Logo
image

এপিএছচি পৰীক্ষাত বহিঃৰাজ্যৰ ২০০০ প্ৰাৰ্থী

আমাৰ অসম, ১৩ জানুৱাৰীঃ অসম লোকসেৱা আয়োগক সংস্কাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আয়োগৰ অধ্যক্ষ পল্লৱ কুমাৰ ভট্টাচাৰ্যই৷ চলিত বৰ্ষৰ ১৬ জানুৱাৰীত এ পি এছ চিৰ অধ্যক্ষ পদৰ পৰা পল্লৱ কুমাৰ ভট্টাচাৰ্যই অৱসৰ গ্ৰহণ কৰিব যদিও অৱসৰৰ প্ৰাকমুহূৰ্তত আয়োগৰ সামগ্ৰিক সংস্কাৰৰ বাবে অসম চৰকাৰলৈ বিশেষ পৰামৰ্শ প্ৰদান কৰিছে প্ৰাক্তন আই পি এছ বিষয়াজনে৷ মঙলবাৰে সাংবাদিকৰে সৈতে মুখামুখি এটা অনুষ্ঠানত আয়োগৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যই এ পি এছ চিৰ সকলো পৰীক্ষা নিয়াৰিকৈ আৰু বিতৰ্কবিহীনভাৱে অনুষ্ঠিত কৰাৰ বাবে এখন ইকুইভেলেন্স কমিটী গঠন কৰা বুলি জানিবলৈ দিয়ে৷ উক্ত কমিটীত বিভিন্ন চৰকাৰী, বে-চৰকাৰী বিশ্ববিদ্যালয়কে ধৰি শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপক, বিশেষজ্ঞৰ লৈ গঠন কৰা হৈছে৷ তদুপৰি এ পি এছ চি পৰীক্ষাত মূল্যায়ন ব্যৱস্থাত কোনো যাতে আসোঁৱাহ নাথাকে আৰু মেধা বঞ্চিত তথা বৈষম্যৰ বলী হ’ব লগা নহয়, তাক সুনিশ্চিত কৰাৰ বাবেও চৰকাৰলৈ কেতবোৰ পৰামৰ্শ আগবঢ়াইছে অধ্যক্ষগৰাকীয়ে৷ সাংবাদিকৰে বাৰ্তালাপত পল্লৱ ভট্টাচাৰ্যই বহু বিতৰ্কৰ পাছতো ২০১৮ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ নিয়াৰিকৈ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হোৱা বুলিও দাবী কৰে৷ অধ্যক্ষ ভট্টাচাৰ্যই প্ৰায় ১১ মহীয়া অধ্যক্ষৰ কাৰ্যকালত ২০১৮ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিৰ্দিষ্ট প্ৰাৰ্থীক বাছনি কৰাৰ বাবে বিভিন্ন পক্ষৰ পৰা হেচা পোৱা বুলিও অকপট স্বীকাৰ কৰে৷ এই সন্দৰ্ভত ভট্টাচাৰ্যই কয়–বহুতে মোক ফোনত কৈছিল, আমুক আমুক প্ৰাৰ্থীক চাই দিব লাগে৷ মই সকলোকে চাম বুলিয়েই কব লগা হৈছিল৷ কিন্তু এ পি এছ চিত এনে এক ব্যৱস্থাৰ মাজেৰে প্ৰাৰ্থীসকলক বাছনি কৰা হয়৷ ইয়াত কাৰোবাক উত্তীৰ্ণ কৰাই দিম বুলি কলেও কৰিব নোৱাৰে৷ কিয়নো সাক্ষাৎকাৰত কোন প্ৰাৰ্থী কোন সদস্যৰ ব’ৰ্ডত পৰিব কোনেও নাজানে৷ লটাৰী যোগে প্ৰাৰ্থী সকল কাৰ ব’ৰ্ডত পৰিব নিৰ্ধাৰণ কৰা হয়৷ বৰ্তমান আয়োগৰ এটা সদস্যৰ পদ খালী থকা বুলি জানিবলৈ দি পল্লৱ ভট্টাচাৰ্যই ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ন্যায়ালয়ৰ বিচাৰাধীন দুটা গোচৰৰ বাবে অনুষ্ঠিত কৰাত পলম হোৱা বুলিও প্ৰকাশ কৰে৷ প্ৰাৰ্থীসকলক একাগ্ৰতাৰে অধ্যয়ন অব্যাহত ৰাখিবলৈ আহ্বান জনাই স্বচ্ছতাৰে আয়োগে অনাগত দিনত পৰীক্ষা অনুষ্ঠিত কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে৷ তদুপৰি ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ৭৬ হাজাৰ প্ৰাৰ্থীয়ে আৱেদন জনোৱা বুলি সদৰী কৰি ইয়াৰ প্ৰায় ২ হাজাৰজন প্ৰাৰ্থী বহিঃৰাজ্যৰ বুলিও জানিবলৈ দিয়ে৷ আনহাতে আয়োগৰ অধ্যক্ষ আৰু মুখ্য পৰীক্ষা নিয়ন্দ্ৰকজন ভাল মানুহ হ’লে পৰীক্ষা নিকাকৈ অনুষ্ঠিত কৰিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি অধ্যক্ষ বাছনিৰ ক্ষেত্ৰত আয়োগৰ সদস্যসকলক দায়িত্ব দিবলৈও চৰকাৰক আহ্বান জনায়৷ আনহাতে আয়োগক বিভিন্ন ভুলৰ বাবে জবাবদিহি কৰাৰ বাবে স্বতন্ত্ৰ কতৃৰ্ত্বশীল কমিটী গঠন কৰিবলৈও চৰকাৰক আহ্বান জনায়৷ ৰাজ্য চৰকাৰৰ বহু বিভাগত সেৱা বিধি নথকাৰ বাবেই পৰীক্ষা পৰিচালনাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিমত প্ৰকাশ কৰি ভট্টাচাৰ্যই আয়োগৰ পৰীক্ষাৰ ভুল ‘এনছাৰ কী’ৰ বাবে বহু বিশেষজ্ঞক ব্লেকলিষ্টেড কৰা বুলিও প্ৰকাশ কৰে৷