Logo
image

হেট্ৰিক অসাৰ, ৫ বলত ৫টা ছয়ৰে জয়

আমাৰ অসম, ১০ এপ্ৰিলঃ ক্ৰিকেটাৰৰ কেৰিয়াৰত ‘দ্য শ্ল' ষ্টাৰ্টাৰ’ হিচাপে বদনাম গোটাইছিল ৰিংকু সিঙে৷ ছ’চিয়েল মিডিয়াত তেওঁ বাৰম্বাৰ ট্ৰ’লৰ চিকাৰ হৈছিল৷ স্থায়ীভাৱে ৰৈ গৈছিল ‘শ্ল' ষ্টাৰ্টাৰ’ৰ নাম৷ ফেচবুকত মিমৰ উপৰি মিম৷ কিন্তু সকলোৰে দিন সদায় সমানে নাযাায়৷ কোনোৱা তাৰকা হয় আৰু কোনো খলনায়কলৈ পৰ্যবসিত হয়৷ ৰিংকু সিঙৰো ভাগ্যৰবি উদয় হ’ল গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়য়ামত আইপিএলত৷ তেতিয়া সন্ধিয়াৰ আন্ধাৰে ঢাকি ধৰা আহমেদাবাদৰ ষ্টেডিয়ামত জলন্ত ফ্লাড লাইটতকৈয়ো উজ্বল হৈ উঠিছিল অতদিনে শ্ল' ষ্টাৰ্টাৰ হিচাপে কুখ্যাতি অৰ্জন কৰা ৰিংকু সিঙে৷ সেই সময়ত গুজৰাট টাইটানছৰ বিৰুদ্ধে শেষ অভাৰত অৰ্থাৎ ৬টা বলত প্ৰয়োজন আছিল ২৯ ৰান৷ যশ দয়ালৰ প্ৰথমটো বলত ১ ৰান কৰি উমেশ যাদবে ষ্ট্ৰাইক দলে ৰিংকু সিঙক৷ দলক বিজয়ৰ বাবে প্ৰয়োজন ৫টা বলত ২৮ ৰান৷ ক্ৰিজত বাওঁহতীয়া টপ অৰ্ডাৰ বেটাৰ ৰিংকু সিং৷ নিজ ৰাজ্য উত্তৰ প্ৰদেশৰ হৈ টপ অৰ্ডাৰত বেটিং কৰা ৰিংকু সিঙক কলকাতা নাইট ৰাইডাৰ্ছে ল’ৱাৰ মিডল অৰ্ডাৰতহে বেটিং কৰিবলৈ পঠিয়াইছিল৷ ইতিপূৰ্বে গুজৰাট টাইটানছৰ অধিনায়ক ৰছিদ খানে হেটট্ৰিক কৰি দলক বিজয়ৰ দুৱাৰমুখলৈ আগবঢ়াই নিছিল৷ কলকাতাৰ বিজয় প্ৰকৃততে যিজন ক্ৰিকেটাৰৰ ওপৰত ইনিংছৰ শেষৰ পিনে নিৰ্ভৰ কৰিছিল, সেই আন্দ্ৰে ৰাছেলক প্ৰথমে আৰু পৰৱৰ্তী দুটা বলত নাৰাইন আৰু শাৰ্দুল ঠাকুৰক বিদায় দি অবিশ্যাস্য হেটট্ৰিকেৰে দলক মেচলৈ ওভোটাই আনিছিল ৰছিদে৷ ৰছিদৰ হেটট্ৰিকৰ পাছত কলকাতাৰ জয় আছিল প্ৰায় অলীক স্বপ্ন৷

কিন্তু ক্ৰিকেট যে মহান অনিশ্চয়তাৰ খেল সেয়া দেওবাৰে আহমেদাবাদত পুনৰ প্ৰতীয়মান হ’ল৷ বিজয় যাৰ পৰা দলে আশা কৰা নাছিল, সেই ৰিংকু সিঙেই অন্তিম অভাৰৰ ৫টা বলত দপকৈ উজলি উঠিল৷ পৰৱৰ্তী ৫টা বলতে তেওঁ প্ৰহাৰ কৰিলে এটা এটাকৈ ৫টা ছিক্সাৰ৷ শেষ বলটোত অভাৰ বাউণ্ডেৰী মাৰি ৰিংকু সিঙে আৰু পাছলৈ ঘূৰি নাচালে৷ পোনে পোনে দৌৰিলে ডাগ-আউটলৈ৷ ৫টা বলত ৰিংকু সিঙে নিজৰ ক্ৰিকেটৰ ভাগ্যৰবি  সলনি কৰি পেলালে৷ অৱিশ্বাস্য ঘটনাত মুক হৈ পৰিল গুজৰাট দলৰ স্থানীয় দলটোৰ অনুৰাগী৷ কলকাতাৰ সমৰ্থক বুলিবলৈ আহমেদাবাদৰ ষ্টেডিয়ামত তেনেকৈ থকাৰ কথাও নাছিল৷ কিন্তু উল্লাসত মত্ত হৈ পৰিল কে কে আৰৰ প্ৰত্যেকজন সদস্য৷ স্বাভাৱিকতে এয়া আছিল অবিশ্বাস্যপ্ৰায় ঘটনা, যিটো ক্ৰিকেটতহে সম্ভৱ; য’ত শেষ বলটো নেখেলাকৈ জয়-পৰাজয়ৰ কথা ক’ব নোৱাৰি৷ ৮০লাখ টকাত কলকাতাই ক্ৰয় কৰা ৰিংকু সিং ইমানদিনে দলৰ নিৰ্ভৰযোগ্য হৈ উঠিব পৰা নাছিল৷ কিন্তু দেওবাৰৰ আইপিএলৰ এই মেচৰ অন্তত ৰিংকু সিং এতিয়া কেকেআৰৰ নৱউত্থিত তাৰকা৷

আইপিএলৰ সমৰ্থকক এইকথা কোৱাৰ প্ৰয়োজন নাই যে, ২০ অভাৰত ঘৰুৱা দল গুজৰাট টাইটানছে ৪ উইকেটত ২০৪ ৰান কৰিছিল আৰু সেয়া কেকেআৰে সম্পূৰ্ণ কৰিলে শেষ বলত তিনিটা উইকেট হাতত ৰাখি৷