Logo
image

পুনৰ আৰম্ভ হ’ব ভাৰত-ব্ৰিটেইনৰ মাজত বিমানসেৱা

আমাৰ অসম, ০২ জানুৱাৰীঃ পুনৰ আৰম্ভ হ’ব ভাৰত-ব্ৰিটেইনৰ মাজত বিমানসেৱা। ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ব্ৰিটেইনত কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰে নিয়ন্ত্ৰণহীন পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে ২১ ডিচেম্বৰৰ পৰা ভাৰত চৰকাৰে সাময়িকভাৱে বন্ধ ৰাখিছিল ভাৰত-ব্ৰিটেইনৰ মাজত বিমানসেৱা। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৮ জানুৱাৰীৰ পৰা সীমিত সংখ্যক বিমান চলাচল কৰিবৰ বাবে ব্যৱস্থা লৈছে কেন্দ্ৰীয় চৰকাৰে। দুয়োখন দেশৰ মাজত ২৩ জানুৱাৰীলৈকে প্ৰতি সপ্তাহত ১৫ খনকৈ বিমান চলাচল কৰিব। দেশৰ চাৰিটা বিমানবন্দৰ দিল্লী, মুম্বাই, বেংগালুৰু আৰু হায়দৰাবাদৰ পৰা চলিব এই বিমান সমূহ। এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰিয়ে।