Logo
image

ৰূপম অসম গুলীবিদ্ধ জ্ঞান অসম নিহত

কাকপথাৰত পুৱা আলফা-সেনাৰ সংঘৰ্ষ

আমাৰ অসম, ২ জুলাইঃ পুনৰ আলফাৰ তেজেৰে ৰাঙলী হ’ল তিনিচুকীয়াৰ কাকপথাৰ৷ সেনাৰ সৈতে আলফা [স্বা]ৰ বিত্ত বিভাগৰ সহকাৰী সচিবৰ দায়িত্বত থকা লেফটেনেণ্ট কৰ্ণেল ৰূপম অসমৰ নেতৃত্বত আলফাৰ এটা ৬ জনীয়া দলৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীত নিহত হয় জ্ঞান অসম ওৰফে সন্তোষ গগৈ৷ গুলীবিদ্ধ হয় ৰূপম অসমসহ চাৰি দুৰ্ধৰ্ষ কেডাৰ৷ তিনিচুকীয়া জিলাখন দীৰ্ঘদিন শান্ত হৈ থকাৰ পিচত আজি হঠাতে কাকপথাৰ আৰক্ষী থানাৰ পৰা প্ৰায় পাঁচ কিমি নিলগৰ দ-পথাৰ মাজ গাৱঁত সেনা আৰু আৰক্ষীৰ সৈতে হোৱা আলাফা প্ৰচণ্ড গুলীয়াগুলীত পুনৰ আতঙ্কময় পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ কাকপথাৰ অঞ্চলত৷ জানিবপৰামতে দ-পথাৰ মাজ গাৱঁত আলফা [স্বা]ৰ এটা দলে বাহৰপাতি থকাৰ খৱৰ লাভ কৰি  সেনাবাহিনীৰ দুজন লোক অ-সামৰিক পোছাকত আহি ঠাই দোখৰৰ গতিবিধি নিৰীক্ষণ কৰি আলফই বাহৰপাতি থকাৰ কথা নিশ্চিত হোৱাত১৪নং অসম ৰেজিমেণ্টৰ কাকপথাৰ আৰু ডিৰাক সেনা চাউনিৰ লগতে কাকপথাৰ আৰক্ষীক খৱৰ দিয়ে৷ খৱৰ পোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীৰ এটা দল গাওঁখনত প্ৰৱেশ কৰি আশ্ৰয় লৈ থকা ঘৰটোত অভিযান চলাবলৈ লওঁতেই আলফাৰ দলটোৱে নিৰাপত্তাৰক্ষী দলটোলৈ লক্ষ্য কৰি দুটাকৈ গ্ৰেণেড নিক্ষেপ কৰাৰ সমান্তৰালভাৱে প্ৰচণ্ড গুলীচালনা কৰি ঘৰৰ পিচফালৰ পথাৰেৰে পলায়ন কৰিবলৈ চেষ্টা কৰে৷ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰাত এজন আলফা সদস্য গুলীবিদ্ধ হয়৷ গুলীবিদ্ধ আালফা সদস্যজনক আলফাৰ দলটোৱে লগত লৈ যাবলৈ চেষ্টা কৰিছিল যদিও সদস্য জনৰ মৃত্যু হোৱাত বন্দুকটো লৈ দলটো পথাৰৰ মাজেৰে পলায়ন কৰে ৷ লগে লগে সেনা আৰু আৰক্ষীয়ে আলফাৰ দলটোৰ পিচ লয় যদিও প্ৰতিকুল পৰিৱেশৰ সুবিধা লৈ দলটো পলায়ন কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ এটা সুত্ৰই আলফা দলটোৰ আৰু দুজন সদস্য নিৰাপত্তাৰক্ষীৰ গুলীত আহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ আলফাৰ ছয় জনীয়া এটা দল আজি কাহিলি পুৱা গওঁখনৰ বাবা চাংমাই নামৰ ব্যক্তিজনৰ ঘৰত উপস্থিত হৈ নিজকে আলফা বুলি পৰিচয় দি আশ্ৰয় গ্ৰহণ কৰাৰ লগতে পুৱা আহাৰো গ্ৰহণ কৰা বুলি বাবা চাংমাইৰ পৰিবাৰ সংগীতা চাংমাইয়ে জানিবলৈ দিয়ে৷ গুলীয়াগুলীৰ সময়ত ঘৰটোৰ ভিতৰত দুটি শিশুকে ধৰি পৰিয়ালৰ পাঁচজন সদস্য উপস্থিত আছিল আৰু দৈব ক্ৰমে পৰিয়ালটো ৰক্ষা পৰে৷ সেনা আৰু আৰক্ষীয়ে ঘৰটোৰ ভিতৰত অভিযান চলাই দলটোৰ দুটা বেগ উদ্ধাৰ কৰাৰৰ সমান্তৰালভাৱে নিহত হোৱা সদস্যজনৰ ওচৰত অন্য দুটা বেগ উদ্ধাৰ কৰে৷ বেগ কেইটাৰ ভিতৰত আই ই ডি আৰু গ্ৰেণেড থকাৰ সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তাৰক্ষীয়ে৷ আনহাতে আলফাৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ দলটোক বাধা দিবলৈ পথাৰৰ মাজত কেইবাটাও গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে ধাৰাসাৰ গুলীবৰ্ষণ কৰা বুলি জানিবপৰা গৈছে ৷ নিহত সদস্যজনক শদিয়া বচা গাৱঁৰ জ্ঞান অসম উৰফে সন্তোষ গগৈ বুলি জানিবপৰা গৈছে৷ সেনাৰ সুত্ৰৰ পৰা জানিবপৰা মতে  আলফা[স্বা]ৰ বিত্ত বিভাগৰ সহকাৰী সচিবৰ দায়িত্বত থকা লেফটেনেণ্ট কৰ্ণেল ৰুপম অসমৰ নেতৃত্বত উদয় অসম,মৃগাংক অসম,ৰিকু অসম, জ্ঞান অসমে আজি ঘৰটোত আশ্ৰয় লোৱাৰ নিশ্চিত তথ্য লাভ কৰে সেনাবাহিনীয়ে৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু সেনাবাহিনীৰ উচ্ছপদস্থ বিষয়া আহি ঘটনাস্থলী পৰ্যবেক্ষণ কৰাৰ লগতে অভিযান সন্দৰ্ভত বুজ লয় ৷নিৰাপত্তাৰক্ষীয়ে  পলায়ন কৰা দলটোক কৰায়ত্ত কৰিবলৈ অঞ্চলটোত অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ সেনা আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰামতে আলফা [স্বা]ৰ দলটো জিলাখনত কুটাঘাটমূলক কাৰ্য সংঘঠিত কৰাৰ উদ্দেশ্যৰে গাওঁখনত প্ৰৱেশ কৰিছিল৷ আজিৰ এই ঘটনাই বৃহত্তৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷