Logo
image

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত মুক্ত হ’ল নগাঁৱৰ প্ৰতিবাদী ‘শিৱ’

আমাৰ অসম, ১১ জুলাইঃ হিন্দুৰ উপাস্য দেৱ-দেৱীসকলক প্ৰতীকি ৰূপত নাগৰিকে নাটক বা প্ৰতিবাদ আদিত ব্যৱহাৰ কৰিব পাৰিবনে নাই তাক লৈ হয়তো অচিৰেই এখন আইনৰ প্ৰয়োজন হ’ব৷ নহ’লে এইক্ষেত্ৰত শাসকীয় দলৰ হেঁচাত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত বিমোৰত পৰিব আৰক্ষী৷ কালি দিনটোত ছ’চিয়েল মিডিয়াত দুটা ভিডিঅ’ই বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ এটা ভিডিঅ’ত দেখা গৈছে নগাঁও চহৰৰ ৰাজপথত বুলেটত উঠি দেৱাদিদেৱ শিৱ আৰু পাৰ্বতীৰ ব্যাপক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতীকি প্ৰতিবাদ৷ আনটো ভিডিঅ’ত দেখা হৈছে এজন লোকে শিৱৰ বেশত হাতত বিজেপিৰ পতাকা লৈ ৰাজপথত ডম্বৰু বজাই নৃত্য কৰিছে৷ কালি পুৱাবেলা নগাঁও চহৰত শিৱৰ বেশত প্ৰতিবাদ কৰা বিৰিঞ্চি বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে দুটা হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল৷ সংগঠন দুটাই এই সম্পৰ্কত আৰক্ষীক এজাহাৰ দিয়াত শিৱৰ ভাও দিয়া যুৱক বিৰিঞ্চি বৰাক নগাঁও সদৰ থানাৰ আৰক্ষীয়ে আটক কৰে৷ ইফালে বিজেপি যুৱ মৰ্চাও শিল্পী বিৰিঞ্চি বৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে৷ একাংশ বিজেপিকৰ্মীয়ে শিল্পী বিৰিঞ্চি বৰাক ছ’চিয়েল মিডিয়াত হিন্দুৰ আৰাধ্য দেৱতাক অপমান কৰাৰ অভিযোগ তুলি কুকুৰে কাইট নোখোৱা গালি দিয়ে৷ তাৰ বিপৰীতে একাংশ লোকে বিজেপিৰ পতাকা হাতত লৈ শিৱৰ ৰূপত এজন লোকে নৃত্য কৰা এটা ভিডিঅ’ ফেচবুকত আপলোড কৰি এয়া কেনে কাৰ্য বুলি ওলোটাই সেইসকলক আক্ৰমণাত্মক সমালোচনা কৰে৷ একাংশই বিৰিঞ্চি বৰাক আটক কৰাৰ পাছত আৰক্ষীক বাহঃ বাহঃ দিলে৷ আন একাংশই আকৌ বিজেপিয়ে ভগৱান শিৱ, ৰামচন্দ্ৰৰ ভেশ লৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ পুৰণি ভিডিঅ’ খুচৰি প্ৰশ্ন তুলিলে- এয়া ভগৱানক অপমান হয় নে নহয় বুলি৷ হাতত বিজেপিৰ পতাকা লৈ নৃত্যৰত শিৱৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি এজন বিশিষ্ট লোকে লিখিলে, এয়া কি, বিজেপি তথা হিন্দুসকল আৰু চিন্তাবিহীন আইন হাতত লোৱা পুলিচ প্ৰশাসন! হিন্দুত্বক অপমান কৰা এই বিজেপি অভদ্ৰামি কিয়? সাংস্কৃতিক প্ৰতিবাদ কৰা বিৰিঞ্চিক গ্ৰেপ্তাৰ কৰা হিন্দুসকল এই শিৱ অপমান কি? অতিশীঘ্ৰেই সাংস্কৃতিককৰ্মী শিল্পী বিৰিঞ্চ বৰাক বিনাচৰ্তে মুক্তি দিয়ক৷’ এনে বাদ-বিবাদৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ ঘটনাৰ সম্পৰ্কত টুইটাৰত দিয়া মন্তব্যই অত্যুৎসাহী হিন্দুত্ববাদীসকলক যেন জোকৰ মুখত চুণ সানিলে৷ মুখ্যমন্ত্ৰীৰ মন্তব্য– ‘সাম্প্ৰতিক বিষয়ক লৈ বাটৰ নাট কৰাটো দোষণীয় নহয়৷ সাংকেতিক পোচাক পৰিধান কৰিলেই অপৰাধ নহয়৷’ মুখ্যমন্ত্ৰীৰ মন্তব্যই যেন চকু খুলিলে অসম আৰক্ষীৰ৷ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছতে আজি ততাতৈয়াকৈ মুক্তি দিয়া হ’ল শিৱৰ ৰূপত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিৰিঞ্চি বৰাক৷ স্বয়ং মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পাছত এতিয়া ছ’চিয়েল মিডিয়াত হিন্দু দেৱতাক অপমান কৰা বুলি বিৰিঞ্চি বৰাৰ কাণ্ডৰ বিৰুদ্ধে ধেনুত টংকাৰ দিয়াসকল সাংঘাতিকভাৱে নীৰৱ৷ হয়তো নলগা জেঙত লাগি এতিয়া লজ্জিত তথাকথিত সেইসকল হিন্দুত্ববাদী, যিসকলে হিন্দুত্ববাদ বুলিলে কেৱল ৰাজনীতিহে বুজে৷