Logo
image

জৰিমনা-কৰ সংগ্ৰহত জোৰ দিছপুৰৰ

ৰাজকোষত টান!

আমাৰ অসম, ৪ ছেপ্টেম্বৰঃ ভয়াবহ বিত্তীয় সংকটৰ সন্মুখীন হৈছে নেকি ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ৷ হিতাধিকাৰীৰ নামত ব্যয় কৰা বৃহৎ পৰিমাণৰ পুজিয়ে তলি উদং কৰিছে নেকি ৰাজ্যৰ ৰাজকোষৰ৷  নে ৰাজ্যৰ বিত্তীয় ব্যৱস্থা সূচাৰু ৰূপে চলোৱাত ব্যৰ্থ হৈছে চৰকাৰ-প্ৰশাসন? নে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা আশানুৰূপভাৱে প্ৰয়োজনীয় আৰ্থিক সহায় অসম চৰকাৰে লাভ কৰা নাই? শেহতীয়াভাৱে চৰকাৰৰ কেতবোৰ সিদ্ধান্তক কেন্দ্ৰ কৰি উত্থাপিত হৈছে এনে বহুবোৰ প্ৰশ্ন৷ এহাতে চৰকাৰে হিতাধিকাৰীৰ বাবে ইটোৰ পিছত সিটোকৈ আঁচনি ঘোষণা কৰি গৈয়ে আছে আৰু আনহাতে সৰ্বসাধাৰণ লোকৰ ওপৰত নিত্য নতুন কৰৰ বৰ্ধিত বোজা জাপি দি আছে৷ ইতিমধ্যে সকলো প্ৰকাৰৰ ষ্টাম্প ডিউটি অভাবনীয় হাৰত বৃদ্ধি কৰা হৈছে৷ বৃদ্ধি কৰা হৈছে মাটিৰ খাজনা৷ বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ওপৰত নতুনকৈ আৰোপ কৰিছে জি এছ টি৷ যান-বাহনৰ মাচুলৰ নিৰিখ দুগুণ-তিনিগুণলৈ বৃদ্ধি কৰিছে৷ কৰৰ সমান্তৰালভাৱে বৃদ্ধি কৰা হৈছে বিভিন্ন জৰিমনাৰ নিৰিখ৷ বৃদ্ধি কৰা হৈছে সুৰাৰ মূল্য৷ বৃদ্ধি কৰা হৈছে সুৰাৰ বিপণীৰ সংখ্যা৷ টোল টেক্স বৃদ্ধিৰ পাছত শেহতীয়াভাৱে চৰকাৰে পুনৰ বিদ্যুৎ মাচুল অভাবনীয় হাৰত বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷ গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে পৰিবহণ বিভাগক প্ৰতিমাহে জৰিমনা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ কিন্তু ইয়াৰ পিচতো যেন চৰকাৰে মিলাব পৰা নাই ৰাজকোষৰ হিচাপ৷ যাৰ বাবে অতিৰিক্ত পুজি মঞ্জুৰিৰ প্ৰস্তাব নিদিবলৈ সকলো বিভাগলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে বিত্ত বিভাগৰ ফালৰ পৰা আজিৰ তাৰিখত ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ প্ৰায় এক লাখ চৈধ্য হাজাৰ কোটি টকা৷ ১২ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ অধিৱেশনত কোনো বিভাগে অতিৰিক্তভাৱে কোনো মঞ্জুৰি বিচাৰি প্ৰস্তাৱ দাখিল কৰিব নোৱাৰিব৷ ফলত আগন্তুক ৬ মাহৰ বাবে কোনো বিভাগে অতিৰিক্ত আচনি বা চলিত আচনিৰ বিপৰীতে অতিৰিক্ত পুজি মঞ্জুৰিৰ প্ৰস্তাৱ বিধাসভাৰ অধিৱেশনৰ সময়ত দাখিল কৰিব নোৱাৰিব বিত্ত বিভাগৰ নিৰ্দেশৰ পাছত৷ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে ৰিজাৰ্ভ বেংকৰ ওচৰত পুনৰ ৮০০ কোটি টকাৰ ঋণৰ প্ৰস্তাব দাখিল কৰিছে৷ লক্ষণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ কৰ সংগ্ৰহৰ পথ জি এছ টিৰ জৰিয়তে বন্ধ কৰিছে৷ কেন্দ্ৰই ৰাজ্য সমূহক কেন্দ্ৰীয় কৰৰ অংশও মোকোলাই নিদিয়া হৈছে৷ অথচ অসমৰ দৰে ৰাজ্যৰ বছৰটোৰ মুঠ বাজেটৰ ৬৮ শতাংশ পুজি কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল৷ কিন্তু কেন্দ্ৰৰ পৰাও পুজি লাভত বঞ্চিত হোৱাত এতিয়া চৰকাৰে আবকাৰী, পৰিবহণ, বন, পেট্ৰ’ল-ডিজেল আৰু অন্যান্য কিছুমান ক্ষেত্ৰৰ পৰা বদ্ধিত হাৰত কৰ সংগ্ৰহ কৰিবলৈ বাধ্য হৈছে৷ এনে আৰ্থিক সংকটৰ বিপৰীতে আজিৰ তাৰিখত ৰাজ্যত হিতাধিকাৰীৰ সংখ্যা ৭০ লাখ অতিক্ৰম কৰিছে৷ ২০২১-২২ বৰ্ষত ৭০ লাখ হিতাধিকাৰীৰ নামত প্ৰায় ১২ হাজাৰ কোটি টকাৰ ব্যয়ৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল বাজেটত৷ অৰুণোদয়, মাইক্ৰ ফাইনেন্স উদগনিমূলক সকাহ, প্ৰজ্ঞা ভাৰতী, খাদ্য সুৰক্ষা, চাহ শ্ৰমিকক নগদ ধন, স্বৰ্ণ ক্ৰয় আদিকে ধৰি হিতাধিকাৰীৰ বাবে প্ৰায় ৪০ খন বিভিন্ন বিনামূলীয়া আচনি চৰকাৰে চলাই আছে৷ এই আচনিৰ বিপৰীতে ২০২২-২৩ বৰ্ষত ৰাজ্য চৰকাৰে ১৪ হাজাৰ কোটি টকা ব্যয় কৰাৰ লক্ষ্য বান্ধি লৈছিল৷ বিনামূলীয়া আচনি, নগদ ধন বিতৰণৰ নামত অসমৰ দৰে ৰাজ্য এখনৰ যদি বছৰটোত ১৪ হাজাৰ কোটি টকা ব্যয় হয় তেন্তে এই ব্যয়ৰ জোৰা মাৰিবলৈ চৰকাৰে ৰাইজৰ ওপৰত বদ্ধিৰ্ত হাৰ ৰাজহ, জৰিমনা জাপি দিয়াটো এটা নিয়মত পৰিণত হৈছে৷ জি এছ টি, আবকাৰী শুল্ক, পৰিবহণ কৰ, টোলগেট, আয়কৰ, ভূমিকৰ, সম্পত্তি কৰ, পেট্ৰল-ডিজেলত কৰ আদিয়ে যেন ৰাজকোষৰ টনকিয়াল কৰাৰ চৰকাৰৰ শেষ অস্ত্ৰ হৈ পৰিছে৷ কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ ক্ষতিপূৰণ আৰু বেক টু বেক ঋণৰ  ব্যৱস্থা বন্ধ কৰি দিয়াৰ ফলত অসম চৰকাৰে কেবা হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ যাৰ ফলত এতিয়া ৰাইজৰ পৰা বদ্ধিৰ্ত হাৰত কৰ আৰু জৰিমনা সংগ্ৰহ ৰাজহ উপাৰ্জনৰ একমাত্ৰ উপায় হৈ পৰিছে ৰাজ্য চৰকাৰৰ বাবে৷