Logo
image

মূল্যবৃদ্ধিয়ে ভাৰতক দৰিদ্ৰ দেশত পৰিণত কৰিব

দেশত মূল্যবৃদ্ধিৰ জুই জ্বলিছে৷ অধিকাংশ লোকে নিত্য অত্যাৱশ্যকীয় সামগ্ৰীখিনিও কিনিব পৰা নাই৷ যিসকলৰ অলপ ক্ৰয় ক্ষমতা আছিল,তেওঁলোকে  সামগ্ৰী ক্ৰয়ৰ বাজেট অধিক হাৰত কৰ্তন কৰিবলগীয়া হৈছে৷ দেশত মূলতঃ ইন্ধনৰ মূল্যবৃদ্ধিয়ে পৰোক্ষভাৱে সকলো সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে৷ সৌ সিদিনা সংসদত ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে বিৰোধী দলৰ সাংসদসকলৰ চৰকাৰক আক্ৰমণৰ উত্তৰ হিচাপে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীয়ে যুক্তিপূৰ্ণ কোনো উত্তৰ দিব নোৱাৰি কয় যে উন্নত দেশৰ তুলনাত ভাৰতত ইন্ধনৰ মূল্যবৃদ্ধিৰ শতাংশ অতি কম আৰু ইন্ধনৰ মূল্যবৃদ্ধি ন্যায্য৷ যি সময়ত ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধৰ প্ৰভাৱত আন্তৰ্জাতিক বজাৰতো খাৰুৱা তেলৰ দাম বৃদ্ধি হৈছে,সেই সময়ত চৰকাৰে ইন্ধনৰ ওপৰত আৰোপ কৰা অত্যধিক কৰ হ্ৰাস কৰি পেট্ৰ’ল,ডিজেল,ৰন্ধন গেছকে ধৰি সকলো ইন্ধনৰ দাম স্থিতাৱস্থাত বা হ্ৰাস কৰি ৰাখিব পাৰিলেহেঁতেন৷ যদিও খাৰুৱা তেলৰ দাম বৃদ্ধি হৈছে,তথাপি প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত কোম্পানীৰ দাম ৪০ টকাৰ বেছি হোৱা নাই, বাকীখিনি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰহে৷  ২১ অক্টোবৰৰ ২০২১ৰ হিচাপ মতে প্ৰতিলিটাৰ পেট্ৰ’লত আবকাৰী কৰ আছিল ৩২.৯৭ টকা আৰু ডিজেলত আছিল ৩১.৮৩ টকা৷ কিন্তু কোম্পানীৰ মূল্য বাঢ়িলে কৰৰ পৰিমাণো বাঢ়ি যায়,কাৰণ কৰ হিচাপ কৰে শতাংশ হিচাপত৷ এই কেন্দ্ৰীয় কৰৰ লগত ৰাজ্য চৰকাৰৰ ভেট কৰৰ পৰিমাণো বৃদ্ধি হৈ থাকে৷ ২০১৩-১৪ বৰ্ষত অৰ্থাৎ ইউপিএ চৰকাৰৰ সময়ত খাৰুৱা তেলৰ মূল্যও আজিৰ নিচিনাই প্ৰতি বেৰেলত গড়ে ১০৫.২২ ডলাৰ আছিল,কিন্তু কোম্পানী দামৰ ওপৰত আবকাৰী শুক্ল ক্ৰমে প্ৰতিলিটাৰ পেট্ৰ’লৰ ওপৰত ৯.২০ টকা আৰু ডিজেলৰ ওপৰত ৩.৪৬ টকা আছিল কাৰণে পেট্ৰ’ল প্ৰতি লিটাৰৰ দাম আছিল ৭১.৪১ টকা আৰু ডিজেল প্ৰতি লিটাৰৰ দাম আছিল ৫৫.৪৯ টকা৷ আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ প্ৰতিটোৰ দাম আছিল ৪১০ টকা৷ এতিয়া বিজেপি চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত কৰ বৃদ্ধি কৰি ২০২১-২২ বৰ্ষতে ৪,১৬,৭৯৯ কোটি টকা সংগ্ৰহ কৰিছে৷ ২০১৪-১৫ত সংগ্ৰহ কৰা এই কৰৰ পৰিমাণ আছিল ১,৭২,০৬৫ কোটি টকা৷ ইউপিএ চৰকাৰৰ দিনত এই কৰ সংগ্ৰহ আৰু কম আছিল৷ পেট্ৰ’লত আৰু ডিজেলত প্ৰতি লিটাৰৰ ৰাস্তাৰ উন্নয়নৰ বাবে ১১ টকা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ টকা সংগ্ৰহ কৰে৷ ইয়াৰ উপৰি কৃষিৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ‘চেচ’ৰ নামত ২.৫০ টকা সংগ্ৰহ কৰে৷ পথ উন্নয়নৰ বাবে পেট্ৰ’ল-ডিজেলৰ দামৰ ভিতৰতে কৰ লয়, আনফালে ৰাস্তাৰে বাহন ভ্ৰমণ কৰিলে টোলটেক্স লয়৷ যোৱা বছৰ ভাৰত চৰকাৰে টোলটেক্সৰ পৰা ৩৮,০০০ কোটি টকা সংগ্ৰহ কৰিছে৷ আনফালে,১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ দাম ২,২৫৩ টকালৈ বৃদ্ধি কৰিছে৷

পেট্ৰ’ল,ডিজেল,ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বাবে বাহনৰ মালিকৰ মূৰত মাধমাৰ মৰাতকৈ যিসকলৰ গাড়ী বা কোনো বাহন নাই,সেইসকলৰ মূৰতহে মাধমাৰ পৰিছে জোৰকৈ,কাৰণ গাড়ীৰ ভাৰাকে ধৰি পৰিবহণ খৰচ বৃদ্ধিৰ ফলত দেশত সকলো সামগ্ৰীৰে দাম বৃদ্ধি হৈছে৷ ইন্ধনৰ দাম বৃদ্ধিত বিভিন্ন সামগ্ৰীৰ উৎপাদন খৰচো বৃদ্ধি হৈছে৷ বিজেপি চৰকাৰ আৰু বিজেপিৰ মুখপাত্ৰসকলে জনসাধাৰণক কয় যে উপায় নাই,যুদ্ধৰ বাবে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি হৈছে,গতিকে ভাৰতত পেট্ৰ’ল-ডিজেল-গেছৰ দাম বাঢ়িবই৷ জনসাধাৰণে অৰ্থনীতি ভালকৈ বুজি নাপায়,কিন্তু ২০১৪ চনৰ আগত বৰ্তমানৰ নিচিনাকৈ ১০৮ ডলাৰ প্ৰতিবেৰেল খাৰুৱা তেলৰ মূল্য আছিল৷ বিজেপি চৰকাৰৰ তিনি বছৰত [২০১৯-২১] খাৰুৱা তেলৰ মূল্য গড়ে ৬০ ডলাৰ আছিল৷ কিন্তু পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮০ টকাৰ তলত হোৱা নাছিল৷ বিভিন্ন কাৰণত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম সামান্য বৃদ্ধি হয়তো হ’ব পাৰে,কিন্তু তথাকথিত কল্যাণকামী বিজেপি চৰকাৰে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি কৰি জ্বলা জুইত ঘিউ ঢালিছে৷ ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ  জ্জ্ব এপ্ৰিল সংখ্যাত প্ৰকাশিত বাতৰি এটাৰ শিৰোনাম এইদৰে দিছে,‘LPG cost in India highest in world at PPত্ন, Petrol ৩rd’৷ আনফালে,উন্নত দেশৰ নাগৰিকৰ আয়ৰ লগত ভাৰতৰ জনসাধাৰণৰ আয়ৰ তুলনাই নহয়৷ তদুপৰি উন্নয়নশীল দেশত এই ইন্ধনবোৰৰ দাম ভাৰততকৈ সস্তা৷ মূল্যবৃদ্ধিৰ চৰকাৰী তথ্য অনুযায়ী পাইকাৰি সামগ্ৰীৰ সূচক মতে ১৩.২০ শতাংশ আৰু খুচুৰা সামগ্ৰীৰ সূচক মতে ৬.৮ শতাংশ৷ কিন্তু খাদ্যসামগ্ৰীৰ মূল্য ১০০ শতাংশতকৈ অধিক হাৰত বৃদ্ধি হৈছে৷ পহিলা এপ্ৰিলৰ পৰা জীৱনদায়িনী ঔষধকে ধৰি ৮০০বিধ ঔষধৰ দাম দহ শতাংশ বৃদ্ধি কৰিছে৷ ঔষধৰ পাইকাৰি দামৰ সূচকৰ বৃদ্ধি হৈছে ১০.৭৬ শতাংশ৷ অচ্ছে দিন অনা চৰকাৰখনৰ ৰাজত্বত ঔষধৰ মূল্য ১৯৯৭ চনৰ পাছত এইবাৰেই অধিক হাৰত বৃদ্ধি হৈছে৷

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে যোগান প্ৰক্ৰিয়াও ব্যাহত হৈছে৷ ঘেঁহু,সূৰ্যমুখী ফুলৰ তেলৰ পৰা ম’বাইল ফোনৰ নিচিনা হাইটেক আদি সকলো সামগ্ৰী আমদানিত অসুবিধাৰ সৃষ্টি হৈছে৷ ভাৰতত উদ্যোগ খণ্ডৰ কেঁচামাল,যেনে– সাৰৰ পৰা নিয়ন,ছেমিকণ্ডাক্টৰ তৈয়াৰ কৰা ৫০ শতাংশ চিপ্‌ছ আদি ৰাছিয়া-ইউক্ৰেইনৰ পৰা আহিছিল৷ খাৰুৱা তেলক বাদ দিও আন সামগ্ৰী তীখা, এলুমিনিয়াম,তাম,নিকেল,প্লেটিনামৰ মূল্যও অধিক হাৰত বাঢ়িছে৷ ইতিমধ্যে তীখাৰ দাম প্ৰতি টনত ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি হৈছে৷ ভাৰতে অনেক পৰিমাণৰ কয়লা আমদানি কৰে,ইয়াৰো মূল্য ইতিমধ্যে বৃদ্ধি পাইছে৷

ৰাছিয়া আৰু ইউক্ৰেইনে বিশ্বৰ মুঠ ঘেঁহুৰ ২৫ শতাংশ উৎপাদন কৰি বিশ্বৰ শস্যভঁৰাল বুলি খ্যাত হৈছিল৷ এই পটভূমিত ভাৰতে ঘেঁহু ৰপ্তানি কৰিব পাৰিলেহেঁতেন,কিন্তু ভাৰতত সাৰৰ মূল্য অতিপাত বৃদ্ধি হ’ল৷ অধিকভাৱে ব্যৱহৃত ইউৰীয়া সাৰৰ মূল্য দুগুণতকৈ [১১০ শতাংশ] অধিক বৃদ্ধি হৈছে৷ চীনকে ধৰি বিভিন্ন দেশৰ পৰা ভাৰতে বছৰি পাঁচ নিযুত টন ফ’ছফেটিক সাৰ আৰু ডিএপি সাৰ আমদানি কৰে৷ চীনে বৰ্তমান সাৰ ভাৰতলৈ ৰপ্তানি কৰাত নিয়ন্ত্ৰণ কৰিছে৷ অৰ্থনৈতিক সংস্কাৰৰ পূৰ্বৱৰ্তী কালত জৱাহৰলাল নেহৰু,ইন্দিৰা গান্ধীয়ে ১৯৮০ চনলৈ সাৰ উৎপাদনৰ যিসমূহ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল সেইবোৰ যদি বন্ধ নকৰি চলাই থাকিলেহেঁতেন, আৰু সেইবোৰৰ উন্নতি কৰিলেহেঁতেন,ভাৰতে আজি সাৰৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব পাৰিলেহেঁতেন৷ নব্য-উদাৰ অৰ্থনীতিৰ তত্ত্ব অনুযায়ী ৰাজহুৱা খণ্ডবোৰ উন্নতি নকৰি বন্ধ কৰি দি বা বিক্ৰী কৰি দি সাৰ আমদানি কৰাৰ ফলতে দেশে আজি সাৰৰ ক্ষেত্ৰত এই সংকটৰ সন্মুখীন হ’ব লগা হৈছে৷ আজি সাৰৰ দাম আকাশলংঘী হোৱা বাবে কৃষকে সাৰ ক্ৰয় কৰি খেতি কৰাৰ কথা ভাবিবই নোৱৰা হৈছে৷ কৃষি উৎপাদনৰ খৰচ অত্যধিক বৃদ্ধি হৈছে৷ তদুপৰি আজি কৃষিসামগ্ৰীৰ দাম বজাৰত দ্বিগুণ-তিনিগুণ হৈছে৷ পৰিতাপৰ কথা যে কৃষকসকলে বজাৰত এই বিক্ৰীদামৰ আধাভাগো দাম নাপায়৷ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কৃষিপণ্যৰ উচিত মূল্য পোৱাৰ কোনো মেচিনাৰী আজিলৈ তৈয়াৰ নকৰিলে৷ চৰকাৰৰ বন্ধু বা শাসকীয় দলৰ বন্ধুসকলে নিয়ন্ত্ৰণ কৰে কৃষিপণ্যৰ বজাৰখন৷ মধ্যভোগীৰ ছিণ্ডিকেট আদিয়ে কৃষকক বঞ্চিত কৰে তেওঁলোকৰ প্ৰাপ্য দামৰ পৰা৷ মধ্যভোগী,ব্যৱসায়ী আদিৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কৃষকক তেওঁলোকৰ পণ্যৰ উচিত মূল্যৰ পৰা বঞ্চিতকৰণৰ প্ৰক্ৰিয়াত সহযোগিতা কৰে৷ বিৰোধী দলবোৰেও এই কৃষকক তেওঁলোকৰ পণ্যৰ উচিত মূল্যৰ পৰা বঞ্চিত কৰাৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে কোনো বাধাৰ সৃষ্টি কৰিব পৰা নাই৷

দেশৰ অৰ্থনীতিৰ বৰ্তমান প্ৰৱণতা হ’ল বিকাশৰ নিম্নগামিতা,মূল্যবৃদ্ধিৰ ঊধবৰ্গামিতা৷ ভাৰতৰ মূল্যবৃদ্ধিৰ দ্ৰুতগতি আৰম্ভ হৈছে ইউক্ৰেইনৰ যুদ্ধৰ আগৰে পৰা, সেয়ে এই মূল্যবৃদ্ধি অকল যুদ্ধৰ কাৰণেই নহয়৷ চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বিপৰীতে ইন্ধনৰ ওপৰত অত্যধিক কৰ আৰোপ কৰিছে আৰু ঔষধৰ মূল্যবৃদ্ধিৰ বাবে কোম্পানীবোৰক চৰকাৰী অনুজ্ঞাপত্ৰ দি জনসাধাৰণৰ অচ্ছে দিনৰ কথা আওৰাইছে৷ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে জনসাধাৰণৰ ক্ৰয়ক্ষমতা হ্ৰাস হোৱা বাবে খাদ্য-অনা-খাদ্যসামগ্ৰী অৰ্থাৎ সমস্ত উৎপাদিত সামগ্ৰীৰ বজাৰ চাহিদা হ্ৰাস পাইছে৷ যিটো সমস্যা অৰ্থনীতিৰ বাবে বিপজ্জনক৷ ইয়াৰ ফলত নতুনকৈ কোনো বিনিয়োগ নহ’ব, উৎপাদিত সামগ্ৰী বিক্ৰী নোহোৱা বাবে উদ্যোগ-প্ৰতিষ্ঠানবোৰে উৎপাদন ক্ষমতাৰ পূৰ্ণ ব্যৱহাৰ নকৰিব,পৰিণতিত নতুন কৰ্ম-সংস্থাপন সৃষ্টি দূৰৰ কথা পুৰণি শ্ৰমিক-কৰ্মচাৰীৰ অনেক অংশই কাম হেৰুৱাব৷ আমেৰিকা যুক্তৰাজ্যত সামগ্ৰীবোৰৰ বজাৰ চাহিদা হ্ৰাস পোৱা বাবে বজাৰ চাহিদা বৃদ্ধি কৰিবলৈ সম্প্ৰতি ৰাষ্ট্ৰপতি বাইডেনে এক লাখ নব্বৈ হাজাৰ কোটি ডলাৰৰ উজ্জীৱিত পেকেজ অৰ্থাৎ জনসাধাৰণৰ হাতত পইচা যোৱা পেকেজ প্ৰৱৰ্তন কৰিছে, যিটোৰ ফলত আমেৰিকাৰ বজাৰত চাহিদা তীব্ৰ হাৰত বৃদ্ধি পাব৷ ভাৰতত জনসাধাৰণৰ হাতত প্ৰত্যক্ষভাৱে ধন যোৱা কাৰ্যসূচী গ্ৰহণৰ বিপৰীতে যোৱা বাজেটত মহাত্মা গান্ধী জাতীয় গ্ৰামীণ কৰ্মসংস্থান আঁচনিতো ধন আবণ্টন প্ৰায় ৫০ হাজাৰ কোটি হ্ৰাস কৰিছে৷ মুদ্ৰাস্ফীতিয়ে মানুহক অকল উপযুক্ত খাদ্যসামগ্ৰী, শিক্ষা, স্বাস্থ্য আদিৰ সুবিধাৰ পৰাই বঞ্চিত নকৰে, ইয়ে দেশৰ অধিকাংশ লোকক কৰ্মহীন কৰিব৷ দেশৰ অধিকাংশ লোকেই প্ৰয়োজনীয় নূ্যনতম খাদ্যসামগ্ৰীখিনিয়ে কিনাৰ সামৰ্থ্য হেৰুৱাব৷ পেটৰ অগনিয়ে সবাকো দংশিব৷ পেট্ৰ’ল,ডিজেল, ৰন্ধন গেছৰ ওপৰত অতিৰিক্ত কৰ বহুৱাই অধিক পৰিমাণে ৰাজহ সংগ্ৰহ কৰিছে,আনফালে স্থানীয় কোম্পানীৰ কৰ্প’ৰেট কৰ ৩০ শতাংশৰ পৰা ২২ শতাংশলৈ হ্ৰাস কৰিছে৷ নূ্যনতম বিকল্প কৰ ১৮.প্ত শতাংশৰ পৰা ১৫ শতাংশলৈ হ্ৰাস কৰিছে৷ ইতিমধ্যে চৰকাৰখন ঋণাগ্ৰস্ত হৈ পৰিছে৷ চৰকাৰ মুঠ ঋণ প্ৰায় দেশৰ জিডিপিৰ সমান৷ বৰ্তমান দেশৰ জিডিপি ১৩৫.১০ লাখ টকাৰ বিপৰীতে আভ্যন্তৰীণ ঋণ ১,৩১,৫৮,৪৯০.৩৭ কোটি টকা আৰু বহিঃঋণ ৪,২৯,৪০২.৭৯ কোটি টকা;মুঠ ১,৩৫,৮৭,৮৯৩.১৫ কোটি টকাৰ ঋণ৷ দেশৰ অৰ্থনীতি শ্ৰীলংকাৰ পৰিস্থিতিৰ নিচিনা নহ’লে ৰক্ষা৷ যোৱা বছৰৰ পৰা দেশৰ ৰপ্তানি বৃদ্ধি হৈছে, কিন্তু আমদানিৰ পৰিমাণো বৃদ্ধিৰ ফলত দিনে দিনে বৃদ্ধি হৈ গৈ আছে কাৰেণ্ট একাউণ্ট ঘাটি৷ ২০১১ৰ শেহতীয়া ত্ৰৈমাষিকত যোৱা ন বছৰৰ অধিকতম কাৰেণ্ট একাউণ্ট ঘাটি হৈ ২৩ বিলিয়ন ডলাৰ হৈছে৷ খাৰুৱা তেলৰ মূল্যবৃদ্ধিত অধিক ডলাৰ ওলাই গৈ বাণিজ্য ঘাটি আৰু অধিক পৰিমাণৰ হ’ব৷ দেশৰ অৰ্থনীতিৰ এই পৰিস্থিতিত দেশৰ বৃহৎ পুঁজিপতিসকল সমৃদ্ধিশালী হ’লেও ৮০ শতাংশ লোকৰ দুখ-দুৰ্দশা বৃদ্ধি পাইছে৷ বৃহৎ পুঁজিপতিৰ উন্নতিয়ে দেশৰ উন্নতিত পৰিণত হৈছে৷