Logo
image

পেনাল্টী মিছ কৰিও শেষ ষোল্লত আৰ্জেণ্টিনা

ডিজিটেল ডেস্ক : দুবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনাক কাতাৰ বিশ্বকাপত আচল ৰূপত চোৱাৰ অপেক্ষাত আছিল অনুৰাগী৷ কিন্তু প্ৰথম খেলতে  দলটো অপ্ৰত্যাশিতভাৱে পৰাস্ত হৈছিল ছৌদি আৰৱৰ হাতত৷ এইবাৰৰ বিশ্বকাপত সেয়া আছিল এটা ডাঙৰ অঘটন৷ সেই ফলাফলৰ পাছত স্বাভাৱিকতে লিঅ’নেল মেছিৰ দলটো কিমান দূৰলৈ আগবাঢ়িব, তাক লৈ চৰ্চা আৰম্ভ হৈছিল৷ আৰম্ভণি প্ৰত্যয়জনক নহ’লেও দক্ষিণ আমেৰিকাৰ দলটোৱে পৰৱৰ্তী দুখন খেলত মেক্সিকো আৰু পোলেণ্ডক হৰুৱাই গ্ৰুপৰ শীৰ্ষস্থানৰ দল হিচাপে  প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিলে৷ বুধবাৰে পোলেণ্ডৰ বিৰুদ্ধে খেলখনত ভিন্ন ৰূপত দেখা গৈছিল আৰ্জেণ্টিনাক৷ খেলখন আছিল দলটোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ৷ সেইবাবে  আৰ্জেণ্টিনাই লৈছিল অতিৰিক্ত সতৰ্কতা৷ বহুতৰে এটা ধাৰণা আছে আধুনিক ফুটবলৰ ৰাজপুত্ৰ লিঅ’নেল মেছিয়ে ভাল খেলা খেলখনত আৰ্জেণ্টিনাৰ জয় হয়৷ মেছিয়ে ভাল খেলিব নোৱাৰিলে দলটোও থমকি ৰয়৷ কিন্তু  বুধবাৰে ষ্টেডিয়াম ৯৭৪ ত তেনে ধাৰণা ভুল প্ৰমাণ কৰিলে ১৯৭৮ আৰু ১৯৮৬ চনৰ চেম্পিয়ন দলটোৱে৷ পেনাল্টীৰ সুযোগ নষ্ট কৰিছিল মেছিয়ে৷ গ’ল কৰাতো ব্যৰ্থ হৈছিল তেওঁ৷  কিন্তু তাৰ প্ৰভাৱ পৰা নাছিল দলটোৰ প্ৰদৰ্শনত৷ এলেক্সিছ মেক এলিষ্টাৰ আৰু জুলিয়ান আলভাৰেজৰ গ’লেৰে ২-০ ব্যৱধানত জয়ী হয় আৰ্জেণ্টিনা৷ দলটোৰ প্ৰতিজন সদস্যকে দেখা গৈছিল স্বাভাৱিক ছন্দত৷ বহুদিনৰ পাছত ফুটবলপ্ৰেমীয়ে উপভোগ কৰিছিল প্ৰকৃত আৰ্জেণ্টাইন ফুটবল শৈলী৷ গ’ল কৰিব নোৱাৰিলেও মেছিয়েও নিজৰ সৰ্বস্বখিনি উজাৰি দিছিল৷ কিন্তু বুধবাৰৰ নিশাটো যেন মেছিৰ নাছিল৷ ফুটবল কেৰিয়াৰৰ ৯৯৯ সংখ্যক খেলত অৱতীৰ্ণ হোৱা ৩৫ বছৰীয়া তাৰকাজনে বিশ্বকাপত খেলা খেলৰ সংখ্যাৰ ক্ষেত্ৰত অতিক্ৰমী গৈছিল ডিয়েগো মাৰাডোনাক৷ কিন্তু খেলখনত গ’ল কৰাৰ কেইবাটাও সম্ভাৱনাৰ সৃষ্টি কৰিলেও পোলেণ্ডৰ গ’লৰক্ষকৰ তৎৰৰতাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷ আৰ্জেণ্টিনাৰ গ্ৰুপৰ এই অন্তিম খেলখন চোৱাৰ পাছত এতিয়া দলটোৰ অনুৰাগীৰ মনত নতুন আশাৰ সঞ্চাৰ হৈছে৷ দলটোৰ পক্ষত  এতিয়া তেওঁলোক বাজী ধৰিবলৈও সাজু৷ তেওঁলোকৰ যুক্তি হৈছে–কেৱল আবেগৰ বাবে আৰ্জেণ্টিনাক ভাল দল বুলি কোৱা নহয়৷ বিশ্ব চেম্পিয়ন হোৱাৰ সামৰ্থ্য আছে দলটোৰ৷ বুধবাৰে পোলেণ্ডৰ তাৰকা ৰবাৰ্ট লোৱানড'স্কি খুব বেছি ৬-৭  বাৰমানহে বল ভৰিত ৰাখিবলৈ সক্ষম হৈছিল৷ পলিছ খেলুৱৈয়ে বুজি উঠিছিল আৰ্জেণ্টিনাৰ শক্তি কিমান আৰু সেইটোৱেই মেছিৰ দলটোৰ সম্ভাৱনা বঢ়াই তুলিছে৷

গ্ৰুপৰ শ্ৰেষ্ঠ হোৱাৰ পাছত প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাৰ প্ৰতিপক্ষ হ’ব গ্ৰুপ ‘ডি’ৰ দ্বিতীয় স্থানৰ দল অষ্ট্ৰেলিয়া৷ খেলখন হ’ব ৩ ডিচেম্বৰত৷ ২০০৬ চনৰ পাছত প্ৰথমবাৰ অষ্ট্ৰেলিয়া বিশ্বকাপৰ নক-আউট পৰ্যায়লৈ উন্নীত হৈছে৷ ইপিনে, আৰ্জেণ্টিনাৰ হাতত ০-২ গ’লত পৰাস্ত হ’লেও ‘চি’ গ্ৰুপৰ দ্বিতীয় স্থানৰ দল হিচাপে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে পোলেণ্ড৷ অন্তিম ১৬১ প্ৰতিদ্বন্দ্বিতাত পোলেণ্ডে খেলিব যোৱাবাৰৰ চেম্পিয়ন ফ্ৰান্সৰ বিৰুদ্ধে৷