Logo
image

ভেক্‌চিনৰ সাহসেৰে আৰম্ভ নৱবৰ্ষ

প্ৰতিষেধকৰ লগতে কঠোৰতাওঃ মোদী

আমাৰ অসম, ১ জানুৱাৰীঃ ছবিখনৰ কাহিনী আৰম্ভ হৈছিল বেথ এমহফে ছিংগাপুৰৰ এটা ‘বিজিনেছ ট্ৰিপ’ৰ পৰা উভতি আহোতে চিকাগোত তেওঁৰ পূৰ্বৰ প্ৰেমাস্পদক পৰৱৰ্তী বিমানৰ ‘লেঅ’ভাৰ’ৰ সময়খিনিত সাক্ষাত কৰাৰ দৃশ্যৰে৷ দুদিন পাছত মিনেপ’লিছৰ পাশ্বৰ্ৱৰ্তী এলেকাত থকা নিজৰ বাসভৱনত বেথক তেওঁৰ স্বামী মিট্‌ছ এমহফে আৱিষ্কাৰ কৰিলে অচেতন অৱস্থাত৷ দৌৰাদৌৰিকৈ বেথক হাস্পতালত ভৰ্তি কৰোৱা হ’ল, কিন্তু তেওঁ জীৱিত অৱস্থাত ঘৰলৈ উভতি নাহিল৷ হতোবদনে পত্নীক হেৰুৱাই ঘৰলৈ উভতি আহি মিট্‌ছ এমহফে আৱিষ্কাৰ কৰিলে তেওঁৰ প্ৰথমা পত্নীৰ একমাত্ৰ পুত্ৰ ক্লাৰ্কক মৃত অৱস্থাত৷ মিট্‌ছে নিজকে ‘আইচলেট’ কৰিলে, কিন্তু তেওঁৰ কোনো অসুবিধা নহ’ল, অসুস্থ অনুভৱো নকৰিলে৷ কাৰণ তেওঁৰ শৰীৰ আছিল স্বভাৱজাতভাৱে ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন৷ মিট্‌ছে সাবধানতা লৈ তেওঁ আৰু বেথৰ কিশোৰী কন্যা জৰীক ঘৰতে কোৱাৰেণ্টীন কৰি ৰাখিলে৷ কিন্তু ইতিমধ্যে বেথে দুদিনত লগ পোৱা আন আন ব্যক্তিৰ বেথৰ দৰেই অৱস্থা হ’ল আৰু এটা অচিন অথচ দুৰ্বাৰ ভাইৰাছ দেশখনত বিয়পি পৰিল৷ আৰম্ভ হ’ল সংক্ৰমণ আৰু সংহাৰ, যাৰ অবধাৰিত পৰিণতি হ’ল মহামাৰী আৰু অৱশেষত অতিমাৰী৷ এই ঘাতক ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ অজ্ঞাত পৰিচয়ৰ জৈৱযুদ্ধৰ বিৰুদ্ধে জপিয়াই পৰিল আমেৰিকাৰ ‘ডিপাৰ্টমেণ্ট অব হ’মলেণ্ড ছিকিউৰিটি৷’

ছবিৰ ফ্লেছবেকত এটা ‘স্পিলঅভাৰ ইভেণ্ট’, য’ত এখন বুলডজাৰে চীনৰ এখন অৰণ্যত গছ ভাঙিবলৈ ধৰিছে আৰু তাৰ পৰা এটা বাদুলি উৰি গৈ গাহৰিৰ ফাৰ্ম এখনত আশ্ৰয় লৈছে৷ তাতে বাদুলিটোৱে পেলাই দিয়া এটুকুৰা কল খাইছে এটা গাহৰিয়ে আৰু সেই বাদুলিটোৰ পৰাই গাহৰিৰ শৰীৰলৈ সংক্ৰমিত হৈছে সেই অচিন ভাইৰাছ৷ সেই গাহৰিটো মাকাওৰ এখন কেছিন’ত এজন ৰান্ধনীয়ে ৰান্ধিছে আৰু যি যি সেই গাহৰি ভক্ষণ কৰিছে তেওঁৰ শৰীৰলৈ নিঃশব্দে বাগৰিছে ঘাতক ভাইৰাছ, যি ভাইৰাছ ছিংগাপুৰৰ পৰা কঢ়িয়াই নি জীৱনৰ মূল্য ভৰিলে বেথ এমহফে৷

হলীউডৰ ‘ক’ণ্টাজিয়ন’ নামৰ এই ছবিখনৰ দৰেই অবিকলভাৱে যেন পাৰ হৈ গ’ল ২০২০ চনৰ সমগ্ৰ বছৰ৷ কণ্টাজিয়ন যি উপভোগ কৰিছে, তেওঁৰ বাবে ২০২০ চনৰ প্ৰতিটো ঘটনাক্ৰম তেনেই পৰিচিত, আৰম্ভণিৰ পৰা পৰিণতিলৈকে৷ হলীউডৰ এই থ্ৰিলাৰ যি উপভোগ কৰা নাই, বিশ্বৰ সেইজন বাসিন্দাৰ বাবেও ২০২০ চনটো আছিল কণ্টাজিয়নৰ শিহৰণ উদ্ৰেককাৰী দিনবোৰৰ দৰে, নিশাবোৰো আছিল হলীউডৰ এই ছবিখনৰ কাহিনীগাঁঠাৰ দৰে আতংক, কেৱল আতংকৰে ভৰা৷ আজি ২০২০ চনৰ অন্তিম দিনটোৰ শেষ ক্ষণত উপনীত হৈ যদি এইখন ধৰাৰ কোনো এজন বাসিন্দাক প্ৰশ্ন কৰা হয় তেওঁৰ দুঃস্বপ্ন কি আৰু জীৱনত পাহৰি যাবলৈ বিচৰা ঘটনাটো কি– তেতিয়া তেওঁ, লাগিলে তেওঁ যিয়েই নহওঁক, সাধাৰণ নাগৰিক বা ৰাষ্ট্ৰনেতা, ৰুগীয়া ব্যক্তি বা চিকিৎসক, নাবালক কিশোৰ বা বয়সত প্ৰবীন, উত্তৰ হ’ব একেই– কৰ’না ভাইৰাছ আৰু ২০২০ চনটো৷ 

হলীউডৰ কাহিনীত চিত্ৰায়িত, কিন্তু সততে অতিমানবিক ‘ফেণ্টাছী’ বুলি ভবা একেই ঘটনাই যদি সমস্ত বিশ্বক আবৰি ধৰে, অতিমাৰীৰ কৰাল গ্ৰাসে যদি এফালৰ পৰা জীৱশ্ৰেষ্ঠ মানুহক মৃত্যুৰ মুখলৈ তিল তিলকৈ ঠেলি নিয়ে, তেতিয়া তাতকৈ আৰু ডাঙৰ, ভয়ংকৰ দুঃস্বপ্ন থাকিব নোৱাৰে৷ সম্পূৰ্ণ এটা বছৰ এনে দুঃস্বপ্ন, আতংক আৰু ভীতিৰ মাজত কটোৱাৰ পাছত আজিৰ পৰা আৰম্ভ হ’বলগীয়া নতুন বছৰটোত বিশ্বৰ জীৱশ্ৰেষ্ঠ মানৱক জীয়াই থকাৰ বাবে সাহস দিয়া শব্দটোৰ নাম হৈছে– ভেক্‌চিন৷

এই চাৰিটা আখৰৰ শব্দটোৱেই এতিয়া বিশ্বৰ মানৱজাতিৰ সম্মুখত জীয়াই থখাৰ একমাত্ৰ আশা৷ ভাৰতৰ দৰে ১৩০ কোটি নাগৰিকৰ দেশত, য’ত সাধাৰণ স্বাস্থ্য ব্যৱস্থা তেনেই শোচনীয়, তাতো এতিয়া ভেক্‌চিন বা প্ৰতিষেধকেই সকলোৰে বাবে সাহস৷ ইতিমধ্যে বিশ্বৰ দুখন দেশে কৰ’নাৰ ভেক্‌চিন প্ৰদান আৰম্ভ কৰাৰ পাছত নতুন বছৰৰ যিকোনো দিনতে ভাৰতেও সামগ্ৰিকভাৱে সমগ্ৰ দেশত ভেক্‌চিন প্ৰদানৰ ঘোষণা কৰিবলৈ সাজু হৈছে৷ প্ৰস্তুতি সম্পূৰ্ণ, কেৱল ঘোষণাহে বাকী৷ কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া ২০২১ বৰ্ষৰ আৰম্ভণিতে আহিব সেই বহু প্ৰতিক্ষীত ঘোষণা, আকুল অপেক্ষাৰ অন্ত পৰিব৷ আজি বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে অহা দুই জানুৱাৰীত সমগ্ৰ দেশতে, প্ৰতিখন ৰাজ্যত ভেক্‌চিন প্ৰদানৰ ড্ৰাই ৰান অৰ্থাৎ পূৰ্ণকালীন আখৰা কৰিবলৈ নিৰ্দেশ জাৰি কৰি তাৰেই ইংগিত দিছে৷ অচিৰেই আহিব ভেক্‌চিন, এতিয়া চূড়ান্ত আখৰাৰ সময়৷ 

দৱাই ভি, কাঢ়াই ভি– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ সতৰ্কবাণী দি বৃহস্পতিবাৰে একপ্ৰকাৰ বুজাই দিছে, দৱাই [প্ৰতিষেধক] আহি আছে, তথাপি কঠোৰতাৰে সাবধানতা পালন কৰি থাকিব লাগিব৷ তেওঁ ক’লে– ‘আগতে কৈছিলো, যব তক দৱাই নেহী, তক তক ঢিলাই নেহী৷ কিন্তু ২০২১ত আমাৰ মন্ত্ৰ হ’ব, দবাই ভি, কাঢ়াই ভি৷’ প্ৰধানমন্ত্ৰীয়ে বছৰৰ শেষ দিনটোত প্ৰতিষেধক প্ৰদানৰ বাবে যিকোনো ক্ষনতে চৰকাৰে ঘোষণা কৰাৰ ইংগিত দি সাহস দিলে দেশবাসীক, নতুন বৰ্ষত সাহসেৰে জীয়াই থকাৰ, জীৱন যুদ্ধত অৱতীৰ্ণ হোৱাৰ বাবে৷ উল্লেখ্য, ‘চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্বন’ৰ বিশেষজ্ঞ কমিটীয়ে কালি বুধবাৰে এখন বৈঠকত মিলিত হৈ অক্সফৰ্ডৰ ক’ভিশ্বিল্ড আৰু ভাৰতৰ ক’ভাক্সিন নামৰ দুবিধ ভেক্‌চিন জৰুৰী ভিত্তিত দেশত সামগ্ৰিকভাৱে প্ৰদানৰ সিদ্ধান্ত লৈছে৷ কেৱল তাৰ চৰকাৰী ঘোষণাহে বাকী৷ একেলগে চৰকাৰে অনুমতি দিব পাৰে আমেৰিকাৰ মডেৰ্ণাৰ ভেক্‌চিন প্ৰদানৰো৷ সেয়ে আশা কৰা হৈছে, ২০২১ আৰম্ভ হ’ব সাহসেৰে, ভেক্‌চিনৰ সাহসেৰে, মৃত্যুৰ পৰা দুৰত থাকি নিৰাপদ, সুৰক্ষিত জীৱন ধাৰণ কৰি৷ যিদৰে হলীউডৰ কণ্টাজিয়ন ছবিত অৱশেষত মানৱ সভ্যতাই ধবংস কৰিছিল বিধবংসী, ঘাতক ভাইৰাছক৷ সেয়াই জীৱন যুদ্ধ, অদম্য সাহসৰ, ভেক্‌চিনে আনি দিয়া সাহসৰ৷