Logo
image

জীৱন বীমাৰ ৰক্তক্ষয়, উদ্বিগ্ন মধ্যবিত্ত

আমাৰ অসম, ২৫ ফেব্ৰুৱাৰীঃ ভাৰতীয় জীৱন বীমা নিগমে [এল আই চি] এতিয়া আৰু আদানি গোষ্ঠীত তেওঁলোকৰ বিনিয়োগ লাভজনক বুলি কোটি কোটি গ্ৰাহকক আশ্বস্ত কৰাৰ শেষ সুযোগকনো অৱশেষত নোহোৱা হ’ল৷ কিয়নো এল আই চিয়ে আদানি গোষ্ঠীৰ যি সাতটা কোম্পানীত তেওঁলোকৰ ওচৰত গ্ৰাহকে জমা ৰখা ধন বিনিয়োগ কৰিছিল তাৰ পৰাও প্ৰায় ১০ হাজাৰ কোটি টকা হানি হৈ সামগ্ৰিকভাৱে এল আই চিৰ আদানি গোষ্ঠীত বিনিয়োগৰ লাভ-মুলৰ পৰা লোকচান হৈছেগৈ ৫৬,১০৯ কোটি টকা৷ এয়া এল আই চিৰ বৃহস্পতিবাৰ পৰ্যন্ত হোৱা লোকচানৰ হিচাপ৷ লোকচানৰ এই খবৰে দেশৰ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত লোকক আতংকিত কৰি তুলিছে৷ কিয়নো এল আই চিত   আছে দেশৰ কোটি কোটি সাধাৰণ লোকৰ কষ্টাৰ্জিত ধনৰ সঞ্চয়৷ কম পৰিমাণত সচাৰ সুবিধা থকাৰ বাবে এল আই চিত দেশৰ মধ্যবিত্তৰ উপৰি নিম্ন মধ্যবিত্ত লোকেও পলিচি খোলে৷ এই লোকচানে তেওঁলোককো ক্ষতিগ্ৰস্ত কৰিব নেকি বুলি ভাবি সকলোৱেই উদ্বিগ্ন হৈ পৰিছে৷ এল আই চিয়ে আদানি গোষ্ঠীৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰ বা অংশীদাৰিত্ব ক্ৰয় কৰি বিনিয়োগ কৰিছিল মুঠতে ৩৬,৪৭৪ কোটি টকা৷ বৃহস্পতিবাৰে সেই ধনৰ পৰিমাণ হ্ৰাস হৈ হৈছেগৈ ২৬,৮৬১ কোটি টকা৷ অৰ্থাৎ এল আই চিৰ মূলৰ পৰা লোকচান হৈছে ৯,৬১৩ কোটি টকা৷ বিগত ৫০ দিনত এল আই চিৰ আদানি গোষ্ঠীত লোকচানৰ পৰিমান পৰ্বতসম ৫৬,১০৯ কোটি টকা৷ কিয়নো এল আই চিয়ে আদানি গোষ্ঠীৰ পৰা ক্ৰয় কৰা ৩৬,৪৭৪ কোটি টকাৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি হৈ যোৱা ৩১ ডিচেম্বৰত হৈছিলগৈ ৮২,২৯৭০ কোটি টকা৷ সেই হিচাপত যোৱা ৫০ দিনত এল আই চিয়ে আদানি গোষ্ঠীৰ লোকচানৰ ফলত হেৰুৱাবলগীয়া হ’ল ৫৬,১০৯ কোটি টকা৷ আদানি গোষ্ঠীৰ পতনৰ ফলত এতিয়া এল আই চিয়ে লাভে-মূলে এই বৃহৎ পৰিমাণৰ ধন হেৰুৱাবলগীয়া হোৱাৰ ঘটনাই দেশৰ সৰ্ববৃহৎ বীমা কোম্পানীটোৰ কোটি কোটি গ্ৰাহকক উৎকণ্ঠিত কৰি তুলিছে৷

এল আই চি বা তেনে ধৰণৰ বীমা কোম্পানীয়ে দেশৰ শ্বেয়াৰ বজাৰত লাভৰ আশাতে বিনিয়োগ কৰে৷ কিয়নো বীমা কোম্পানীয়ে তেওঁলোকৰ গ্ৰাহকক মৃত্যুৰ ক্ষতিপূৰণ হিচাপে কম বিনিয়োগৰ বিনিময়ত বৃহৎ অংকৰ ধন ক্ষতিপূৰণ হিচাপে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷ যিহেতু কম টকাৰ প্ৰিমিয়াম লৈ গ্ৰাহকক প্ৰয়োজনবোধে জীৱন বীমা কোম্পানীয়ে ক্ষতিপূৰণ হিচাপে অধিক টকা দিবলগীয়া হয়, সেয়ে এল আই চিৰ দৰে বীমা কোম্পানীয়ে সেই ধন আন উৎসৰ পৰা লাভ হিচাপে আহৰণ কৰিবলৈ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে৷ তদুপৰি বীমা কোম্পানীয়ে গ্ৰাহকক তেওঁলোকৰ বিনিয়োগৰ প্ৰতিদানত পলিচি মেচিউৰ হ’লে অধিক ধন ঘূৰাই দিবলগীয়া হয়৷ জীৱন বীমাৰ ‘ক্লেইম’ বা ক্ষতিপূৰণৰ লগতে গ্ৰাহকক লভ্যাংশ ঘূৰাই দিবলগীয়া ধন বীমা কোম্পানীয়ে কোনো অধিক লাভ হোৱা বিত্তীয় খণ্ডত বিনিয়োগ কৰাৰ গত্যন্তৰ নাথাকে৷ কম সময়ত অধিক ধন ঘূৰাই পোৱাৰ সুযোগ থাকে শ্বেয়াৰ বজাৰত কৰা বিনিয়োগত৷ শ্বেয়াৰ বজাৰত লোকচানৰ আশংকাও থাকে৷ কিন্তু অধিক লাভৰ বাবেই বীমা কোম্পানীয়ে শ্বেয়াৰ বজাৰত গ্ৰাহকৰ ধন বিপদৰ আশংকা আওকান কৰিও বিনিয়োগ কৰিবলৈ বাধ্য হয় আৰু তেনে বিনিয়োগ আদানি গোষ্ঠীৰ দৰে অধিক লাভজনক কোম্পানীতে কৰাটো স্বাভাৱিক প্ৰক্ৰিয়া৷ যিহেতু প্ৰবঞ্চনা কৰি হ’লেও আদানি গোষ্ঠীৰ কোম্পানীয়ে দেশৰ শ্বেয়াৰ বজাৰত অস্বাভাৱিক লাভৰ মুখ দেখিছিল, সেয়ে অতি স্বাভাৱিকভাৱেই দেশৰ বৃহত্তম আৰু চৰকাৰী বীমা প্ৰতিষ্ঠান এল আই চিয়েও আদানিৰ লাভদায়ক কোম্পানীত বিশাল পৰিমাণৰ ধন বিনিয়োগ কৰিছিল৷ কিন্তু যোৱা ২৪ জানুৱাৰীত আমেৰিকাৰ স্বল্পখ্যাত শ্বৰ্ট চেল কোম্পানী হিণ্ডেনবাৰ্গ ৰিছাৰ্চে ভাৰতীয় শ্বেয়াৰ বজাৰত কৰা প্ৰবঞ্চনাৰ কথা উন্মোচন কৰে৷ মাৰ্কিন কোম্পানীটোৱে তেওঁলোকৰ প্ৰতিবেদনত ঘাইকৈ তিনিটা বিষয় উন্মোচিত কৰে৷ হিণ্ডেনবাৰ্গৰ মতে–[১] আদানি গোষ্ঠীয়ে ভাৰতৰ শ্বেয়াৰ বজাৰত প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ জৰিয়তে নিজৰ শ্বেয়াৰৰ মূল্য বহু অধিক হিচাপে প্ৰদৰ্শন কৰি দশকজুৰি মুনাফা লুটি আছে, [২] বিশ্বৰ আয়কৰ নোহোৱা দেশত ধন বে-আইনীভাৱে সঞ্চিত কৰি দেশত আয়কৰ ফাঁকি দিছে আৰু [৩] দেশ-বিদেশৰ পৰা আদানি গোষ্ঠীয়ে যি বৃহৎ পৰিমাণৰ ঋণ লৈছে সেয়া বিপজ্জনকভাৱে অধিক, যি ঋণ পৰিশোধ কৰাৰ ক্ষমতা আদানি গোষ্ঠীৰ নাই৷

এই প্ৰতিবেদন প্ৰকাশ হোৱাৰ লগে লগে ভাৰতৰ শ্বেয়াৰ বজাৰত আদানি গোষ্ঠীৰ তালিকাভূক্ত সকলো কোম্পানীৰ, ঘাইকৈ ৭টা কোম্পানীৰ শ্বেয়াৰৰ মূল্যৰ অস্বাভাবিক পতন ঘটে৷ ভাৰতীয় জীৱন বীমা নিগমে এই সাতটা কোম্পানীতে বিনিয়োগ কৰিছিল৷ ইয়াৰ ফলত এল আই চিৰো লোকচান আৰম্ভ হয়৷ আদানি গোষ্ঠীৰ পতনৰ আৰম্ভণিতে এল আই চিয়ে তেওঁলোকৰ গ্ৰাহকক আশ্বস্ত কৰি যোৱা ৩০ জানুৱাৰীত এটা বিবৃতি প্ৰকাশ কৰি তেওঁলোকৰ বিনিয়োগৰ পৰিমাণ আৰু তেতিয়াও আদানি গোষ্ঠীত হৈ থকা লাভৰ অংক প্ৰকাশ কৰিছিল৷ ৩০ জানুৱাৰীত এল আই চিয়ে বিবৃতিত জনাইছিল যে তেওঁলোকে আদানি গোষ্ঠীত মুঠতে ৩৬,৪৭৪.৭৮ কোটি টকা বিনিয়োগ কৰি থৈছে৷ ৩০ জানুৱাৰীত লাভে মুলে আদানি গোষ্ঠীত এল আই চিৰ থকা ধনৰ পৰিমাণ হৈছে ৫৬,১৪২ কোটি টকা৷ ৩১ ডিচেম্বৰত লাভে মূলে আছিল ৮২,৯৭০ কোটি টকা৷ এমাহত সেই ধন লোকচানৰ ফলত ৫৬,১৪২ কোটিলৈ হ্ৰাস হ’লেও তেতিয়াও এল আই চি লাভত থকা বুলি কৈ গ্ৰাহকক আশ্বস্ত কৰিছিল৷ কিন্তু আজিৰ দিনটোত এল আই চিয়ে গ্ৰাহকক আশ্বস্ত কৰিব পৰাৰ কোনো সুযোগ নাই৷ কিয়নো লাভতো হেৰালেই, এল আই চিয়ে যি বিনিয়োগ কৰিছিল তাৰো অৰ্থাৎ মূলধনৰো ৯,৬১৩ কোটি টকা লোকচান হৈ বতাহত মিলি গ’ল৷ অৱশ্যে বিবৃতিটোত এল আই চিয়ে জনাইছিল যে, আদানি গোষ্ঠীত তেওঁলোকৰ যি বিনিয়োগ আছে সেয়া এল আই চিৰ মুঠ সম্পদৰ পৰিমাণৰ ০.৯১ শতাংশ অৰ্থাৎ এক শতাংশতকৈও কম৷ তথাপি দেশৰ কোটি কোটি গ্ৰাহকে পৰম বিশ্বাসত চৰকাৰী জীৱন বীমা কোম্পানী বুলি খোলা পলিচিৰ ধন এনেদৰে লোকচান হোৱাত স্বাভাৱিকতে এল আই চিৰ গ্ৰাহকসকল আতংকিত হৈ পৰিছে৷ তেওঁলোকৰ ধন কি হ’ব সেই লৈ উৎকণ্ঠিত হৈয়ো পৰিছে গ্ৰাহকসকল৷  ইপিনে আদানি গোষ্ঠীৰ ভাৰতীয় শ্বেয়াৰ বজাৰত থকা ধনৰ ১২ লাখ কোটি টকা বিগত এমাহত লোকচান হৈছে৷ যোৱা ২৪ জানুৱাৰীত শ্বেয়াৰ বজাৰত থকা আদানি গোষ্ঠীৰ কোম্পানীৰ মুঠ ধনৰ পৰিমাণ আছিল ১৯ লাখ কোটি৷ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে খহাই পেলোৱা আদানিৰ সাম্ৰাজ্যৰ শুকুৰবাৰে দেশৰ শ্বেয়াৰ বজাৰত থকা অৱশিষ্ট ধনৰ পৰিমাণ হৈছেগৈ ৭.৩ লাখ কোটি টকা৷ সেই ধনৰো পতন অব্যাহত আছে৷ যদি পতন এনেদৰে অব্যাহত থাকে এপষেকৰ ভিতৰত সেই ৭ লাখ কোটি টকা শূন্যত পৰিণত হোৱাতো ধুৰুপ৷