Logo
image

আদানি-কাণ্ডৰ তদন্তৰ বাৰম্বাৰ দাবীত পুনৰ স্থগিত হ’ল সদন

আমাৰ অসম, ৪ ফেব্ৰুৱাৰী:  বিজেপি চৰকাৰৰ অতি ঘনিষ্ঠ গুজৰাটী উদ্যোগপতি গৌতম আদানিৰ কৰ্প’ৰেট প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ বিষয়ে সংসদত বিৰোধী ৰাজনৈতিক দলে জনোৱা প্ৰতিবাদ শুকুৰবাৰেও অব্যাহত আছে৷ এই ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনোৱাৰ ফলত আজিও বন্ধ হৈ পৰিল সংসদৰ কাৰ্যক্ৰমণিকা৷ গৌতম আদানিক সুৰক্ষা দিবলৈ মোদী চৰকাৰ যে বদ্ধপৰিকৰ হৈ আছে সেই বিষয়টো শুকুৰবাৰে পুনৰ দেশবাসীৰ ওচৰত পৰিস্ফূত হৈ ৰ’ল৷ গৌতম আদানিয়ে আৰু তেওঁৰ কোম্পানীয়ে বিগত এক দশক ধৰি প্ৰতাৰণাৰে ভাৰতৰ শ্বেয়াৰ বজাৰ প্ৰভাৱিত কৰি থকাৰ যি বিস্ফোৰক অভিযোগ মাৰ্কিন কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে প্ৰকাশ কৰিছে আৰু যাৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ লক্ষ লক্ষ কোটি টকা লোকচান হৈছে সেই বিষয়টোক লৈ বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈ বৃহস্পতিবাৰৰ পাছত শুকুৰবাৰেও সংসদত আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু তদন্ত দাবী কৰিছিল৷ কিন্তু চৰকাৰী পক্ষ এই বিষয়টোক লৈ আলোচনাৰ বাবে সন্মত হোৱা দূৰৰে কথা, সদনৰ কামকাজ বন্ধ কৰি দিয়াৰ পক্ষহে ল’লে চৰকাৰে৷ ইয়াৰ ফলত শুকুৰবাৰে আগদিনাৰ দৰে একাধিকবাৰ উভয় সদনৰ কামকাজ স্থগিত ৰাখিবলগীয়া হ’ল৷ 

শুকুৰবাৰে পুনৰ সংসদৰ বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাত কংগ্ৰেছ দলৰ নেতৃত্বত সকলো বিৰোধী দল একগোট হৈ এই বিষয়টো আলোচনাৰ বাবে সংসদত উত্থাপন কৰাৰ দাবী জনাইছিল৷ সকলো বিৰোধী ৰাজনৈতিক দলে মোদীৰ ঘনিষ্ঠ উদ্যোগপতি আদানিৰ এই প্ৰতাৰণাৰ অভিযোগ যুটীয়া সংসদীয় কমিটী অথবা উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত কৰিবলৈ কালি জনোৱা দাবীত আজিও অটল আছিল৷ কিয়নো চৰকাৰীভাৱে তদন্ত কৰিলে সেই তদন্ত প্ৰভাৱিত হ’ব পাৰে বুলি বিৰোধী পক্ষই আশংকা কৰিছে৷ ইয়াৰ কাৰণ হৈছে আদানিৰ সৈতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ঘনিষ্ঠতা৷ সেয়ে বিৰোধী ৰাজনৈতিক দলে এই প্ৰতাৰণাৰ অভিযোগ যুটীয়া সংসদীয় কমিটী অথবা উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত হোৱাটো বিচাৰিছে৷ তেতিয়া সেই তদন্ত নিৰপেক্ষ হোৱাৰ সম্ভাৱনা আছে৷ কিন্তু চৰকাৰ এতিয়াও সেই দাবীত সন্মত হোৱা নাই আৰু বিৰোধী ৰাজনৈতিক দলৰ এই দাবী পূৰণ হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ কিয়নো ইয়াৰ পূৰ্বে ললিত মোদীৰ আই পি এল কেলেংকাৰি, নীৰৱ মোদীৰ ঋণ কেলেংকাৰি আৰু ৰাফাল চুক্তিৰ কেলেংকাৰি যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰিবলৈ আহ৩ান জনালেও মোদী চৰকাৰে সেই আহ্ৱান গণ্যই নকৰিলে৷ অথচ ইয়াৰ পূৰ্বে কংগ্ৰেছ চৰকাৰে বফৰ্ছ কেলেংকাৰি, হৰ্ষদ মেহতাৰ শ্বেয়াৰ বজাৰ কেলেংকাৰি, ২-জি কেলেংকাৰি  যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰাইছিল৷ 

ইপিনে যোৱা ২৪ জানুৱাৰীত আমেৰিকাৰ অখ্যাত এটা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে আদানি গোষ্ঠীয়ে প্ৰতাৰণাৰ জৰিয়তে ভাৰতীয় শ্বেয়াৰ বজাৰত প্ৰভাৱ বিস্তাৰ কৰি ধন লুটি থকা বুলি এক প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছত আদানি গোষ্ঠীৰ খহনীয়া এসপ্তাহ ধৰি অব্যাহত আছে৷ বিগত এসপ্তাহত আদানি গোষ্ঠীৰ জ্জটা বৃহৎ কোম্পানীৰ যি পৰিমাণৰ লোকচান হৈছে তাৰ ফলত আদানি গোষ্ঠীৰ ৮ লাখ  ২২ হাজাৰ কোটি টকা শ্বেয়াৰ বজাৰৰ সম্পদ অদৃশ্য হৈ গৈছে৷ যোৱা ২৪ জানুৱাৰীলৈকে বিশ্বৰ তৃতীয় চহকী ব্যক্তি হৈ থকা গৌতম আদানি বৃহস্পতিবাৰে বিশ্বৰ ২২ নম্বৰ স্থানলৈ খহি পৰিছে৷ আদানি গোষ্ঠীয়ে একাধিক প্ৰেছ বিবৃতি জাৰি কৰি মাৰ্কিন সংস্থাটোৰ প্ৰতিবেদন ভুৱা বুলি মন্তব্য কৰিছে৷ আনকি ৪১৩ পৃষ্ঠাৰ উত্তৰ দি আদানি গোষ্ঠীয়ে আত্মপক্ষ সমৰ্থন কৰিছে৷ কিন্তু ইমানৰ পাছতো আদানি গোষ্ঠীৰ সম্পত্তিৰ খহনীয়া ৰোৱাৰ নাম নাই৷ প্ৰতিদিনেই আদানিৰ সম্পত্তি খহি গৈছে আৰু সাম্ৰাজ্যৰ পতন ঘটিছে৷ যদিহে মাৰ্কিন সংস্থাটোৰ প্ৰতিবেদনৰ বিশ্বাসযোগ্যতাই নাই তেন্তে আদানিৰ এনে অৱস্থা হৈছে কিয় সেই লৈ দেশতে নহয় সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে৷ আদানি গোষ্ঠীয়ে যে প্ৰৱঞ্চনাৰ জৰিয়তে শ্বেয়াৰ বজাৰৰ পৰা ধন লুটি আছিল সেয়া যেন ক্ৰমাৎ প্ৰতিপন্ন হ’বলৈ আগবাঢ়িছে৷ আদানি গোষ্ঠীৰ ৭টা ফ্লেগশ্বিপ কোম্পানীৰ পতন দেশৰ শ্বেয়াৰ বজাৰত সেই একেই অস্বাভাৱিক ৰূপত অব্যাহত আছে৷ আনকি আমেৰিকাৰ শ্বেয়াৰ বজাৰতো শুকুৰবাৰে ইয়াৰ প্ৰভাৱ পৰে৷ ফলত ডাও জোনছৰ সুচকাংকৰ পতন ঘটে৷ এনে পৰিস্থিতিত আদানিৰ কোম্পানী আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ পৰা আঁতৰাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷