মুকলি মনেৰে কেতিয়া ঘূৰি ফুৰিব পাৰিম
... এতিয়াৰ নতুন জগতখনত চৌপাশে চলিব ধৰা পৰিৱেশবোৰ আৰু ঘটনাবোৰৰ বেছিভাগেই আচৰিত, অমানৱীয়, অবাঞ্ছিত, জঘন্য ৰূপ ল’বলৈ ধৰিছে আৰু সেইবোৰকে চাই চাই আনন্দহীন, সন্তুষ্টিহীন মন এটা লৈ সময় কটোৱাৰ বাহিৰে উপায় নাইকিয়া হৈছে৷ অতীত জীৱনৰ সুখ, আনন্দৰ স্মৃতিবোৰে বাৰে বাৰে ভুমুকি মাৰিবলৈ লৈছে৷ কিন্তু তাৰ মাজতে আজিকালি এটা আচৰিত অনুভৱ হ’বলৈ ধৰিছে– সময়বোৰ আগতকৈ বেছি খৰগতিত পাৰ হ’বলৈ ধৰিছে৷ এনেয়ে আগতে কাম-বন নাথাকিলে সময় নাযায়-নুপুৱায় যেন লাগিছিল; কিন্তু এতিয়া দেখোন ব্যস্ততা নথকা সত্ত্বেও সময়বোৰ অতি খৰকৈ পাৰ হোৱা যেন লগা হৈছে ...
মনেমিলা সমনীয়া বন্ধু-বান্ধৱ আৰু আত্মীয়-কুটুম্বক লগ ধৰি, কথা পাতি, আড্ডা মাৰি, সুযোগ পালেই নতুন কোনোজনৰ লগত চিনাকি হৈ ভালপোৱা মানুহটোৱে এতিয়া আশীৰ ঊধবৰ্ বয়সত কৰ’নাৰ ভয়ত যোৱা প্ৰায় ন মাহ ধৰি ঘৰৰ চৌহদৰ বাহিৰলৈ ওলাব নোৱৰাকৈ সোমাই থাকিবলগা হৈছে৷ ঘৰখনতো মানুহ বুলিবলৈ কেৱল বুঢ়া-বুঢ়ী আমি দুটা প্ৰাণী৷ অৱশ্যে খোৱা-বোৱা, থকাৰ কোনো অসুবিধা হোৱা নাই৷ গুৱাহাটীত থকা জী-জোঁৱায়ে মাহেকত এবাৰ আহি সকলো আৱশ্যকীয় বস্তু কিনি দি থৈ যায়৷ গাখীৰ, শাক-পাচলি, মাছ-মাংসৰ বেপাৰীবোৰ ঘৰলৈকে আহে৷ দৰকাৰ হোৱাখিনি সিহঁতৰ পৰাই কিনি লওঁ৷ খাই-লৈ জীয়াই থাকিবলৈ সকলো পাইছোঁ যদিও মানসিকভাৱে বুজাব নোৱৰা অশান্তিত ভুগি আছোঁ৷ বন্ধু-বান্ধৱ, আত্মীয়ৰ লগত ফোনেৰে কথা পাতি থাকোঁ যদিও সেইবোৰে মনে বিচৰাধৰণৰ সন্তুষ্টি দিব পৰা নাই৷ আমনি গুচাব পৰা নাই৷ এই বয়সত ঘৰৰ ভিতৰতে সোমাই থাকি সময় কটাবলৈ থকা কামকেইটা হৈছে– বাতৰিকাকত আৰু কিতাপ-পত্ৰ, আলোচনী পঢ়া, পাৰিলে কিবা লিখা, আৰু টিভি চোৱা বা ৰেডিঅ’ শুনা৷
পুৱা চাহ খাই উঠি বাতৰিকাকতখন অহালৈ সদায় বাট চাই থাকোঁ যদিও বেছিভাগ বাতৰিৰ হেডলাইনবোৰ দেখিলেই পঢ়াৰ উছাহটো নাইকিয়া হৈ যায়৷ ভাল বাতৰি খুব কমেই থাকে৷ বাতৰিবোৰত কেৱল অমুক কেলেংকাৰী, তমুক কেলেংকাৰী, অমুকত দুৰ্নীতি, তমুকত দুৰ্নীতি, ধৰ্ষণ-বলাৎকাৰ, চিনাকি-অচিনাকি মৃতদেহ উদ্ধাৰ, যৌতুকৰ কাৰণে বোৱাৰী হত্যা, কম বয়সীয়া ডেকা-গাভৰুৰ প্ৰেমত বিফল হৈ কৰা আত্মহত্যা, অভাৱ-অনাটনত কৰা আত্মহত্যা, পথ দুৰ্ঘটনাত নিহত আদি৷
পঢ়া-লিখা কৰাৰ পাছতে আহিল টিভি চোৱাৰ কথা৷ টিভিত দিয়া বাতৰিৰ বেলিকাও সেই একেই কথা৷ দুই-চাৰিটাৰ বাহিৰে বাকীবোৰ প্ৰায়েই চাবলৈ, শুনিবলৈ মন নোযোৱাবিধৰ৷ তাৰ বাহিৰে থাকে ধাৰাবাহিকবোৰ৷ এইবোৰৰো ক’ৰবাত দুই-এখন চাই অলপ ভাল লাগে যদিও বেছিভাগেই আমি বুঢ়া মানুহে চাই ভাল নোপোৱাবিধৰ৷ পুৰণি চিনেমা চাই আৰু পুৰণি গীত শুনি ভাল পাওঁ যদিও সেইবোৰ দেখুওৱা চেনেলবোৰত একে কিছুমান চিনেমা আৰু একে কেইটামান গানকে ঘূৰাই-পকাই দেখুৱাই থাকে৷ অৱশ্যে তাৰ মাজতে এটা-দুটা চেনেলত আমি চাই ভালপোৱা পুৰণি দিনৰ কিছুমান হিন্দী চিনেমা দি থাকে৷
স্কুলীয়া আৰু কলেজীয়া ছাত্ৰ জীৱনত তেতিয়াৰ দিনৰ পুৰণা হিন্দী চিনেমাবোৰ এখনো বাদ নিদিয়াকৈ চাইছিলোঁ৷ কোনোবাখন চাৰি-পাঁচবাৰকৈ চাইছিলোঁ৷ সেই চিনেমাবোৰৰ নায়ক-নায়িকা আৰু আন প্ৰায়বোৰ চৰিত্ৰৰ অভিনেতা-অভিনেত্ৰীৰ নাম জানিছিলোঁ৷ সকলোকে বিশেষকৈ নায়ক-নায়িকাক আপোনা মানুহ যেন লাগিছিল৷ কেতিয়াবা নিজকে এজন নায়ক যেন লাগিছিল আৰু সন্মুখত দেখা প্ৰতিজনী ধুনীয়া গাভৰুকে নায়িকা বুলি ভাবিবলৈ মন গৈছিল৷ এতিয়া সেই অভিনেতা-অভিনেত্ৰীবোৰৰ প্ৰায়বোৰেইএই সংসাৰত নাই৷ সেই পুৰণি চিনেমাবোৰ টিভিত চাওঁতে পৰ্দাত তেওঁলোকক দেখিলে ভাব আহে– ক’লৈ যে গ’ল, ক’ত যে নাইকিয়া হ’ল ইমান ধুনীয়া ধুনীয়া সেই মানুহবোৰ৷ এতিয়া আকৌ মনত পৰি যায় সেই চিনেমাবোৰ চোৱা সেই অতীতৰ ৰঙীণ দিনবোৰৰ কথা; সেই চিনেমা হলবোৰৰ কথা, ঘনাই গৈ থাকোঁতে চিনাকি হৈ পৰা চিনেমা হলবোৰত কাম কৰা মানুহবোৰৰ কথা, চিনেমা চাওঁতে লগত থকা সমনীয়া বন্ধুবোৰৰ কথা; যিবোৰৰ দুই-চাৰিজনৰ বাহিৰে বাকী সকলো ইতিমধ্যে এতিয়া আৰু এই সংসাৰত নাই৷ এইবোৰ কথাকে ভাবি ভাবি নষ্টালজিক হৈ যাওঁ আৰু এটা বিষাদসিক্ত মনেৰে কিছুসময় পাৰ কৰি আমনি পাহৰি থাকোঁ৷ কৰ’নাৰ কথাও পাহৰোঁ৷
মৃত্যু হৈ যোৱা তেতিয়াৰ পুৰণি অভিনেতা-অভিনেত্ৰীবোৰৰ কথা মনলৈ আহোঁতেই তাৰ পৰাই মনৰ ভাববোৰ বাগৰি যায় সেই পুৰণি চিনেমাবোৰ তাহানি একেলগে চোৱা সেই বন্ধুবোৰৰ কথালৈ, যিবোৰৰ ইতিমধ্যে মৃত্যু হৈছে৷ মনেৰে ভাবি ভাবি আঙুলিৰ মূৰত গণিব ধৰোঁ সেই বন্ধুবোৰৰ নামবোৰ৷ মনলৈ তেতিয়াৰ দিনৰ সেই বন্ধুবোৰৰ লগত হোৱা একো একোটা সৰু-ডাঙৰ মিঠা ৰঙীণ অভিজ্ঞতাৰ কথা৷ মনটো ব্যাকুল হৈ পৰে সেই দিনবোৰ ঘূৰাই পাবলৈ৷ কিন্তু সেইটোতো সম্ভৱ নহয়৷ বিখ্যাত পদাৰ্থ বিজ্ঞানী জেমছ প্লাংকে হেনো কৈছিল এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু ঈশ্বৰে সৃষ্টি কৰিছে বুলি ধৰি ল’লেও এটা বস্তু কিন্তু নি(য় ঈশ্বৰে সৃষ্টি কৰা নহয় আৰু সেইটো হৈছে ‘সময়’৷ আৰু সেয়ে তেওঁ সকলো কাম কৰিব পাৰিলেও এটা কাম কৰিব নোৱাৰে৷ সেই কামটো হৈছে যে এজন মানুহক একেটা জীৱনতে বৃদ্ধকালৰ পৰা শৈশৱ বা যৌৱনকাললৈ ঘূৰাই নিয়াটো৷
বুঢ়াকালত এনেদৰে ঘৰতে এনেয়ে বহি থাকি এনে কথাকে ভাবি থাকোঁতে মৃত্যু বোলা কথাটো মনলৈ ঘনাই আহে৷ মনত পৰে বিখ্যাত মনস্তত্ত্ববিদ পণ্ডিত ছিগমণ্ড ফ্ৰয়েডে কোৱা– মানুহে জীৱনৰ যিটো মুহূৰ্ততে মৃত্যুনো কি বস্তু বুজি পায় আৰু এদিন যে নিজৰো জীৱনলৈ সেই মৃত্যু আহিব সেইটো জানিব পাৰে, সেই মুহূৰ্তৰ পৰাই নিজৰ অৱচেতন মনত মৃত্যু ভয় এটা কঢ়িয়াই লৈ ফুৰে৷
মৃত্যু বোলা কথাটোৰ বিষয়ে ভাবিলেই মনলৈ আহিবলৈ ধৰে ইতিমধ্যে মৃত্যু হৈ যোৱা সমনীয়া বন্ধুবোৰ আৰু আন চিনাকি আপোন লোকৰ নামবোৰ৷ এতিয়া বুঢ়া বয়সৰ দুৰ্বল মনটোৱে অজ্ঞাত, অনিশ্চিত আৰু দিনে দিনে বেছি ভয়াৱহ হৈ আহিব ধৰা ভৱিষ্যতবোৰৰ কথা ভাবিবলৈ ভয় কৰিয়েই কিজানি সেইফালে নাচাই বাৰে বাৰে অতীতৰ কথাবোৰৰ মাজতেই ঘূৰি ফুৰিব বিচাৰে৷ এফালে অতীতৰ কথাবোৰ ভাবি থাকিলে মনটো গধুৰ হৈ বেয়া লাগি থাকে, আৰু আনফালে মনটো ভৱিষ্যতৰ ফালেও যাব নোখোজে, সেয়ে বৰ্তমানটোকে লৈ থাকিবলৈ চেষ্টা কৰোঁ৷
কিছুমান টিভি চেনেলত দেখিছিলোঁ লকডাউনৰ সময়ত ঘৰত সোমাই থাকোঁতে কেনেকৈ কিছুমানে নাচ-গান কৰি, কিছুমানে ৰন্ধা-বঢ়া কৰি ভোজ-ভাত খাই, কিছুমানে খেলা-ধূলা কৰি নিশ্চিন্ত মনে সময় কটাইছে৷ সেইবোৰ দেখি প্ৰথমে বেয়া লগা নাছিল৷ কিন্তু সেইবোৰৰ লগতে যেতিয়া দেখিবলৈ ধৰিলোঁ লকডাউনৰ ফলত হাজাৰ-বিজাৰজন কৰ্মহীন হৈ অভাৱ-অনাটনত সপৰিয়ালে কষ্ট ভুগিব লগা হৈছে, তেতিয়া মনটোলৈ আন কিছুমান ভাব আহিছিল৷ ভাবিলোঁ একে সময়তে সমাজৰে এচামে ভোকে-পিয়াহে অশেষ কষ্ট ভুগিবলগা হোৱাৰ সময়ত আনচাম লোকে আজৰি পাই আনন্দ-স্ফূৰ্তি কৰিব পাৰিছে কেনেকৈ?
মনস্তত্ত্ববিদ ফ্ৰয়েডেই কৈছিল যে কোনো এজন মানুহে আন এজনৰ মৃত্যু দেখিলে বা মৃত্যুৰ খবৰ পালে যেতিয়া দুখত কান্দে, তেতিয়া সেই দুখৰ গুৰিতে প্ৰকৃততে এটা আনন্দৰ অনুভূতিহে থাকে৷ মানুহে আনৰ মৃত্যুৰ কথা শুনিলেই বা মৃত্যু দেখিলেই লগে লগে তেওঁৰ অৱচেতন মনত থকা মৃত্যুভয়ৰ প্ৰতিক্ৰিয়াত মনলৈ এনে এক চেতনা আহে যে এই মৃত্যু হোৱা মানুহজন মই নহয়, আন এজনহে; মই এতিয়াও জীৱিত৷ সেই চেতনাই তেওঁক দিয়া আনন্দৰ অনুভূতিটোৱেই বাহিৰৰ পৰিৱেশৰ লগত মিলি কান্দোন বা দুখ প্ৰকাশ হিচাপে ওলায়৷ তেওঁৰ মতেই ভাবিলে এতিয়াও কিজানি কৰ’নাৰ ফলত আন কোনোবা কিছুমানৰ মৃত্যু হওঁতে বা আনভাৱে দুখ-কষ্টত ভোগোতে তেনে নোহোৱাসকলৰ মনত তেনেদৰেই এক আনন্দৰ অনুভৱ আহিছে এইবুলি যে আমিতো এতিয়াও কৰ’নাত আক্ৰান্ত হোৱা নাই বা আমাৰ মৃত্যুও হোৱা নাই বা কৰ’নাৰ ফলত হোৱা কোনো অভাৱ-অনাটন, অনাহাৰত ভোগা নাই৷ আৰু সেই আনন্দৰ অনুভৱৰ উছাহতে তেওঁলোকে নাচ-গান স্ফূৰ্তি-তামাচা কৰিব পাৰিছে৷
কৰ’নাৰ সংক্ৰমণক বাধা দিবলৈ দীঘলীয়া সময়ৰ কাৰণে মাজে-সময়ে লকডাউন দিয়াৰ ফলত কি কি হ’ল সকলোৱে দেখিলে৷ ঠায়ে ঠায়ে সংক্ৰমণ কিছু কমিল যদিও ব্যৱসায়-বাণিজ্য বন্ধপ্ৰায় হৈ যোৱাত তাৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰতে পৰিল৷ সৰু-সুৰা ব্যৱসায়ী আৰু দৈনিক ৰোজগাৰ কৰি খোৱা মানুহখিনি ঘোৰ সংকটত পৰিল৷ পেটৰ ক্ষুধাৰ তাড়নাত বহু লোকে কৰ’না প্ৰতিৰোধৰ কাৰণে চৰকাৰে বান্ধি দিয়া নিয়ম উলংঘা কৰিবলৈ ধৰিলে৷
এতিয়া যেন লাহে লাহে মানুহবোৰৰ মনত কৰ’নালৈ ভয় কমি আহিছে৷ বহু মানুহে মাস্ক নিপিন্ধাকৈ আৰু সামাজিক দূৰত্বৰ কথাক গুৰুত্ব নিদিয়াকৈয়ে ৰাস্তাই-ঘাটে, বজাৰে-সমাৰে ঘূৰি ফুৰে নিশ্চিন্তমনে৷ চৰকাৰ প্ৰশাসনৰ ফালৰপৰাও সেইবোৰত চকু দিয়া দেখা নাই৷ কিন্তু তথাপি আমি বুঢ়া মানুহবোৰে এতিয়াও তেনেকৈ মুকলিকৈ বাহিৰত ঘূৰি ফুৰিবলৈ সাহস কৰিব পৰা নাই৷ ঘৰৰ ল’ৰা-ছোৱালীয়েও আমাক তেনেকৈ যাবলৈ নিদিয়ে৷ গতিকে আমি এইবোৰ নানা বাতৰি চায়েই ঘৰত সোমাই থাকি সময় কটাব লগা হৈছে৷ এনে লাগিব ধৰিছে যেন আজিৰ এই পৃথিৱীখনৰ মানুহবোৰ অতি আচৰিত হৈ গৈছে৷
এতিয়া নিৰ্বাচনৰ বতৰ আহিছে আৰু লগে লগে সংবাদ মাধ্যমত কৰ’না সন্ত্ৰাসৰ বাতৰিৰ গুৰুত্ব কমি আহি তাৰ ঠাইত নিৰ্বাচন সম্বন্ধীয় বাতৰিয়ে অধিক গুৰুত্ব পাবলৈ ধৰিছে৷ সেই বাতৰিবোৰতো প্ৰায়েই দেখা যায় মাথোঁ ক্ষমতা দখলৰ কাৰণে বিভিন্ন দলৰ মাজত হোৱা নিৰ্লজ্জ খোৱা-কামোৰাৰ যুঁজ৷ ব্যক্তিত্বহীন ৰাজনৈতিক নেতা কিছুমানৰ লঘু, সস্তীয়া ভাষাৰে দিয়া ভাষণবোৰ৷ গতিকে সেইবোৰো চাবলৈ মন নোযোৱা হৈছে৷ এতিয়াৰ নতুন জগতখনত চৌপাশে চলিব ধৰা পৰিৱেশবোৰ আৰু ঘটনাবোৰৰ বেছিভাগেই আচৰিত, অমানৱীয়, অবাঞ্ছিত, জঘন্য ৰূপ ল’বলৈ ধৰিছে আৰু সেইবোৰকে চাই চাই আনন্দহীন, সন্তুষ্টিহীন মন এটা লৈ সময় কটোৱাৰ বাহিৰে উপায় নাইকিয়া হৈছে৷ অতীত জীৱনৰ সুখ, আনন্দৰ স্মৃতিবোৰে বাৰে বাৰে ভুমুকি মাৰিবলৈ লৈছে৷
কিন্তু তাৰ মাজতে আজিকালি এটা আচৰিত অনুভৱ হ’বলৈ ধৰিছে– সময়বোৰ আগতকৈ বেছি খৰগতিত পাৰ হ’বলৈ ধৰিছে৷ এনেয়ে আগতে কাম-বন নাথাকিলে সময় নাযায়-নুপুৱায় যেন লাগিছিল; কিন্তু এতিয়া দেখোন ব্যস্ততা নথকা সত্ত্বেও সময়বোৰ অতি খৰকৈ পাৰ হোৱা যেন লগা হৈছে৷ এতিয়া বৃদ্ধ বয়সত প্ৰতিক্ষণে অনুভৱ হ’বলৈ ধৰিছে যে জীৱনটোত আৰু বেছিদিন নাই৷ সেয়ে কিজানি প্ৰতিটো দিন পাৰ হওঁতে জীৱনত বাকী থকা কাল কমি যোৱাৰ অনুভৱটো আহি যায়৷
সেয়ে ভাবি থাকোঁ কেতিয়া যে এই কৰ’না অতিমাৰীৰ সফল প্ৰতিষেধক ভেকচিন ওলাব; সকলোৱে পাব আৰু আমি কমকৈ হ’লেও জীৱনৰ বাকী থকা দিনকেইটা মাস্ক নিপিন্ধাকৈ, সামাজিক দূৰত্বৰ কথা নাভাবি নিশ্চিন্ত মনে ওলাই ঘূৰি ফুৰি সকলোৰে লগত মুখামুখিকৈ মুকলি মনেৰে কথা পাতিব পাৰিম মৃত্যুভয় পাহৰি থাকিব পাৰিম৷