Logo
image

কলাভূমিৰ সঞ্চালক পি পি বৰা মানুহজন

অইল ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য অভিযন্তা, চলচ্ছিত্ৰ সমালোচক,পৰিচালক,কলাভূমিৰ সঞ্চালক পি পি বৰা সৌ সিদিনা নীৰৱে গ’লগৈ৷ সাংস্কৃতিক সংগঠক প্ৰফুল্ল প্ৰসাদ বৰাক সকলোৱে পি পি বৰা হিচাপে চিনি পায়৷ হৃদৰোগত আক্ৰান্ত হৈ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত ১৭ এপ্ৰিলত দিনৰ ৰ বজাত তেওঁৰ জীৱন নাটৰ সামৰণি মাৰে পি পি বৰাই৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ৷ অইলৰ মুখ্য অভিযন্তাৰ পদত অধিষ্ঠিত হৈও তেওঁ সাংস্কৃতিক জগতখনত নীৰৱে কাম কৰি গৈছিল৷ উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ নৃত্য প্ৰশিক্ষণ প্ৰতিষ্ঠান কলাভূমিৰ দৰে  অনুষ্ঠান গঢ় দি বিশ্ববিশ্ৰুত শিল্পী ভূপেন হাজৰিকাৰ হাতেৰে ১৯৮২ চনত শুভাৰম্ভ কৰিছিল তাৰ সোণসেৰীয়া যাত্ৰা৷ দুলীয়াজান ফিল্ম ছ’চাইটিৰ জন্ম দিওঁতা পি পি বৰা অইলৰ প্ৰখ্যাত জননী ক্লাবৰো অন্যতম গুৰি ধৰোঁতা আছিল৷ বিশিষ্ট সাংস্কৃতিক সংগঠকগৰাকীয়ে ‘চিনেমা ইন আছাম’ শীৰ্ষক গ্ৰন্থখনো প্ৰণয়ন কৰিছিল৷ পি পি বৰাৰ পিতৃ লক্ষ্মীনাথ বৰাই ১৯২০ চনতে কলকাতা বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ত শিক্ষাগ্ৰহণ কৰিছিল৷ পি পি বৰাৰ ককাক গোপীনাথ বৰা মোনাবাৰী অঞ্চলৰ এগৰাকী নামজ্বলা জমিদাৰ আছিল৷ গতিকে এটা সু-সংস্কৃতিক পৰিয়ালত জন্মগ্ৰহণ কৰা পি পি বৰাই কলাভূমিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল৷ তেওঁ সংগীতসত্ৰৰ ৰূপালী জয়ন্তী উৎসৱৰ সম্পাদক আছিল৷ কলাভূমিৰ যোগেদি বহু ন-শিকাৰু নৃত্যশিল্পীক একোগৰাকী পাকৈত ভাৰত নাট্যম নৃত্যশিল্পী বা সত্ৰীয়া শিল্পী হিচাপে গঢ়ি তুলিছিল৷ পি পি বৰাৰ আন এক চিনাকি হ’ল বিখ্যাত নৃত্য পটীয়সী, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক পদ্মশ্ৰী গুৰু ইন্দিৰা পি পি বৰাৰ স্বামী আৰু বিছমিল্লাখাঁ একাডেমী যুৱ পুৰস্কাৰপ্ৰাপক মেনকা পি পি বৰাৰ পিতৃ৷ পি পি বৰা আৰু ইন্দিৰা পি পি বৰাৰ উদ্যোগতে গঢ়ি উঠিছিল নৃত্য প্ৰশিক্ষণ অনুষ্ঠান কলাভূমি৷ শিৱসাগৰৰ প্ৰসিদ্ধ চাহ খেতিয়ক কামাখ্যা প্ৰসাদ বৰুৱাৰ বৰজীয়ৰী ইন্দিৰা বৰুৱাই বিবাহসূত্ৰে স্বামীৰ নামতো নিজৰ নামৰ লগত সংযোগ কৰি ইন্দিৰা পি পি বৰা কৰে৷ আজি আমি যিগৰাকী পদ্মশ্ৰী ইন্দিৰা পি পি বৰাক জানো বা অসমে যিগৰাকী ইন্দিৰাক লৈ  গৌৰৱ কৰে তেওঁৰ এই সাফল্যৰ আঁৰৰ ব্যক্তিজনেই হ’ল প্ৰয়াত পি পি বৰা৷ ২০১৯ চনত পি পি বৰাৰ পৰিয়ালটো লণ্ডনলৈ যায় আৰু তাৰ পাছৰ পৰা পৰিয়ালটো মুম্বাইত নিগাজীকৈ থাকিবলৈ লয়৷ মুম্বাইত থকা কালতে পি পি বৰাই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয়৷ জুহুৰ পৱন হেন্‌ছ ক্ৰিমেটৰিয়ামত পত্নী ইন্দিৰা পি পি বৰা,কন্যা মেনকা পি পি বৰাৰ উপস্থিতিত তেওঁৰ অন্ত্য়েষ্টিক্ৰিয়া সম্পন্ন হয়৷ পি পি বৰাৰ স্বনামধন্য কন্যা মেনকা পি পি বৰাই মুখাগ্নি কৰা শেষকৃত্য অনুষ্ঠান পাঁচজন পুৰোহিতৰ মংগলধবনিৰ মাজেৰে সম্পন্ন হয়৷ উল্লেখ্য যে অইলৰ উচ্চপদস্থ চাকৰিকো উপেক্ষা কৰি পি পি বৰাই কৃচ্ছ্ৰসাধনাৰে গুৰু ইন্দিৰাৰ লগ হৈ কলা কলাকৈ কলাভূমিক গঢ় দিছিল৷ তেওঁৰ কন্যা মেনকাই ইতিমধ্যে লণ্ডন,আমেৰিকা,ফ্ৰান্স,অষ্ট্ৰেলিয়া আদি দেশত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি গ্লোবেল ডান্সাৰ হিচাপে খ্যাতি অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ সাংস্কৃতিক সংগঠক,পৰিচালক তথা অভিনেতাজনৰ আকস্মিক মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে৷