গেছ কোম্পানীৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি শক্তিৰ ক্ৰমবিৱৰ্তনৰ সম্পৰ্কত বক্তব্য ৰাখি এইদৰে কয় মুখ্যমন্ত্ৰীজনে৷ অসম গেছ কোম্পানীক ভূয়সী প্ৰশংসা কৰি তেওঁ কয়– মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত তৃতীয়বাৰলৈ গেছ কোম্পানীলৈ আহিছো৷ প্ৰতিবাৰেই তেওঁলোকৰ কাম-কাজ আৰু তৎপৰতাত মই অত্যন্ত আনন্দিত হৈছো৷ আজিৰ প্ৰতিযোগিতামূলক ব্যৱসায়ীক ক্ষেত্ৰখনত এটা কোম্পানী আগবাঢ়ি যাবলৈ যি উদ্ভাৱনীমূলক কাৰ্যপ্ৰণালীৰ আৱশ্যক অসম গেছ কোম্পানীৰ মাজত তাক মই বিচাৰি পাইছো৷ ইফালে ভাষণৰ আৰম্ভণিতে গেছ প্ৰতিষ্ঠানটোৰ প্ৰয়াত বিষয়া-কৰ্মচাৰীসকলক স্মৰণ কৰাৰ লগতে মুখ্যমন্ত্ৰীজনে বিশেষভাৱে স্মৰণ কৰে অসম গেছ কোম্পানীৰ প্ৰথমজন পৰিচালন সঞ্চালক তথা কাৰিকৰী বিশেষজ্ঞ‘জংগম’খ্যাত ঔপন্যাসিক দেৱেন্দ্ৰ নাথ আচাৰ্যক৷ নিজৰ ভাষণত তেওঁ কয়— উজনি অসম আৰু অৰুণাচলত যিদৰে গেছৰ ভাণ্ডাৰ আৱিষ্কাৰ হৈছে, ইয়াৰ সুবিধা লৈ উদ্যোগ প্ৰতিষ্ঠানটোৱে বাণিজ্যিক অৱস্থা আৰু অধিক উন্নত কৰিব৷ ইয়াৰোপৰি উত্তৰ-পূবত হাইড্ৰকাৰ্বনৰ এক বিশাল সম্ভাৱনা লুকাই আছে৷ হাইড্ৰকাৰ্বন ভিছন ২০৩০ তো ভাৰত চৰকাৰে অসম আৰু উত্তৰ-পূবৰ হাইড্ৰকাৰ্বনৰ ভৱিষ্যত আৰু সম্ভাৱনাৰ এক উজ্জ্বল দিশ ইতিমধ্যে আমাৰ সন্মুখলৈ লৈ আহিছে৷ সেয়েহে অসম গেছ কোম্পানীয়ে ইয়াৰ ভগ্নী সংগঠন আৰু ভাৰত চৰকাৰৰ বিভিন্ন তৈল প্ৰতিষ্ঠানৰ সৈতে হাতত হাত ধৰি অসমৰ গেছ পৰিবহণ আৰু বাণিজ্যিক ভিত্তিত গেছৰ যোগান ব্যৱস্থাতো এক নতুন দিগন্তলৈ লৈ যাব৷ ৬০ বছৰ অত্যন্ত গৌৰৱেৰে অসম গেছ কোম্পানীয়ে অতিক্ৰম কৰাৰ লগতে অনাগত ৪০ বছৰত গেছ প্ৰতিষ্ঠানটো ভাৰতৰ আটাইতকৈ ডাঙৰ উদ্যোগসমূহৰ সমকক্ষ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ ইফালে এই অনুষ্ঠানতে অসম গেছ কোম্পানীয়ে হীৰক জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ ‘ঈশিৰ’উন্মোচন কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজৰ ভাষণত কয়, ২০১৬ চনৰ পৰা অসমৰ উদ্যোগ জগতলৈ যি পৰিবৰ্তন আহিছে স্বাধীনতাৰ ৭০ বছৰৰ লৈকে এই পৰিৱৰ্তন অহা নাছিল৷ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা ঔদ্যোগিকভাৱে আগবঢ়া আৰু এতিয়া বগীবিল দলং হোৱাত লখিমপুৰ আৰু ধেমাজি জিলাতো উদ্যোগ স্থাপন হ’ব বুলিও মন্তব্য কৰি সকলোৰে সহযোগিতা কামনা কৰে৷ অসম গেছ কোম্পানীৰ মহিলাসকলে সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাখনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও ভাষণ প্ৰদান কৰাৰ লগতে অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী, অধ্যক্ষ তথা শদিয়াৰ বিধায়ক বলীন চেতিয়া, স্থানীয় বিধায়ক তেৰচ গোৱালা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডি এন পি এলৰ অধ্যক্ষ ৰূপম গোস্বামী, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, এ পি এলৰ অধ্যক্ষ বিকুল ডেকা আদি উপস্থিত থাকে৷