Logo
image

আই পি এলত কিয় নেখেলিলে, কাৰণ জনালে শ্বাকিব আল হাছানে

আমাৰ অসম, ৮ এপ্ৰিলঃ  আই পি এলৰ ষষ্ঠদশ ছীজনত খেলাৰ পৰা বাংলাদেশৰ অলৰাউণ্ডাৰ শ্বাকিব আল হাছান বিৰত থকাটো বহুতৰ বাবে আছিল আশ্চৰ্যৰ বিষয়৷ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ স্বাৰ্থত তাৰকা অলৰাউণ্ডাৰজনক আই পি এলত খেলাৰ অনুমতি দিয়া নাই বুলিয়েই বাতৰি প্ৰকাশ পাইছিল৷ অৱশেষত বিষয়টোত মুখ খুলিলে ক্ৰিকেটাৰজনে৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে সমাপ্ত হোৱা একমাত্ৰ টেষ্টখনৰ পাছত সংবাদ মেলত শ্বাকিবে জনালে আই পি এলত নেখেলাৰ কাৰণ৷ মীৰপুৰৰ শ্বেৰ এ বাংলা ষ্টেডিয়ামত অনুষ্ঠিত টেষ্টখনত বাংলাদেশ জয়ী হয় সাত উইকেটত৷ তাৰ পাছতে সাংবাদিকৰ সন্মুখীন হয় অধিনায়ক শ্বাকিব৷ স্বাভাৱিকতে সকলোৱে প্ৰশ্ন কৰিছিল আই পি এলত নেখেলা প্ৰসংগত৷ সোধা হৈছিল সকলোখিনি হৈ যোৱাৰ পাছত অচম্বিতে কলকাতা নাইট ৰাইডাৰ্ছৰ জাৰ্ছীত নেখেলাৰ সিদ্ধান্ত ল’বলগীয়া হ’ল কিয়? জনপ্ৰিয় টুৰ্নামেণ্টখনৰ পৰা আঁতৰি থকাৰ সিদ্ধান্তক লৈ আক্ষেপ নাইনে? উত্তৰত তেওঁ কৈছিল–‘নিঃসন্দেহে এটা ভাল সুযোগ আছিল৷ বিশ্বকাপৰ বছৰ৷ তাতে ভাৰতত খেল৷ খেলিব পৰা হ’লে বৰ ভাল আছিল৷ কিন্তু ফেমিলী ইমাৰ্জেন্সী, অৰ্থাৎ পাৰিবাৰিক কাৰণত মোৰ আই পি এল খেলা নহ’ল৷’ তেনহ’লে আই পি এলত নেখেলাটো শ্বাকিবৰ নিজস্ব সিদ্ধান্ত আছিল?–এই প্ৰশ্নৰ উত্তৰতো ক্ৰিকেটাৰজনে কেৱল কৈছিল–‘ফেমিলী ইমাৰ্জেন্সী৷’

উল্লেখ্য, বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে পূৰ্বেই স্পষ্ট কৰি দিছিল যে ৰাষ্ট্ৰীয় দলৰ খেল থাকিলে বাংলাদেশৰ কোনো ক্ৰিকেটাৰক ফ্ৰেন্সাইজী ক্ৰিকেট লীগত ভাগ লোৱাৰ অনুমতি দিয়া নহ’ব৷ শ্বাকিবৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নহ’ব৷ তাৰ পাছতো আই পি এলৰ দলবোৰে বাংলাদেশৰ ক্ৰিকেটাৰৰ সৈতে চুক্তি কৰিছিল৷