Logo
image

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা বৃদ্ধি

আমাৰ অসম, ১৫ জানুৱাৰীঃ বৃদ্ধি কৰা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা। এতিয়াৰে পৰা সমগ্ৰ দেশতে Z কেটেগৰীৰ নিৰাপত্তা লাভ কৰিব অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে কেৱল অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সীমাবদ্ধ আছিল মন্ত্ৰী গৰাকীৰ Z কেটেগৰীৰ নিৰাপত্তা। অৱশ্যে ৰাজধানী চহৰ দিল্লীত Y কেটেগৰী নিৰাপত্তা লাভ কৰিব মন্ত্ৰী গৰাকীয়ে। দেশৰ আভ্যন্তৰীণ সংস্থা আইবিৰ এক প্ৰতিবেদনৰ ভিত্তিত গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।