Logo
image

প্ৰস্ৰাৱ খাই তৃষ্ণা দূৰ কৰিছিল ৰোপৱে’ত আবদ্ধ লোকে

ঝাৰখণ্ডৰ ৰোপৱে’ দুৰ্ঘটনা প্ৰসংগ

আমাৰ অসম,১৪ এপ্ৰিলঃ ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ ত্ৰিকুট পাহাৰৰ ৰোপৱে’ত হোৱা কাৰিকৰী বিজুতিৰ বাবে ৪৫ ঘণ্টালৈকে ১,৫০০ ফুট উচ্চতাত আবদ্ধ হৈ পৰা লোকসকলক অৱশেষত উদ্ধাৰ কৰা হয়৷ ভাৰতীয় বায়ুসেনা,আৰ্মী,এন ডি আৰ এফ, আই টি বি পি আৰু স্থানীয় প্ৰশাসনৰ লোকে এই উদ্ধাৰ অভিযান চলায়৷ ৪৫ ঘণ্টাৰ মূৰত ৪৭জন লোকক উদ্ধাৰ  কৰা হয়৷ কিন্তু উদ্ধাৰৰ সময়ত হেলিকপ্টাৰৰ পৰা খহি এজন লোকৰ মৃত্যু হয়৷ উদ্ধাৰ কৰি অনা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যাবলৈ দিয়া হয়৷ মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি অহা লোকসকলে উদ্ধাৰকাৰী দলক অশেষ ধন্যবাদ জ্ঞাপন কৰে৷ কিন্তু ৪৫ ঘণ্টা ৰোপৱে’ত আবদ্ধ হৈ পৰা লোকসকলে খাদ্য-পানীৰ অবিহনে কেইবাঘণ্টা পাৰ কৰিবলগীয়া হয়৷ পাছত ড্ৰোনেৰে তেওঁলোকলৈ খাদ্য যোগান ধৰা হয়৷ কিন্তু তাৰ পূৰ্বে তেওঁলোকে পিয়াহ পলাবলৈ প্ৰস্ৰাৱ খাবলগীয়া হয়৷ কেব্‌ল কাৰৰ ভিতৰত হোৱা উৎকট গৰমত তেওঁলোকৰ প্ৰাণ ওলাই যোৱাৰ দৰে অৱস্থা হৈছিল৷ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছিল৷ গতিকে নিজৰ প্ৰস্ৰাৱকে খাবলগীয়া হয় বহু লোকে৷ এই দুৰ্ঘটনাত মৃত্যু হোৱা লোক তিনিজৰ পৰিয়াললৈ ঝাৰখণ্ড চৰকাৰে পাঁচ লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰে৷