Logo
image

শিক্ষকৰ তালিকাভুক্ত ২৭২ প্ৰতিবন্ধীৰ বাছনি নাকচ

প্ৰমাণ-পত্ৰত বিসংগতি!

আমাৰ অসম, ১১ জুলাইঃ ভুৱা প্ৰমাণ পত্ৰৰে ৰাজ্য চৰকাৰৰ চাকৰিত নিযুক্তি লাভ কৰি ৰাজকোষৰ দৰমহা ভোগ কৰি অহা কোনো নতুন কথা নহয়৷ সেয়া লাগে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণ-পত্ৰই হওঁক নাইবা জাতিগত ভুৱা প্ৰমাণ-পত্ৰই হওঁক৷ জন্মৰ তাৰিখৰ ভুৱা প্ৰমাণ-পত্ৰ, প্ৰতিবন্ধীৰ ভুৱা প্ৰমাণ-পত্ৰ আৰু শেহতীয়াকৈ ই ডব্লিউ এছৰ ভুৱা প্ৰমাণ পত্ৰৰ যোগেদিও বহুতে চাকৰি লাভ  কৰা ঘটনাও এইখন অসমত সংঘটিত হৈছে৷ এজন দুজন নহয়, প্ৰায় তিনি শতাধিক প্ৰাৰ্থীয়ে এইবাৰ ভুৱা প্ৰমাণ পত্ৰৰ জৰিয়তে শিক্ষকতাৰ চাকৰিত নিযুক্তিৰ বাবে চেষ্টা চলোৱা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্ছ প্ৰাথমিকৰ বিশেষভাৱে সক্ষম সংৰক্ষিত পদত টে’ট উত্তীৰ্ণ ৬১১জন প্ৰাৰ্থীক বাছনি কৰিছিল৷ কিন্তু একাংশ বিশেষভাৱে সক্ষম [দিব্যাংগ] প্ৰাৰ্থীৰ প্ৰমাণ পত্ৰক লৈ সন্দেহ প্ৰকাশ কৰাত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে মেডিকেল ব’ৰ্ডৰ দ্বাৰা প্ৰমাণ পত্ৰ পৰীক্ষণৰ ব্যৱস্থা কৰে৷ সেই অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ বিভাগীয় মূৰব্বীৰ দ্বাৰা গঠিত ৰাজ্যিক পৰ্যায়ৰ মেডিকেল ব’ৰ্ডে প্ৰতিজন বাছনিপ্ৰাপ্ত প্ৰাৰ্থীৰ শাৰীৰিক প্ৰতিবদ্ধকতা পৰীক্ষা কৰে৷ লক্ষণীয়ভাৱে বাছনিকৃত ৬১১জন প্ৰাৰ্থীৰ ভিতৰত ৫৫২জন প্ৰাৰ্থী সোঁ-শৰীৰে মেডিকেল ব’ৰ্ডৰ ওচৰত হাজিৰ হয় যদিও অজ্ঞাত কাৰণত শিক্ষক পদৰ বাবে যোগ্যতা লাভ কৰাৰ পাছতো ৫৯জন প্ৰাৰ্থী ব’ৰ্ডত উপস্থিত থকাৰ পৰা বিৰত থাকে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে জি এম চি এইচৰ মেডিকেল ব’ৰ্ডে বাকী ৫৫২ প্ৰাৰ্থীৰ মাজৰ পৰা প্ৰাথমিক শিক্ষকৰ বিশেষভাৱে সংৰক্ষিত পদত চাকৰিৰ বাবে মাত্ৰ ২৮০জন প্ৰতিবন্ধী প্ৰাৰ্থীকে যোগ্য বিবেচিত কৰে৷ অৰ্থাৎ মেডিকেল ব’ৰ্ডত উপস্থিত থকাৰ পৰা বিৰত থকা ৫৯জন প্ৰাৰ্থীকে ধৰি সৰ্বমুঠ ৩৩১জন প্ৰাৰ্থীৰ প্ৰতিবন্ধকতাৰ প্ৰমাণ পত্ৰ নাকচ কৰে ব’ৰ্ডে৷ স্বাভাৱিকতেই ব’ৰ্ডে নাকচ কৰা ৩৩১জন প্ৰাৰ্থীৰ প্ৰমাণ পত্ৰ ভুৱা নেকি এই লৈও প্ৰশ্ন উত্থাপন হৈছে৷ এই সন্দৰ্ভত শিক্ষা বিভাগৰ ফালৰ পৰা সদৰি কৰা মতে জিলা পৰ্যায়ৰ মেডিকেল ব’ৰ্ডে ৪০ শতাংশ বা তাতোধিক হাৰ সন্নিৱিষ্ট কৰি প্ৰতিবন্ধকতাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে যদিও বৰ্তমান আধুনিক চিকিৎসাত এনে বহু প্ৰতিবন্ধকতা নোহোৱা কৰিব পাৰে৷ ফলত তেনেধৰণৰ প্ৰতিবন্ধকতাৰ হাৰ নিৰ্ধাৰিত ৪০ শতাংশতকৈ তলত ধৰা হয়৷ এনে কাৰণতে বহুতৰে প্ৰমাণ পত্ৰ নাকচ কৰিছে মেডিকেল ব’ৰ্ডে৷ অৱশ্যে স্বাস্থ্য বিভাগৰ এটা সূত্ৰই একাংশ প্ৰাৰ্থীয়ে জিলা পৰ্যায়ৰ মেডিকেল ব’ৰ্ডক মেনেজ কৰি প্ৰতিবন্ধকতাৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰ সন্দেহ কৰিছে৷ ইফালে মেডিকেল ব’ৰ্ডত হাজিৰ নোহোৱা কেইবাজনো প্ৰাৰ্থীৰ প্ৰমাণ পত্ৰৰ সন্দেহ নুই কৰা নাই ব’ৰ্ডৰ সূত্ৰই৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, মধ্য অসমৰ জনৈক আহমেদ উপাধিৰ এজন বাছনিকৃত প্ৰাৰ্থীৰ প্ৰতিবন্ধকতা প্ৰমাণ পত্ৰখন মেডিকেল ব’ৰ্ডে নাকচ কৰাত প্ৰাৰ্থীজনে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হ’ব বুলিও ‘আমাৰ অসম’ক জানিবলৈ দিছে৷ স্বাভাৱিকতেই এতিয়া ক্ষুব্ধ প্ৰাৰ্থীয়ে ন্যায়ালয়ত দ্বাৰস্থ হ’লে বিশেষভাৱে  সক্ষম প্ৰাৰ্থীৰ সংৰক্ষিত শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি হোৱাৰ আশংকাত খৰখেদাকৈ নিযুক্তি দি দায়িত্ব সামৰাৰ চেষ্টা চলাইছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে৷ সেয়েহে ৯ জুলাইৰ নিশা চূড়ান্ত বাছনিকৃত ২৮০জন প্ৰাৰ্থীৰ তালিক শিক্ষা বিভাগে প্ৰকাশ কৰি ঈদৰ বন্ধৰ মাজতে ১২ জুলাইত ততাতৈয়াকৈ নিযুক্তি পত্ৰ বিতৰণৰ ব্যৱস্থা কৰিছে৷ যাতে কোনো প্ৰাৰ্থীয়ে বাছনি তালিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰি ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ সুযোগ ল’ব নোৱাৰে৷ ইফালে শিক্ষকৰ চাকৰিতে বিশেষভাৱে সক্ষম  প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদত শ শ প্ৰমাণ-পত্ৰ নাকচ হোৱাত ইতিপূৰ্বে নিযুক্তি হৈ যোৱা আন আন বিভাগতো এনে ভুৱা প্ৰমাণ পত্ৰৰে বহুতে নিযুক্তি লাভ কৰাটো নিশ্চিত৷ শেহতীয়াকৈ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগতো সন্দেহজনক প্ৰাৰ্থীয়ে বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদত নিযুক্তি পোৱাৰ অভিযোগ উঠিছে৷ ৰাজ্য চৰকাৰে পূৰ্বৰ নিযুক্তিৰ ক্ষেত্ৰতো মেডিকেল ব’ৰ্ডৰ দ্বাৰা শাৰীৰিক প্ৰতিবন্ধকতাৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰিব নেকি সেয়া হ’ব লক্ষণীয় বিষয়৷