Logo
image

২ লাখ ৭২ হাজাৰ টকীয়া আম!

আমাৰ অসম, ৪ ডিচেম্বৰঃ ‘আমক ফলৰ ৰজা’ বুলি আখ্যা দিয়া হয়৷ চলিত বৰ্ষত ঘূৰ্ণিবতাহৰ বাবে বিভিন্ন ঠাইত আম খেতিৰ ব্যাপত ক্ষতি হয়৷ আনহাতে কৰ’নাসৃষ্ট পৰিৱেশে আমাৰ বজাৰ মূল্য হ্ৰাস কৰে৷ ভাৰতবৰ্ষত বিভিন্ন প্ৰজাতিৰ ফল পোৱা যায়৷ কিন্তু বিশ্বৰ সকলোতকৈ বেছি মূল্যৰ আম ভাৰতত উপলব্ধ নহয়৷ এক কিলো আমৰ দাম শুনিলেই এয়া এক আজৱ কথা যেন লাগিব৷ ‘এগ অৱ দ্যা চান’ এই প্ৰজাতিৰ আম বিশ্বৰ আটাইতকৈ দামী আম৷ এই প্ৰজাতিৰ আম খেতিৰ বাবে জাপানৰ মায়াজাকি অঞ্চল প্ৰসিদ্ধ৷ প্ৰতি বছৰে এই আমৰ নিলাম কৰা হয়৷ নিলাম বজাৰত  মূল্য আকাশলংঘী হৈ পৰে৷ এই প্ৰজাতিৰ দুটা আমৰ মূল্য নিলাম বজাৰত ৩৬০০ ডলাৰলৈ উঠে৷ অৰ্থাৎ ভাৰতীয় হিচাপত ২ লাখ ৭২ হাজাৰ টকা৷ এটা আমৰ ওজন আছিল ৩৫০ গ্ৰাম৷ অৰ্থাৎ মাত্ৰ ৭০০ গ্ৰাম আমৰ মূল্য ২ লাখ ৭২ হাজাৰ টকা৷