Logo
image

বিৰাট-গাংগুলীৰ সংঘাত তুংগত

আমাৰ অসম, ১৯ এপ্ৰিলঃ  সৌৰভ গাংগুলী আৰু বিৰাট কোহলিৰ মাজৰ তিক্ততাপূৰ্ণ সম্পৰ্ক ক্ৰিকেট মহলত সকলোৱে জানে৷ সৌৰভ গাংগুলী ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি হৈ থকাৰ সময়ৰ পৰাই দুয়োৰে মাজত মনোমালিন্য ঘটিছিল৷ সেই সময়তে আকস্মিকভাৱে তিনিটা সংস্কৰণৰ এটাৰ নেতৃত্বৰ পৰা বিৰাট কোহলিক আঁতৰ কৰা হৈছিল আৰু আন সংস্কৰণৰ নেতৃত্বৰ পৰা বিৰাট নিজেই আঁতৰি আহিছিল৷ তেতিয়াৰ ব’ৰ্ড সভাপতি সৌৰভ গাংগুলীৰ বাবেই বিৰাট কোহলিয়ে নেতৃত্ব হেৰুৱাইছিল বুলি ক্ৰিকেট মহলত প্ৰৱল চৰ্চা হয়৷ তেতিয়াৰ পৰাই দেশৰ প্ৰাক্তন অধিনায়ক আৰু অৰ্বাচীনৰ মাজত সংঘাতৰ সূচনা৷ এতিয়া গাংগুলীও ব’ৰ্ড সভাপতি নহয় আৰু বিৰাট কোহলিও টীম ইণ্ডিয়াৰ অধিনায়ক নহয়৷ কিন্তু আইপিএলক আশ্ৰয় কৰি দুয়োৰে ক্ৰিকেটৰ পথাৰত সৰৱ উপস্থিতি৷  একে সময়তে দুয়োৰে সংঘাত এতিয়া তুংগত৷ শেহতীয়াকৈ দিল্লী কেপিটেল্‌ছ আৰু আৰ চি বিৰ মেচত গাংগুলী আৰু কোহলি মুখামুখি হৈয়ো দুয়ো কৰমৰ্দন নকৰা আৰু ইজনে সিজনৰ প্ৰতি অদ্ভূতভাৱে দৃষ্টি নিক্ষেপ কৰাৰ ঘটনাই দুয়োৰে সংঘাতৰ বিষয়ত জল্পনা-কল্পনা বঢ়াই তুলিছে৷ সেই ঘটনাত ইন্ধন যোগাইছে পৰস্পৰে পৰস্পৰক ছ’চিয়েল মিডিয়াত আনফ’ল’ কৰাৰ কথাই৷ সোমবাৰে হঠাতে দেখা গ’ল, কোহলিয়ে সৌৰভ গাংগুলীক ইনষ্টাগ্ৰামত আনফ’ল’ কৰিছে৷ প্ৰত্যুত্তৰত সৌৰভ গাংগুলীয়েও বিৰাট কোহলিক আনফ’ল’ কৰে৷ সোমবাৰে পুৱালৈকে দেখা গৈছিল সৌৰভ গাংগুলীয়ে যিসকলক ফ’ল’ কৰে, সেই তালিকাত কোহলি আছে৷ কিন্তু দুপৰীয়া দেখা গ’ল, তালিকাৰ পৰা বাদ পৰিছে বিৰাট কোহলি৷ এনেদৰেই দুয়ো পৰস্পৰৰ প্ৰতি তিক্ততা প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়াত৷ ইপিনে, ধোনিৰ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মেচত অতিৰিক্ত আগ্ৰাসী মনোভাৱ প্ৰকাশ কৰাৰ বাবে কোহলিৰ ১০ শতাংশ মেচ-ফী কৰ্তন কৰা হৈছে৷ সেইদৰে অফফিল্ড-অনফিল্ড উভয়তে বিপৰ্যয়ৰ মুখত পৰিছে বিৰাট কোহলি৷