Logo
image

কোকৰাঝাৰত আটক KLO কেডাৰ

আমাৰ অসম, ১৫ জানুৱাৰীঃ কোকৰাঝাৰত ভাৰতীয় সেনা আৰু অসম আৰক্ষী এক যুটীয়া অভিযানত আটক KLO এজন দুধৰ্ষ কেডাৰ। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, বৃহস্পতিবাৰে কোকৰাঝাৰৰ কচুগাঁৱত এই যুটীয়া অভিযান চলাই ভাৰতীয় সেনা আৰু অসম আৰক্ষী এটা বৃহৎ দলে। গোপন সূত্ৰৰ ভিত্তিত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ নাথৰ নেতৃত্বত এই অভিযান চলাই ভাৰতীয় সেনা আৰু অসম আৰক্ষী দলটোৱে। আটকাধীন KLO কেডাৰজনৰ প্ৰদীপ ৰায় ওৰফে চাংমা বুলি চিনাক্ত কৰা হৈছে। ধৃত কেডাৰজনৰ পৰা এটা বিদেশত নিৰ্মিত ৭.৬৫ এম এম পিষ্টল, এটা মেগজিনা, ৭.৬৫ এম এমৰ ৬টা সজীৱ গুলি উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।