Logo
image

কোৰবানিত গৰু-ঊট নিষেধ হো হোৱাই বাঢ়িল ছাগলীৰ দাম

আজমলৰ আহ্বানৰ পাছতেই চৰকাৰী নিষেধাজ্ঞা জাৰি

আমাৰ অসম, ৯ জুলাইঃ গৰু, ঊট তথা অন্যান্য জন্তু কোৰবানিত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত ৰাজ্যৰ ছাগলীৰ বজাৰত হো হোৱাই বাঢ়িল ছাগলীৰ দাম৷ ৰাজ্যৰ চৰকাৰৰ এছ অ’পি ৰাজহুৱা হোৱাৰ পাছতে অসমৰ উজনি নামনি সকলো ঠাইৰ বজাৰত অভাৱনীয়ভৱে বৃদ্ধি পাইছে ছাগলীৰ দাম৷ কামৰূপ জিলাৰ বকো, নগৰবেৰা, বৰপেটাৰ বহৰি, মন্দিয়া, কলগাছিয়া, ধুমাৰপুৰত শুকুৰবাৰে বিয়লি হঠাৎ বৃদ্ধি পাইছে ছাগলীৰ দাম৷ কেন্দ্ৰীয় চৰকাৰে গৰু, ঊট বা অন্যান্য জন্তুৰ অবৈধ হত্যা বা কোৰবানীত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও আকস্মিকভৱে বৃদ্ধি পাইছে ছাগলীৰ দাম৷ আজমলে কোৰবানীত গো বাদ দিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিততে হয়তো বাঢ়িছে ছাগলীৰ চাহিদা৷ ইতিমধ্যে, একাংশ মধ্যভোগীও তৎপৰ হৈছে ছাগলী ক্ৰয়ৰ জৰিয়তে মুনাফা অৰ্জন কৰিবলৈ ৰাজ্যৰ ছাগলী পাম, ছাগলী পালকৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে ছাগলীৰ বেপাৰী৷ উল্লেখ্য, কোৰবানীত গো বাদ দিবলৈ ইউডিএফ মুৰব্বী বদৰুদ্দিন আজমলে আহ্বান জনোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে ঈদত গৰু, ঊট আৰু অন্যান্য জন্তু অবৈধভাৱে হত্যা কৰা বা কোৰবানী দিয়ত নিষেধাজ্ঞা আৰোপ কৰি জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত কঠোৰ নিৰ্দেশ দি জাননী জাৰি কৰিছে গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিবে৷ চাৰি জুলাইত গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা বি এল বি ২০৭/২০১৭/১৫৫ নম্বৰৰ জাননীত কোৱা হয় যে কেন্দ্ৰীয় চৰকাৰে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰণালয়ে গৰু, ঊট তথা আন জন্তু অবৈধভাৱে হত্যা কৰা বা কোৰবানী দিলে ট্ৰেন্সপৰ্ট অৱ এনিমেল ৰুল ভংগ কৰা বুলি গণ্য কৰি আইনগত ব্যৱস্থা লোৱা হ’ব৷ এই বিষয়ত নিজৰ নিজৰ এলেকাত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তীক্ষ্ণ নজৰ দিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে৷ ইফালে, বদৰুদ্দিন আজমলে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই মনে মনে গো-মাংস খায় বুলি কৰা মন্তব্য কৰা বাবে আজমলৰ বিৰুদ্ধে বৰাকত গোচৰ ৰুজু কৰিছে কংগ্ৰেছ বিধায়কজনে৷