Logo
image

শাস্তি পাব মাৰাডোনাৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকে

২০২০ চনৰ ১৫ নৱেম্বৰত ৬০ বছৰ বয়সত মৃত্যু হৈছিল বিশ্ব ফুটবলৰ ৰাজপুত্ৰ আৰ্জেণ্টিনাৰ কিংবদন্তি ডিয়েগো মাৰাডোনাৰ৷ তেওঁৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্ৰ বিশ্বৰ ফুটবলপ্ৰেমীক শোকাহত কৰিছিল৷ পৰৱৰ্তী সময়ত মাৰাডোনাৰ চিকিৎসাৰ দায়িত্বত থকা আঠজন  চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ অৱহেলাৰ বাবে বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰজনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছিল৷ এই অভিযোগৰ পাছত বিষয়টোৰ তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল আৰ্জেণ্টিনাৰ আদালত এখনে৷ সেই অনুসৰি অহা বছৰ অভিযুক্তসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হ’ব৷ উল্লেখ্য, হৃদৰোগত আক্ৰান্ত হৈ নিজ বাসভৱনত মৃত্যু হৈছিল মাৰাডোনাৰ৷ কোৱা হৈছিল তেওঁৰ মৃত্যুত অস্বাভাৱিক একোৱেই নাছিল৷ কিন্তু অন্তিম সময়ত মাৰাডোনাই সঠিক চিকিৎসা আৰু পৰিচৰ্যা নোপোৱাৰ অভিযোগ উঠিছিল আৰু এই বিষয়টোৱে যথেষ্ট বিতৰ্কৰো সৃষ্টি কৰিছিল৷ আৰ্জেণ্টাইন ফুটবল ছুপাৰষ্টাৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্‌ঘাটনৰ বাবে আনুষ্ঠানিকভাৱে মেডিকেল ব’ৰ্ড গঠন কৰা হৈছিল আৰু মেডিকেল ব’ৰ্ডৰ তদন্তৰ প্ৰতিবেদনত কোৱা হৈছিল যে অন্তিম ১২ ঘণ্টা অসহ্য যন্ত্ৰণাত ভুগিবলগীয়া হৈছিল প্ৰাক্তন ফুটবলাৰজন৷ সেই সময়ত তেওঁ যথোচিত চিকিৎসা পোৱা নাছিল৷ সঠিক সময়ত হাস্পতাললৈ লৈ যোৱা হ’লে হয়তো মাৰাডোনাক বচাব পৰা গ’লহেঁতেন বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনৰ ভিত্তিত বুয়েনছ আয়াৰ্ছৰ ছান ইছিড্ৰো আদালতত তিনিজনীয়া বিচাৰকৰ পেনেলৰ সন্মুখত বিষয়টোৰ শুনানি হয়৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মাৰাডোনাৰ চিকিৎসাত গাফিলতি কৰা চিকিৎসক আৰু চিকিৎসাকৰ্মী ৮ৰ পৰা ২৫ বছৰ পৰ্যন্ত কাৰাদণ্ডেৰে দণ্ডিত হ’ব পাৰে৷