Logo
image

বন্ধুৰ সৈতে লগ লাগি পুত্ৰৰ অপহৰণৰ নাটক : মুক্তিপণৰ বাবে পিতৃক দাবী ৫০ লাখ টকা, আৰক্ষীৰ জালত দুই বন্ধু

ডিজিটেল ডেস্ক : যোৰহাট অপহৰণ কাণ্ডই লৈছে নতুন মোৰ৷ বুধবাৰে যোৰহাটত এক অপহৰণ কাণ্ড সংঘটিত হোৱা বুলি যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। এজাহাৰখনত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰা বুলি উল্লেখ কৰা হৈছিল৷ ৰে'ল ষ্টেচনৰ পৰা অমৰজিৎ প্ৰসাদ নামৰ এজন যুৱকক নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰা বুলি দাখিল কৰা হৈছিল এজাহাৰ৷

অপহৰণৰ পাছতেই কোনো দুৰ্বৃত্তই অমৰজিতৰ মুক্তিপণ হিচাপে পৰিয়ালৰ লোকক ৫০ লাখ টকাৰ দাবী কৰিছিল। অৱশ্যে পাছলৈ দৰদাম কৰি উক্ত ধনৰ পৰিমাণ ৫ লাখ টকালৈ হ্ৰাস কৰিছিল। 

এই অপহৰণ কাণ্ডই এতিয়া লৈছে নতুন মোৰ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য৷ অমৰজিৎ প্ৰসাদে বন্ধুৰ সৈতে লগ লাগি নিজেই নিজক অপহৰণ কৰাৰ কথা পোহৰলৈ আহিছে৷ অভিযোগ অনুসৰি অমৰজিতে বন্ধুৰ সৈতে লগ লাগি মুক্তিপণৰ বাবে পৰিয়ালৰ লোকক ৫০ লাখ টকা দাবী কৰাৰ কথা পোহৰলৈ আহিছে৷

উল্লেখ্য যে নতুন বাইক কিনিবলৈ বন্ধু ৰমেশ চাহুৰ লগ লাগি অমৰজিৎ প্ৰসাদে ৰচিছিল অপহৰণৰ নাটক৷ পাছত মুক্তিপণৰ বাবে পিতৃ ৰাধেশ্যাম প্ৰসাদৰ পৰা দাবী কৰিছিল ৫০ লাখ টকা৷ মোবাইল ফোনতেই দৰদাম কৰি মুক্তিপণৰ ৫ লাখ টকা নিবলৈ আহোতেই গ্ৰেপ্তাৰ হ'ল দুই বন্ধু অমৰজিৎ প্ৰসাদ আৰু ৰমেশ চাহু৷