Logo
image

৬৭জনৰ চাৰ্জ ফ্ৰেম, দোষমুক্ত ২

এপিএছচি কেলেংকাৰি, কাৰ নাম ল’লে ৰাকেশ পালে

আমাৰ অসম, ২০ এপ্ৰিলঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ হোৱা দালালসহ ৬৭ জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে চলিব আইনী বিচাৰ৷ মঙলবাৰে গুৱাহাটীস্থ বিশেষ ন্যায়াধীশৰ আদালতত এ পি এছ চি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ হোৱা তদানীন্তন অধ্যক্ষ ৰাকেশ পালকে ধৰি ৭৬ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰ আৰোপ [চাৰ্জ ফ্ৰেম]কৰা হয়৷ অৱশ্যে একেটা কেলেংকাৰিৰ গোচৰত ন্যায়াধীশক ৰ কোটি টকা উৎকোচ দি ধৃত অভিযুক্তক জামিনত মোকলাই নিয়াৰ ফন্দি পাতি ডিব্ৰুগড়ত আৰক্ষীৰ হাতত  গ্ৰেপ্তাৰ হোৱা মঙলদৈৰ অধিবক্তা শৈলেন্দ্ৰ শৰ্মা বৰুৱা আৰু ধৃত এ চি এছ বিষয়া পল্লৱী চৌধুৰীৰ স্বামী সুৰজিৎ চৌধুৰীক তথ্য প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰে আদালতে৷ মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতে আইনী বিচাৰৰ বাবে কুখ্যাত ৰাকেশ পাল আৰু সদস্যদ্বয় চামেদুৰ ৰহমান আৰু বসন্ত দলেৰ বিৰুদ্ধে দণ্ডবিধিৰ ১২০ [বি]/৪২০/৪৬৮/৪৭১/২০১ ধাৰা আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭/১৩ [২] ধাৰা আৰোপ কৰে৷ আনহাতে ৫ অভিযুক্ত ক্ৰমে নৱকুমাৰ পাটিৰ, মামুদ আলী চৌধুৰী,পবিত্ৰ কৈৱত্ৰ,আব্বাছ আলী আহমেদ আৰু মুছাৰফ হুছেইনৰ বিৰুদ্ধে দণ্ডবিধিৰ ১২০ [বি]/৪২০/৪৬৮/৪৭১/২০১/১০৯ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭/১২/৮/১৩ [২] ধাৰা আৰোপ কৰে৷ একেদৰে বাকী ৰাজপত্ৰিত বিষয়াসকলৰ বিচাৰৰ বাবে বিৰুদ্ধে আদালতে ভাৰতীয় দণ্ডবিধিৰ ১২০ [বি] /৪৬৮/৪৭১/২০১ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭/১২/৮ ধাৰা আৰোপ কৰে৷ অৱশ্যে গোচৰটোৰ ৩ ৰাজসাক্ষী ক্ৰমে এ চি এছ বিষয়া অভিশিখা বৰুৱা,সঞ্জন ফুকন আৰু এ পি এছ বিষয়া দেৱব্ৰত দে’ৰ বিৰুদ্ধে বৰ্তমান কোনো ধাৰা আৰোপ কৰা নাই৷ ইপিনে দুই অভিযুক্ত ক্ৰমে ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পাল আৰু সুদীপ দাসক পলাতক ঘোষণা কৰিছে৷ উল্লেখ্য,মঙলবাৰে আদালতে দোষমুক্ত ঘোষণা কৰা অধিবক্তা শৈলেন্দ্ৰ শৰ্মা বৰুৱা আৰু সুৰজিৎ চৌধুৰীক ওদালগুৰিত এজন ন্যায়িক বিষয়াৰ পত্নীক এক কোটি টকা উৎকোচ দিবলৈ চেষ্টা চলোৱাৰ টেলিফোনিক বাৰ্তালাপৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ কিন্তু অজ্ঞাত কাৰণত তদন্তকাৰী আৰক্ষী বিষয়াই অভিযুক্তদ্বয়ৰ বিৰুদ্ধে পৃথক এজাহাৰ দাখিল নকৰি আইনী আঁসোৱাহ ৰাখি থৈ গৈছিল৷ আনহাতে সেই সময়ত উচ্ছ ন্যায়ালয়ে তদন্তকাৰী বিষয়াক সংশ্লিষ্ট ন্যায়িক বিষয়াজনক তদন্তৰ আউটিলৈ আনিবলৈ অনুমতি দিয়া নাছিল৷ ফলত আৰক্ষীয়ে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰাত আদালতে দুয়োজনকে দোষমুক্ত ঘোষণা কৰে৷ ৬৭ জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা আৰোপ কৰাৰ সন্দৰ্ভত চৰকাৰী বিশেষ লোক অধিবক্তা প্ৰদ্যুৎ কুমাৰ বৰাই সাংবাদিকৰ আগত কয়–‘এ পি এছ চি নিযুক্তি কেলেংকাৰিৰ গোচৰত আদালতে সৰ্বমুঠ ৬৭ জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰিছে৷ অভিযুক্তসকলৰ বিৰুদ্ধে পৰ্যাপ্ত তথ্য প্ৰমাণ লাভ কৰা হৈছে৷ ৰাকেশ পাল বাহিনীয়ে চাকৰিৰ বাবদ পইচা লোৱাৰ বাহিৰেও ৰাজনৈতিক হেঁচাটো ২-৪ জন প্ৰাৰ্থীক চাকৰি দিছিল৷ বিভিন্ন জাতীয় সংগঠনৰ হেঁচাতো প্ৰাৰ্থী বাছনি কৰিছিল৷ এনে প্ৰাৰ্থীকো বাছনি কৰা হৈছিল যিয়ে প্ৰকৃততে ৮০ নম্বৰহে লাভ কৰিছিল৷ কিন্তু বাছনি কৰাৰ বাবে প্ৰাৰ্থীজনক ৮০ নম্বৰক ২৮০ নম্বৰলৈ বৃদ্ধি কৰা হৈছিল৷ ফলত বহু মেধাৱী প্ৰাৰ্থী চাকৰি লাভ কৰাৰ পৰা বঞ্চিত হ’ল৷ ফলত সমাজে ভাল বিষয়া লাভ নকৰিলে৷ অৱশ্যে নতুন চৰকাৰে অতি সাহসেৰে দুৰ্নীতি-কেলেংকাৰি ৰোধ কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয় বিষয়টো হৈছে কুখ্যাত ৰাকেশ পালে আদালতত দিয়া জবানবন্দীত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ ৰাজনৈতিক নেতাৰ লগতে জাতীয় সংগঠন নেতাই দিয়া হেঁচাৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰাৰ কথা স্বীকাৰ কৰিছে৷ ৰাকেশ পালে নাম লোৱা ৰাজনৈতিক হেঁচা লাভ কৰা কংগ্ৰেছ দলৰ এজন নেতাৰ বৰ্তমান মৃত্যু হৈছে যদিও আন এজন নেতা বৰ্তমানেও ৰাজনীতিৰ পথাৰত ঘূৰি আছে৷ কিন্তু অতি আশ্বৰ্যজনকভাৱে ৰাকেশ পালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৰ্তমানেও জে’লতে বন্দী কৰি ৰাখিছে যদিও আজিলৈকে ৰাকেশ পালে নাম লোৱা কোনো এজন ৰাজনৈতিক নেতা আৰু জাতীয় সংগঠনৰ নেতাক গ্ৰেপ্তাৰটো দূৰৰে কথা প্ৰাথমিক সোধা-পোছা কৰিবলৈও সাহস নকৰিলে তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে৷ দিছপুৰৰ হেঁচাতে তদন্তকাৰী বিষয়াজনে এনে ৰাজনৈতিক তথা জাতীয় সাংগঠনিক নেতাক ৰেহাই দিয়া বুলিও অভিযোগ উঠিছে৷ ইপিনে এ পি এছ চি কেলেংকাৰি গোচৰটোৰ চৰকাৰী বিশেষ লোক অধিবক্তাৰ দায়িত্বৰ পৰা স্বাস্থ্যগত কৰাত অব্যাহতি বিচাৰিছে নগাঁৱৰ বিশিষ্ট অধিবক্তা প্ৰদ্যুৎ কুমাৰ বৰাই৷