Logo
image

উপহাৰৰ বাবে ১২ হাজাৰ গামোচা কিনিলে মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ১৪ এপ্ৰিলঃ বৃহস্পতিবাৰে গৰু বিহু৷ অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ হেঁপাহৰ ৰঙালী বিহুৰ প্ৰথম দিনা সমগ্ৰ ৰাজ্যজুৰি গৰু বিহু পৰম্পৰা ৰীতি-নীতিৰে পালন কৰিবলৈ সাজু হৈছে৷ গুৱাহাটী মহানগৰীতো ঠাই বিশেষে গৰু বিহু পালনৰ প্ৰস্তুতি চলিছে৷ ৰঙালী বিহু উপলক্ষে এতিয়া অসমীয়াৰ গা সাতখন-আঠখন৷ ইফালে,বিহু উপলক্ষে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ সেই অনুসৰি ৰঙালী বিহুত শুভেচ্ছা জনোৱাৰ ক্ষেত্ৰত অসমৰ শিপিনীয়ে মৰমৰ দীঘ আৰু চেনেহৰ বাণীৰে প্ৰস্তুত কৰা বিহুৱানখনক এক বিশেষ সন্মান দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ অসমীয়াৰ গৌৰৱ গামোচাখনক এইবাৰ উপহাৰ হিচাপে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ মন্ত্ৰী,ৰাজনীতিক,বিধায়ক,নেতা,বিষয়া আদিক দিয়াৰ বাবে ১২ হাজাৰ থলুৱা গামোচা ক্ৰয় কৰিলে মুখ্যমন্ত্ৰীয়ে৷ ইতিমধ্যে দুই হাজাৰ হাতে বোৱা গামোচা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিপণন ক্ষেত্ৰত সাজু কৰি বহিঃৰাজ্যলৈ পঠিওৱা হৈছে৷ আনহাতে,অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট ব্যক্তিক শুভেচ্ছা দিয়াৰ বাবে এতিয়া সাজু কৰা হৈছে দহ হাজাৰ থলুৱা গামোচা৷ মহানগৰীৰ আমবাৰীস্থিত হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ক মুখ্যমন্ত্ৰীয়ে এই গামোচাসমূহৰ পৰীক্ষা আৰু পেকিং কৰাৰ দায়িত্ব দিছে৷ এই সম্পৰ্কে হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ টেক্সটাইল ডিজাইনাৰ নিপন গোস্বামীয়ে কয়– ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্যৰ শিপিনীসকলৰ হাতে বোৱা গামোচাক সন্মান দিয়াৰ লগতে শ্ৰমৰ মৰ্যাদা দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আমাক এই গামোচাসমূহৰ গুণাগুণ পৰীক্ষা আৰু পেকিঙৰ দায়িত্ব দিয়া হৈছে৷ আমি বিগত ৩১ পৰা চ্ছ্ৰ দিন ধৰি প্ৰায় ৪০১ পৰা ৪৫জন কৰ্মচাৰীয়ে এই গামোচাসমূহৰ গুণাগুণ পৰীক্ষা আৰু পেকিঙৰ কাম কৰি আছোঁ৷ ইতিমধ্যে আমাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ এই গামোচাসমূহ নলবাৰী,দৰং,হাজো,ৰামদিয়া বামুন্দী,শুৱালকুছি,লখিমপুৰ,ধেমাজি আদিৰ শিপিনীয়ে হাতে বোৱা গামোচা৷ একোখন গামোচাৰ মূল্য প্ৰায় ২০০ টকাৰ আৰম্ভ হৈছে৷ গামোচাখনৰ লগতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ৰঙালীৰ শুভেচ্ছাবাণী থকা এখন গ্ৰীটিংছ কাৰ্ডো দিয়া হৈছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ বাবে বিহুৰ ওলগ জনাবলৈ এই দহ হাজাৰ গামোচা পঠিওৱা হ’ব৷ উল্লেখ্য,অসমৰ জাতীয় জীৱনক সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰখা আটাইতকৈ মূল্যৱান সম্পদটোয়ে হৈছে অসমৰ গামোচাখন৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰঙালী বিহুৰ প্ৰাক্‌ক্ষণত লোৱা এই পদক্ষেপে বহু পৰিমাণে সকাহ দিবলৈ সক্ষম হৈছে অসমৰ থলুৱা শিপিনীসকলক৷ প্ৰাপ্ত তথ্য মতে,২০১৯-২০ চনৰ হস্ততাঁত পিয়ল অনুসৰি অসমৰ ১২.৮৩ লাখ শিপিনীৰ বিপৰীতে ১২.৪৬ লাখ হস্ততাঁত পোৱা গৈছে৷ ইয়াৰে ৩.৫৫ লাখ শিপিনী কেৱল হস্ততাঁত গামোচা উৎপাদনত জড়িত হৈ আছে৷ এই শিপিনীসকলৰ বেচিভাগেই সংগঠিত ৰূপত নথকা হেতু বছৰি কিমান গামোচা ৰাজ্যখনত উৎপাদন হয়,তাৰ সঠিক তথ্য পোৱা নাযায়৷ কিন্তু এই গামোচাৰ চাহিদা আন পৰম্পৰাগত বস্ত্ৰসমূহতকৈ অধিক৷ চৰকাৰে গামোচাৰ উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীনৰ ৯৮টা বোৱনী সম্প্ৰসাৰণ সেৱা কেন্দ্ৰ আৰু ২০টা হস্ততাঁত উৎপাদন কেন্দ্ৰৰ জৰিয়তে থলুৱা পৰম্পৰাগত বস্ত্ৰৰ লগতে গামোচাৰ উৎপাদনত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ পঞ্জীয়নভুক্ত হস্ততাঁত সমবায় সমিতিসমূহৰ যোগেদিও গামোচাৰ উৎপাদনত উদ্যোগ লোৱা হৈছে৷ গামোচাৰ মূল্য সুলভ কৰাৰ লগতে উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে ৩৩টা সূতাভঁৰাল ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন কৰি শিপিনীসকলক ৩০ শতাংশ ৰেহাই হাৰত সূতা ক্ৰয় কৰাৰ সুবিধা কৰি দিছে৷ ক’ভিডকালত ক্ষতিগ্ৰস্ত হোৱা শিপিনীসকলৰ বাবে এই ৰেহাই চলিত বছৰৰ মাৰ্চলৈ ৫০ শতাংশত উপলব্ধ আছিল৷ গামোচাৰ লগতে আন থলুৱা বস্ত্ৰসমূহৰ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে ৰাজ্যখনত বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে৷ এই ক্ষেত্ৰত বোৱনীৰ অৰ্থনৈতিক উন্নয়ন আঁচনি,থুপভিত্তিক হস্ততাঁত উন্নয়ন আঁচনি,হস্ততাঁত শিপিনীলৈ আয়বৃদ্ধি আঁচনি, প্ৰশিক্ষণ আদিৰ কথা উল্লেখ কৰিব পাৰি৷ কিন্তু পৰিতাপৰ কথা যে গামোচাৰ বহুল চাহিদাৰ প্ৰতি লক্ষ্য কৰি অসাধু ব্যৱসায়ী কিছুসংখ্যকে বাহিৰৰ বিদু্যৎচালিত শালত গামোচা বোৱাই আনি ৰাজ্যত ব্যৱসায় চলাই আছে৷ ফলত এই আমদানিকৃত গামোচাই থলুৱা শিপিনীৰ হাতেবোৱা গামোচাখনৰ ব্যাপক ক্ষতিসাধন কৰিছে৷ বিদু্ৎচালিত শালত কম সময়ত অধিক উৎপাদন কৰিব পৰা হেতু গামোচাসমূহৰ উৎপাদন খৰচ কমি যায়৷ তদুপৰি কপাহী সূতাৰ পৰিৱৰ্তে পলিয়েষ্টাৰ সূতা আৰু ফুল তোলাত এক্ৰেলিক সূতা ব্যৱহাৰ কৰাৰ ফলত বাহিৰৰ গামোচাৰ দাম যথেষ্ট কম হয়৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ে ১১বিধ থলুৱা বস্ত্ৰক কেৱল হস্ততাঁত খণ্ডতহে উৎপাদন কৰিব পৰাকৈ সীমাবদ্ধ কৰি‘হস্ততাঁত [উৎপাদন সামগ্ৰী সংৰক্ষণ]আইন-১৯৮৫’ প্ৰণয়ন কৰিছে৷ এই ১১বিধ বস্ত্ৰৰ ভিতৰত অসমৰ গামোচা,চাদৰ-মেখেলা,দখনা,ডংকা,খামলেট আৰু ফানেক অন্তৰ্ভুক্ত হৈছে৷ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ সহযোগত স্কোৱাড গঠন কৰি বিদু্যৎচালিত শালত উৎপাদন,বিক্ৰী আৰু মজুত ৰখা গামোচাৰ লগতে অন্যান্য তালিকাভুক্ত বয়ন সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে৷ বিহুৰ সময়ত এই অভিযান আৰু অধিক তীব্ৰতৰ কৰাৰ বাবে ইতিমধ্যে জিলা,মহকুমাসমূহলৈ চৰকাৰী নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে৷