Logo
image

শ্ৰদ্ধাৰ হত্যাৰ খবৰ শুনি হতবাক হৈছিল আফতাবৰ নতুন গাৰ্লফ্ৰেণ্ড : আৰক্ষীৰ জেৰা বহু বিস্ফোৰক স্বীকাৰোক্তি

ডিজিটেল ডেস্ক : দেশ কঁপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে৷ আৰক্ষীৰ জেৰাত আফতাবে শ্ৰদ্ধাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে৷ আফতাবে এইটোও স্বীকাৰ কৰিছে  যে খঙৰ কাৰণেহে হত্যা কৰিলে শ্ৰদ্ধাক৷

শেহতীয়াকৈ আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে যে শ্ৰদ্ধাক হত্যা কৰাৰ পিছত আফতাবৰ জীৱনলৈ আহিছিল নতুন গাৰ্লফ্ৰেণ্ড৷ শ্ৰদ্ধা হত্যাকাণ্ডত আৰক্ষীয়ে আফতাবৰ নতুন প্ৰেমিকাকো সোধাপোছা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত বহু চাঞ্চল্যকৰ স্বীকাৰোক্তি আফতাবৰ নতুন প্ৰেমিকাৰ৷

আৰক্ষীৰ সুত্ৰই জনোৱা অনুসৰি আফতাবৰ নতুন গাৰ্লফ্ৰেণ্ডে আৰক্ষীক জনাইছে যে শ্ৰদ্ধা হত্যাকাণ্ডৰ বিষয়ে তেওঁ জ্ঞাত নাছিল৷ এই হত্যাকাণ্ডৰ বিষয়ে জনাৰ পিছত তেওঁ হতবাক হৈ পৰিছিল৷ আফতাৰ নতুন গাৰ্লফ্ৰেণ্ডে আৰক্ষীক দিয়া মন্তব্য অনুসৰি তেওঁ এই বিষয়ে জ্ঞাত নাছিল যে যিটো ফ্লেটত তেওঁ আফতাবৰ সৈতে আছিল সেই ফ্লেটত শ্ৰদ্ধাৰ শৰীৰৰ কটা টুকুৰাবোৰ ৰখা হৈছিল৷ লগতে তেওঁ আৰক্ষীক কয় যে আফতাবে তেওঁক ১২ অক্টোবৰত এটা আঙুঠি উপহাৰ দিছিল, যিটো শ্ৰদ্ধাৰ আছিল৷ 

আৰক্ষীৰ সূত্ৰ অনুসৰি, আফতাবৰ নতুন প্ৰেমিকা পেছাত এগৰাকী চিকিৎসক৷ তেওঁ আৰক্ষীক জনোৱা অনুসৰি তেওঁ আফতাবৰ ফ্লেটলৈ কেৱল দুবাৰহে গৈছিল।আফতাবৰ প্ৰেমিকাই কেতিয়াও অনুভৱ কৰা নাছিল যে শ্ৰদ্ধাৰ কটা শৰীৰৰ টুকুৰাবোৰ ফ্লেটতে ৰখা হৈছিল। আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, আফতাবে বিভিন্ন ডেটিং এপৰ জৰিয়তে ১৫ ৰ পৰা ২০ গৰাকী যুৱতীৰ সৈতেও সম্পৰ্ক ৰাখিছিল।