Logo
image

বৰপেটাৰোডত স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ শুভাৰম্ভ

আমাৰ অসম, ১১ জুলাইঃ জি এল আগৰৱালা– নামেই যাৰ পৰিচয়৷ অসমৰ সংবাদজগত আৰু সমাজ জীৱনৰ বাবে স্বপ্নদ্ৰষ্টা জি এল আগৰৱালা এটি গৌৰৱোজ্জ্বল তথা সন্মানীয় নাম৷ যাৰ নাম শুনিলেই অসমৰ সংবাদজগত, বাণিজ্য, সমাজ, ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ ক্ষেত্ৰত আমি সকলোৱে একমুখে স্বীকাৰ কৰিব লাগিব যে এনে এগৰাকী লোক অনা-অসমীয়া হৈও কিদৰে অসমক আপোন কৰি লৈ নিজৰ জন্মভূমি বুলিয়েই আজীৱন নিঃস্বাৰ্থ মনোভাৱেৰে কৰ্মযোগ আৰু সাধনাৰ জৰিয়তে নিজকে চিৰস্মৰণীয় কৰি থৈ গ’ল৷ তেওঁৰ কৰ্মৰ প্ৰতি মানসিক স্পৃহা, অসমৰ সমাজখনৰ উন্নতিৰ বাবে কৰা অক্লান্ত পৰিশ্ৰম, চিন্তাশীল ধ্যান-ধাৰণা, সৃষ্টিশীল কৰ্মৰ প্ৰতি সাধনা আৰু ভগৱৎ চিন্তাশক্তিৰ প্ৰাচুৰ্যতাৰে পৰিপুষ্ট হৈ অসমীয়া সমাজখনক উন্নতিৰ জখলাৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি মনোবল তথা কৰ্মৰ ধাৰাবাহিক গতি তাক আমি সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিবই লাগিব৷ সুদীৰ্ঘ দিন কৰ্কটৰ দৰে জটিল  ৰোগত আক্ৰান্ত হৈ থকা সত্ত্বেও তেওঁৰ এই কৰ্মশক্তিক কোনেও স্তব্ধ কৰিব পৰা নাছিল৷ তেওঁৰ কৰ্মোদ্যমক আমি সঁচাকৈয়ে শলাগ ল’বই লাগিব৷ অসুখীয়া দেহাৰে ইটোৰ পিছত সিটো সামাজিক ক্ষেত্ৰৰেই হওক অথবা আধ্যাত্মিক ক্ষেত্ৰৰেই হওক যিকোনো গঠনমূলক কৰ্মত সদায় অৰিহণা যোগাই অহা এইগৰাকী কৰ্মযোগী সাধক পুৰুষক আমি কলাগুৰু বিষ্ণুৰাভা অথবা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত তুলনা কৰিলেও আমাৰ অত্যুক্তি কৰা নহয় –এই ভাষ্য  অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীৰ৷ দেওবাৰে বৰপেটাৰোডত জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ শুভাৰম্ভ কৰি তেওঁ আৰু কয়–জি এল আগৰৱালাৰ দৰে মহান ব্যক্তিৰ আদৰ্শসমূহ আমাৰ সমাজ জীৱনত অতি অপৰিহাৰ্য৷ সমাজৰ উত্তৰণ তথা দেশৰ জাতীয়তা, ভাষা-সাহিত্য-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত এনে ব্যক্তিৰ মহান আদৰ্শসমূহ আমাৰ নতুন প্ৰজন্মৰ উন্নতিৰ বাহক স্বৰূপ৷ বাস্তৱ এই মায়াময় পৃথিৱীখনত জন্ম আৰু মৃত্যু চিৰন্তন সত্য আৰু সনাতন৷ সৃষ্টিকৰ্তা ভগৱানৰ সৃষ্টিৰ বিধান অনুসৰি মানুহ এই পৃথিৱীলৈ আহে আৰু নিৰ্দিষ্ট কাল অনুসৰি পুনৰ গতিও কৰে৷  অতি সীমিত সময়ৰ ভিতৰতে তেওঁলোকে নিজৰ পাৰ্থিৱ জীৱনৰ কৰ্ম-ধৰ্ম তথা সামাজিক দায়ৱদ্ধতা অথবা কৰ্তব্যবোধৰ পৰিচয় দাঙি ধৰি পৃথিৱীত এক মহান আদৰ্শৰ ভেটি সুদৃঢ় কৰি গঢ়ি থৈ যায়৷ ভগৱান প্ৰেৰিত দূত হিচাপে নিজৰ জন্মভূমি তথা দেশ আৰু সমাজখনৰ অগ্ৰগতি সাধন কৰাৰ বাবে জাতিটোৰ জাতীয়তা -ভাষা-সাহিত্য-সংস্কৃতি তথা জাতীয় ঐতিহ্য সমূহ নিজৰ কৰ্মশক্তি তথা আত্মত্যাগৰ মহিমাৰে দোপতদোপে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা দেখা যায়৷ এই কথা আন নালাগে আমাৰ দেশত ১৯০০ শতিকাত অসমৰ বুকুত জন্মগ্ৰহণ কৰা অসমৰ সমাজ জীৱন তথা ভাষা-সাহিত্য-সংস্কৃতিৰ সুদৃঢ় ভেটি তৈয়াৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি পৃথিৱীত এৰি থৈ যোৱা আমাৰ অতি সন্মান-মৰম আৰু শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অন্যতম৷ তেওঁলোকৰ পিছতে আজি আমাৰ অসমৰ সমাজ জীৱনত অতি দক্ষতাৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অসমীয়া ভাষ-সাহিত্য-সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত অফুৰন্ত কৰ্মশক্তিৰ সাধক হিচাপে প্ৰতিভাত হোৱা সদ্যপ্ৰয়াত ঘিচালাল আগৰৱালাকো  [জি এল আগৰৱালা]  আমি ওপৰোক্ত মহান পুৰুষ দুগৰাকীৰ ভিতৰত ধৰিব পাৰো৷ জন্মলগ্নতে কোনো সফল অথবা বিফল হৈ নাহে৷ কৰ্মৰ সম্ভাৱনাৰ বীজহে লগত লৈ আহে৷ অৰ্থাৎ চিন্তাশীল সাধনা-কৰ্মদক্ষতা মানৱীয় প্ৰমূল্যবোধৰ উপলব্ধি তথা মানৱীয় শিষ্টাচাৰ সমূহ আয়ত্ত কৰি ভগৱৎ জ্ঞানৰ অনুশীলন কৰাৰ বাবে প্ৰৱল হেঁপাহ থকা লোকেহে নিজৰ কৰ্মস্পৃহাক সমাজৰ হিতৰ অৰ্থে লগাব পাৰে৷ ভগৱৎ সাধনা বা জ্ঞান প্ৰাণত উজ্জীৱিত হ’লেহে মানুহে পাৰ্থিৱ জীৱনত সফলতা অৰ্জন কৰিব পাৰে৷ যাৰ ফলত ভৱিষ্যত প্ৰজন্মৰ বাবে আদৰ্শৰ প্ৰতীক হিচাপে অথবা এগৰাকী মহৎ পুৰুষৰ স্বীকৃতিৰে পৃথিৱীত চিৰস্মৰণীয় হৈ মানৱ জীৱনৰ সফলতা লাভ কৰিব পাৰে৷ অন্যথা মানুহে সফলতাৰ পৰিৱৰ্তে পদে পদে বিফল হ’বলগীয়াত পৰে৷ এই কথা আমাৰ বহুতো বিখ্যাত কবি সাহিত্যিকে সময়ে সময়ে ব্যক্ত কৰি থৈ গৈছে৷ শুধ বগা, সুমাৰ্জিত তথা সুন্দৰ পোছাক পৰিহিত সুঠাম কাৰ্যক্ষম অৰ্থাৎ কৰ্ম সংস্কৃতিক প্ৰথমে আগস্থান দিয়া মানসিকতাৰে আগবাঢ়ি অহা এইগৰাকী কৰ্মযোগী পুৰুষ বংশানুক্ৰমে অনা-অসমীয়া হ’লেও তেওঁৰ মন-প্ৰাণ উজ্জীৱিত হৈ আছিল মানৱ প্ৰেমৰ ফল্গু ধাৰাৰে৷ অসম মাতৃভূমি অথবা অসমীয়া সমাজখনৰ বাবে তেওঁৰ আছিল অগাধ প্ৰেম আৰু উন্নতিৰ সপোন দেখা এগৰাকী দূৰদৰ্শী সমাজ অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰো সকলো ক্ষেত্ৰতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আজি কেইবাবছৰো ধৰি অনুষ্ঠানটোক জাকত-জিলিকা কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি বহুতো আৰ্থিক অৱদানেৰে সমৃদ্ধ কৰি তুলিব খোজা এইগৰাকী কৰ্মৰ স্বপ্ন দেখা সমাজপ্ৰেমী পুৰুষক আমি কোনোদিনেই পাহৰিব নোৱাৰিম৷ ২০১২-১৩ চনত বৰপেটাৰোডত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশনখনেই তাৰ প্ৰমাণ৷ অসমৰ সমাজ জীৱনৰ বাবে কাম কৰিবলৈ গৈ তেওঁ প্ৰথমে  সংবাদক্ষেত্ৰখনকে বাছি লৈছিল৷ ‘আমাৰ অসম’ কাকতখনৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰি অসমৰ সংবাদ জগতখনত এক বিশেষ ভূমিকাৰে জীৱনৰ শেষ সময়লৈকে কৰ্তব্যৰত হৈ আছিল৷ আনহাতে তেওঁ হিন্দী দৈনিক ‘মেঘালয় গাৰ্ডিয়ান’ৰ মুখ্য সম্পাদকৰ দায়িত্বত থাকিও সংবাদক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াইছে৷ অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত অসমীয়া বিশ্বকোষ প্ৰকাশনৰো আহ্বায়ক ৰূপে থাকি কৰ্মৰ মান অটুট ৰাখিছিল৷ ইয়াৰ উপৰি কেৱল সমাজৰ উন্নতিৰ সাধক ৰূপেই নহয় সাহিত্য সৃষ্টিৰ ক্ষেত্ৰতো অসমৰ সাহিত্য জগতখনৰো বিশেষ ধৰণে উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে৷ তেওঁৰ বহুতো চিন্তা তথা সৃষ্টিশীল লেখা সাহিত্যই অসমৰ সাহিত্যৰ ভঁড়াল টনকিয়াল কৰিছে৷ তাৰ ভিতৰত– বৰপেটা জিলাৰ থান-সত্ৰ আৰু মঠ মন্দিৰ,  যুগস্ৰষ্টা জ্যোতিপ্ৰসাদ, দেশ-বিদেশৰ ৰং বুটলি, সময়ৰ বালিত ৰৈ যোৱা ছাঁ, অসমীয়া ভাষা প্ৰয়োগ আদি প্ৰধান৷ বৰপেটাৰোড সাহিত্য সভাই তেওঁৰ জীৱিত কালতেই প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল যদিও সেয়া সম্ভৱ নহ’ল৷ আজি বৰপেটাৰোড সাহিত্য সভাৰ যেন সপোন সম্পূৰ্ণ হ’ল! এই ক্ষেত্ৰত বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে ওতঃপ্ৰোতভাৱে জড়িত থকাৰ বাবেই আজি সেয়া সম্ভৱ হৈছে৷ বৰপেটাৰোডৰ নিজৰ কৃতিত্বৰে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা আৰু সমাজ জীৱনত বিশেষ অৱদান থকা বৃহত্তৰ বৰপেটাৰোডৰ ব্যক্তিসকলক উৎসাহিত কৰাৰ মানসেৰে ২০০৯ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে বৰপেটাৰোড সাহিত্য প্ৰকাশৰ দ্বাৰা মানাহপৰীয়া বঁটা প্ৰদান কৰা হৈছিল আৰু প্ৰথমবাৰৰ এই বঁটা প্ৰদান কৰা হৈছিল বৰপেটাৰোডৰ সু-সন্তান তথা জি এল পাব্লিকেশ্যনৰ পৰিচালন সঞ্চালক জি এল আগৰৱালাক৷ আনহাতে বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহুৱে প্ৰতিবছৰে প্ৰদান কৰা বৰপেটাৰোড সমন্বয় সন্মান বঁটা ২০১৪ চনত জি এল আগৰৱালাক প্ৰদান কৰা হৈছিল৷ বৰপেটাৰোডৰ সু-সন্তান জি এল আগৰৱালাৰ কৰ্মজীৱন সকলোৰে বাবে প্ৰেৰণাদায়ক৷ জীৱন কালত আগৰৱালাই একান্ত নিষ্ঠা আৰু একাগ্ৰতাৰে অসমৰ সমাজ জীৱনৰ বিভিন্ন দিশলৈ যি অনবদ্য সেৱা আগবঢ়াই গ’ল সেয়া অসমৰ ইতিহাসৰ পৃষ্ঠাত চিৰদিন সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব৷ ১৯৪০ খৃষ্টাব্দৰ ১৯ ছেপ্টেম্বৰ বৰপেটাৰোডত জন্মগ্ৰহণ কৰা জি এল আগৰৱালা অকল ব্যক্তি নহয়, এক বৃহৎ অনুষ্ঠান৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ তেওঁৰ অৱদান অপৰিসীম আৰু অতুলনীয়৷ অসম সাহিত্য সভাৰ সৈতে একাত্মবোধ হৈ যি মহান সেৱা আগবঢ়ালে তাৰ মূল্য নিৰ্ণয় কৰা কেতিয়াও সম্ভৱ নহয়৷  বিশ্বকোষৰ পাঁচটা খণ্ড আৰু ষষ্ঠ খণ্ডৰ নব্বৈ শতাংশ কাম কৰি  বিশ্বকোষ প্ৰকাশ কৰা কাৰ্যও অসমৰ জাতীয় ইতিহাসৰ অন্যতম কীৰ্তি৷ সমাজ জীৱনৰ বিভিন্ন দিশলৈ যি অনবদ্য সেৱা আগবঢ়াই গ’ল সেয়া অসমৰ ইতিহাসৰ পৃষ্ঠাত চিৰদিন সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব৷ অসমৰ বিভিন্ন ঠাইত ৰাতিপুৱাই ঘৰে ঘৰে বাতৰি কাকত বিলোৱাৰ ব্যৱস্থা কৰা প্ৰথম ব্যক্তি গৰাকীয়ে জি এল আগৰৱালা৷ মৃতদেহ কঢ়িওৱা ব্যৱস্থা কৰাৰ লগতে বিভিন্ন সমাজ সেৱাৰ ক্ষেত্ৰত তেওঁ সদায় নমস্য হৈ ৰ’ব৷ অনুষ্ঠানত ভাগ লৈ  বিশিষ্ট সাংবাদিক ‘আমাৰ অসম’ৰ জ্যেষ্ঠ উপ-সম্পাদক ৰবীন ভূঞাই  জি এল আগৰৱালাৰ কৰ্মৰাজিৰ কথা সোঁৱৰণ কৰি  সুন্দৰ ভাষণ দাঙি ধৰে৷ অনুষ্ঠানত লণ্ডনৰ সু-চিকিৎসক জয়ন্ত বিশ্ব শৰ্মাই বঁটা প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক বঁটা বিতৰণ কৰি ভাষণত কয়– প্ৰতিজন বৰপেটাৰোডৰ ছাত্ৰ-ছাত্ৰীয়ে জি এল আগৰৱালাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ দৰকাৰ৷ উল্লেখ্য, বানপানীৰ বাবে ২০জুনত অনুষ্ঠিত হ’ব লগা বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচী পিছুৱাই বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত ৯ আৰু ১০ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰিবলৈ লোৱা হৈছিল৷ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি চিত্ৰাংকন প্ৰতিযোগিতা, আবৃত্তি প্ৰতিযোগিতা আৰু বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ ১০ জুলাই দেওবাৰে  বৰপেটাৰোডৰ  সু-সন্তান জি এল আগৰৱালাৰ প্ৰতিমূৰ্তিৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে৷ মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাস৷  সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে জি এল পাব্লিকেছনছৰ পৰিচালনা সঞ্চালক তথা স্বত্বাধিকাৰ সমীৰ আগৰৱালা, জি এল পাব্লিকেছনছৰ মহা প্ৰৱন্ধক প্ৰণৱ কুমাৰ তালুকদাৰ, ‘আমাৰ অসম’ৰ জ্যেষ্ঠ উপ-সম্পাদক ৰবীন ভূঞা, লণ্ডনৰ সু-চিকিৎসক জয়ন্ত বিশ্ব শৰ্মা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক গণেশ নাথ, অসম সাহিত্য সভাৰ মুখপাত্ৰ ড॰ সঞ্জীৱ কুমাৰ শৰ্মা আৰু গোবিন্দ তালুকদাৰ৷ সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান সুৰৰে দেউলৰে মুকলি কৰে বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰিয়াই৷ সাহিত্য সভাৰ তৰফৰ পৰা বিশিষ্ট সমাজ সেৱক চিত্ৰলেখা চৌধুৰী, শশী প্ৰভা গোস্বামী, ৰাম অৱতাৰ মাহেশ্বৰী, দিলীপ শৰ্মাক সম্বৰ্ধনা জনোৱা হয়৷ আনহাতে অসম সাহিত্য সভাৰ উপ- সভাপতি মৃণালিনী দেৱীক জৈন সভা ভৱন, বৰপেটাৰোড মাৰোৱাৰী সন্মিলন মহিলা শাখা, মাৰোৱাৰী যুৱ মঞ্চ, বৰপেটাৰোড সাহিত্য প্ৰকাশ, ধাৰ্মিক মহিলা সমিতি বৰপেটাৰোড, বৃহত্তৰ বৰপেটাৰোড মহিলা সমাজ, বৰপেটাৰোড মাৰোৱাৰী সন্মিলন, বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি, তেৰাপন্থ মহিলা মণ্ডল বৰপেটাৰোড, তেৰাপন্থ সভা বৰপেটাৰোড, বিগ্ৰহ ব্ৰাহ্মণ সমাজ, লাইন্স ক্লাব, ৰাধা কৃষ্ণ ঠাকুৰবাৰী, কিঞ্চিত আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক গোষ্ঠী, দিগম্বৰ জৈন মহিলা সমিতি, বৰপেটাৰোড ডেভেলপমেণ্ট ফ’ৰামে সম্বৰ্ধনা জনায়৷