Logo
image

তিনি প্ৰজন্মৰ সম্পত্তিৰ পাহাৰ

আমাৰ অসমঃ ভাৰতৰ আম্বানি পৰিয়ালে তিনিটা প্ৰজন্মত সম্পত্তিৰ যি পাহাৰ বনাইছে তাৰ কাষ চাপিব পৰা নাই এছিয়াৰ কোনো ধনকুবেৰৰ পৰিয়াল৷ বিশ্বৰ বিছ নম্বৰ ধনাঢ্যৰ তালিকাত থকা আম্বানি পৰিয়ালৰ তিনিটা প্ৰজন্ম ক্ৰমে ধীৰুভাই আম্বানি, মুকেশ আম্বানি আৰু তেওঁলোকৰ সন্তান ঈষা, আকাশ আৰু অনন্তৰ তিনিটা প্ৰজন্মৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৭ হাজাৰ ৬০০ কোটি মাৰ্কিন ডলাৰ পৰিমাণৰ৷ এছিয়াৰ মুঠ বিশটা ধনকুবেৰৰ পৰিয়ালৰ সম্পত্তিৰ হিচাপ ব্লুমবাৰ্গে আগবঢ়াইছে৷ তাৰ শীৰ্ষস্থানত আছে আম্বানি পৰিয়াল৷ দ্বিতীয় স্থানত থকা হংকঙৰ কোওক পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩ হাজাৰ ৩০০ কোটি মাৰ্কিন ডলাৰ, তৃতীয় স্থানত থকা থাইলেণ্ডৰ চিয়াৰাভানন্ত পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩ হাজাৰ ১৭০ কোটি মাৰ্কিন ডলাৰ, চতুৰ্থ স্থানত থকা ইণ্ডোনেছিয়াৰ হাৰ্টোনো পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ ৩ হাজাৰ ১৩০ কোটি মাৰ্কিন ডলাৰ, পঞ্চম স্থানত থকা দক্ষিণ কোৰিয়াৰ লী পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ হৈছে ২ হাজাৰ ৬৬০ কোটি মাৰ্কিন ডলাৰ৷ এই তালিকাত ভাৰতৰ দুটা পৰিয়াল ক্ৰমে অষ্টম স্থানত আছে হিন্দুজা পৰিয়াল আৰু ষোল্ল সংখ্যক স্থানত আছে পালোনজী মিস্ত্ৰী পৰিয়াল৷ উল্লেখ্য, চীনৰ ধনকুবেৰ আলিবাবাৰ মুৰব্বী জেক মা আৰু টেনচেণ্টৰ মুৰব্বী পনি মাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই কিয়নো তেওঁলোক প্ৰথম প্ৰজন্মৰহে ধনকুবেৰ৷