Logo
image

‘হোৱাট্‌ছএপ’ এৰি ‘ছিগ্‌নেল’মুখী ন-প্ৰজন্ম

গোপনীয়তা ভংগৰ আশংকা

আমাৰ অসম, ১৩ জানুৱাৰীঃ বহুল ব্যৱহূত অনলাইন মেছেজিং এপ্‌ ‘হোৱাট্‌ছএপ’ত গোপনীয়তা ভংগৰ আশংকাত এতিয়া ‘হোৱাট্‌ছএপ’ এৰি ‘ছিগ্‌নেল’ত প্ৰৱেশ কৰিছে যুৱ প্ৰজন্মই৷ অনলাইন মেছেজিং এপ্‌ ছিগ্‌নেলত বহু সুবিধাজনক ফিচাৰ্ছ আৰু গোপনীয়তা অটুট থকাত যুৱপ্ৰজন্মক অধিক আকৰ্ষিত কৰিছে মেছেজিং এপ্‌টোৱে৷ উল্লেখ্য, জনপ্ৰিয় এপ্‌ হোৱাট্‌ছএপে ব্যৱহাৰকাৰীৰ তথ্য গোপনীয়তাৰ সন্দৰ্ভত নতুন চৰ্ত আৰোপ কৰাত ব্যৱহাৰকাৰীসকল শংকিত হৈ পৰা দেখা গৈছে৷ বিভিন্নজনলৈ প্ৰেৰণ কৰা বাৰ্তা, ছবি, ভিডিঅ’কে ধৰি সকলো তথ্যৰ গোপানীয়তা ভংগ হোৱাৰ আশংকাত শেহতীয়াকৈ বিভিন্নজনে হোৱাট্‌ছএপ ত্যাগ কৰাত চিন্তিত হৈ পৰিছে হোৱাট্‌ছএপ কতৃৰ্পক্ষ৷ টুইটাৰত শ্বেয়াৰ কৰা দুটা পোষ্টত ফেচবুকৰ মালিকানাধীন মঞ্চই কয়– হোৱাট্‌ছএপৰ গোপনীয়তা নীতি আপডেট কৰিলে তেওঁলোকৰ বন্ধু আৰু পৰিয়ালৰ সৈতে ব্যৱহাৰকাৰীৰ ‘চাট’ৰ গোপানীয়তাত কোনো প্ৰভাৱ নপৰে৷ প্ৰেৰণ কৰা বাৰ্তাসমূহ ‘এণ্ড টু এণ্ড এনক্ৰীপ্‌শ্বন’ৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব৷ ইপিনে, হোৱাট্‌ছএপৰ গোপনীয়তা নীতি আপডেটক লৈ চিন্তিত হৈ পৰা ব্যৱহাৰকাৰীয়ে এলন মাস্কৰ মেছেজিং ছাইট ‘ছিগ্‌নেল’ এপ্‌ ব্যাপক মাত্ৰাত ডাউনলোড কৰা দেখা গৈছে৷ ছিগ্‌নেল এপ্‌ ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ সুবিধাসমূহ হৈছে– পঞ্জীয়ন কৰাৰ সময়ত হোৱাট্‌ছএপৰ দৰে বিভিন্ন তথ্য নিবিচাৰি কেৱল ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰহে বিচাৰে৷ ছিগ্‌নেল এপৰ জৰিয়তে হোৱাট্‌ছএপৰ দৰে ভয়চ কল আৰু ভিডিঅ’ কল কৰাৰ সুবিধা আছে৷ ছিগ্‌নেল ব্যৱহাৰৰ বাবে নিজৰ পক্ষৰ পৰা বেলেগকৈ কোনো ধন ভৰিব নালাগে৷ ইয়াৰ বিপৰীতে হোৱাট্‌ছএপ ব্যৱহাৰত মোবাইল ডাটা ব্যৱহাৰ কৰা হয়৷ এই এপ্‌ ‘এণ্ড টু এণ্ড এনক্ৰীপ্‌ড’ অৰ্থাৎ প্ৰেৰণকাৰী আৰু গ্ৰহণকাৰীৰ মাজতেই সীমাবদ্ধ হৈ থাকে৷ ফলত ব্যৱহাৰকাৰীৰ কোনো বাৰ্তা আনে চাব নোৱাৰে৷ ছিগ্‌নেলত এটা ভিডিঅ’ কলত একেলগে ৮জন ব্যক্তি সংযুক্ত হ’ব পাৰে৷ মেছেজ, ফাইল, ভয়চ, নোট, ছবি আৰু ভিডিঅ’ মেছেজ পঠিয়াব পাৰে ছিগ্‌নেলত৷ ব্যৱহাৰকাৰীয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময়ৰ পাছত ছিগ্‌নেলৰ পৰা নিজে নিজেই নোহোৱা হৈ যায় মেছেজসমূহ৷ য’ত ন্যূনতম ৫ ছেকেণ্ডৰ পৰা সৰ্বাধিক এসপ্তাহ সময় নিৰ্ধাৰণ কৰি দিব পাৰে ব্যৱহাৰকাৰীয়ে৷ ছিগ্‌নেল এপত ফটো উঠোৱাৰ সময়ত মানুহৰ মুখ ‘ব্লাৰ’ কৰি দিয়াৰ সুবিধা আছে৷ অৱশ্যে এনে সুবিধা থাকিলেও ছিগ্‌নেল এপ্‌ ব্যৱহাৰৰ অন্যতম সমস্যা হৈছে মোবাইলৰ বেটাৰীৰ চাৰ্জ সোনকালে শেষ হয়৷ তদুপৰি অধিক সময় ব্যৱহাৰ কৰিলে ফোনটো গৰম হৈ পৰে৷ ২০১৪ চনত মুকলি হোৱা ছিগ্‌নেল এপ্‌টো হোৱাট্‌ছএপৰ সংগ ত্যাগ কৰি সহ-প্ৰতিষ্ঠাপক ব্ৰায়েন এক্সনে ২০১৭ চনত যোগদান কৰাৰ পাছতেই জনপ্ৰিয় হৈ পৰিছিল৷