Logo
image

পিতৃৰ মুক্তিৰ দাবীত অনশনত বহিল ১৪ বছৰীয়া নচিকেতা

আমাৰ অসম, ১৬ জানুৱাৰীঃ মাঘ বিহুৰ সময়ত এটা হৃদয়বিদাৰক খবৰ৷ এটি ১৪ বছৰীয়া কিশোৰে তেওঁৰ কাৰাৰুদ্ধ সংগ্ৰামী পিতৃৰ মুক্তিৰ দাবীত অনশনত বহিবলগীয়া হৈছে৷ শিশুটিৰ নাম নচিকেতা৷ গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ নচিকেতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা তথা সমিতিৰ উদ্যোগত গঠিত ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ সভাপতি অখিল গগৈৰ পুত্ৰ৷ অখিল গগৈক বিজেপি নেতৃত্বাধীন চৰকাৰে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ভৰাই থোৱাটো এতিয়া সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে৷ অখিল গগৈৰ মুক্তিৰ দাবীত শদিয়াৰ পৰা ধুবুৰীলৈ সকলো সৰব হৈ পৰিছে৷ আনকি অখিল গগৈক বেয়া পোৱা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নীতি-আদৰ্শৰ সৈতে মতানৈক্য থকা লোকেও গগৈৰ মুক্তিৰ দাবী তুলিছে৷ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সকলো জাতীয় সংগঠন, জনগোষ্ঠীয় সংগঠন, জনজাতীয় সংগঠন আৰু বিজেপি-অগপ-বিপিএফৰ বাহিৰে সকলো ৰাজনৈতিক দলে অখিল গগৈৰ মুক্তিৰ দাবী জনাইছে৷ তথাপি অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব পৰা নাই৷ এবছৰতকৈও বেছি দিন পিতৃৰ সান্নিধ্যৰ পৰা বঞ্চিত কণমানি নচিকেতায়ো পিতৃৰ মুক্তিৰ দাবীত যোৰহাটত অনশনত বহিছে৷ এই দৃশ্য যিয়ে দেখিছে সকলোৱে চকুপানী টুকিছে, ধিক্কাৰ দিছে চৰকাৰক৷ প্ৰশ্ন উঠিছে, নচিকেতাৰ দৰে এটি কণমানিয়ে অনশন কৰাৰ পাছত বিজেপি চৰকাৰৰ শুভবুদ্ধিৰ উদয় হ’বনে? অখিল গগৈক মুক্তি দিবনে? উল্লেখ্য, অখিল গগৈক দীৰ্ঘদিন ধৰি অন্যায়ভাৱে বন্দী কৰি ৰখাৰ প্ৰতিবাদত ভোগালী বিহুৰ আনন্দ-উল্লাস তথা ভোজভাত ত্যাগ কৰি ৰাইজল দলে যোৰহাটত ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷ উৰুকাৰ দিনা দুপৰীয়া ১২.০০ বজাৰপৰা ৰূপায়ণ কৰা এই অনশন কাৰ্যসূচীত অখিল গগৈৰ পুত্ৰ নচিকেতায়ো অংশ গ্ৰহণ কৰে৷ দলীয় সূত্ৰই প্ৰকাশ কৰা মতে, ‘কা’ বিৰোধী আন্দোলনৰ উত্তাল পৰিৱেশৰ মাজতে ২০১৯ চনৰ ১২ ডিচেম্বৰত যোৰহাটপৰা গ্ৰেপ্তাৰ কৰি অখিল গগৈৰ বিৰুদ্ধে ১৩টাকৈ ভুৱা গোচৰ জাপি দিয়াৰ লগতে ‘নিয়া’ৰ দৰে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে গঠন কৰা সংস্থাৰ হাতত দুটাকৈ গোচৰ অৰ্পণ কৰে৷ পৰৱৰ্তী পৰ্যায়ত বাকী ১২টা গোচৰত জামিন লাভ কৰে যদিও চানমাৰি থানাত ৰুজু কৰা গোচৰটোৰ লগত মাওবাদী লেবেল লগাই জামিনক অন্যায়ভাৱে বন্ধ কৰি ৰাখিছে৷ অসমৰ স্বাৰ্থৰ বাবে, খাটিখোৱা কৃষক শ্ৰমিক তথা মধ্যবিত্ত জনসাধাৰণৰ কল্যাণৰ বাবে জীৱন উচৰ্গা কৰা অখিল গগৈক কৰা অন্যায়ৰ বিৰুদ্ধে ইতিমধ্যে ব্যাপক জনমত গঢ়ি উঠিছে৷ শেহতীয়াকৈ জে’লত থকা অৱস্থাতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱা অখিল গগৈক মুকলি কৰি দিবলৈ ৰাইজৰ দলে আন্দোলনত জঁপিয়াই পৰিছে৷ ভোগালী বিহুৰ ভোগকো ত্যাগ কৰি দলটোৰ যোৰহাট জিলাৰ সভাপতি দিব্যজ্যোতি শৰ্মা আৰু ৰাজ্যিক সম্পাদক প্ৰবীণ দাসৰ নেতৃত্বত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হোৱা এই অনশন কাৰ্যসূচীত বিপ্লৱ চেতিয়া, সাধাৰণ সম্পাদক সূৰ্যমোহন দাস, পাপৰি গগৈ, প্ৰমোদ গগৈ, সম্পাদক পৰাণজিৎ সন্দিকৈ, তথ্য আৰু প্ৰচাৰ সম্পাদক কেশৰাম চেতিয়া, ধ্ৰুৱজ্যোতি বৰা, বীৰেন সিং ঘাটোৱাৰ, সুনন্দ বৰা ইকবাল আহমেদ আৰু চৰিফুল হুছেইনে অংশ গ্ৰহণ কৰে৷ অনশনস্থলীত দলটোৰ জিলা সভাপতি দিব্যজ্যোতি শৰ্মাই কয়, ‘‘অখিল গগৈৰ ওপৰত হোৱা অন্যায় প্ৰতিটো পলৰ হিচাপ আগন্তুক নিৰ্বাচনত বিজেপিয়ে অসমৰ জনতাক দিব লাগিব৷ এজন ব্যক্তিৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰি বিজেপিয়ে যি অন্যায় কৰিছে সেই অন্যায়ৰ প্ৰতিফল পাব৷ অখিল যে মাওবাদী-সন্ত্ৰাসবাদী নহয় সেই কথা অসমৰ ৰাইজে ভালকৈয়ে জানে৷ কেৱল ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে বিজেপিয়ে কৰা এনে ফেচিষ্ট কাৰ্যক আমি প্ৰতিহত কৰিবই লাগিব৷ অখিলক জে’লত ভৰাই বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে, টোলগেটত অবৈধভাৱে কৰ সংগ্ৰহ কৰিছে, এটাৰ পিছত এটা কেলেংকাৰী অবাধে কৰি গৈছে বিজেপিয়ে৷ লুই বাৰ্জাৰ, সাৰদা কেলেংকাৰীৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো কামৰ জবাব দিব লাগিব, জবাব দিব লাগিব জাতীয়তাবাদীৰ পোছাক পিন্ধি দিল্লীৰ ওচৰত আঁঠু লোৱা সৰ্বানন্দ সোণোৱালে৷ সেয়ে ৰাইজ আজি বিহুৰ বতৰতো আন্দোলনলৈ ওলাই আহিছে৷’’ বৃহস্পতিবাৰে বিহুৰ দিনা দুপৰীয়া ১২.০০ বজাত অনশনকাৰীসকলক একো গিলাচকৈ ফলৰ ৰস খুৱাই অনশন ভংগ কৰায় অৱসৰপ্ৰাপ্ত শিক্ষক মাণিক মহন্ত, দলৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ বৰদলৈ আৰু উপ সভাপতি উপেন্দ্ৰজিৎ মহন্তই৷ ইয়াৰ পিছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দলটোৰ শতাধিক সদস্যই জে’লভৰো কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে এ টি ৰোড, গড় আলি হৈ চহৰৰ মূল পথসমূহৰ মাজেৰে গৈ যোৰহাট সদৰ থানাৰ সন্মুখত ধৰ্ণা দি সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়৷ সকলো সদস্যই ‘‘অখিল গগৈ যদি মাওবাদী আমি সকলো মাওবাদী, আমাকো গ্ৰেপ্তাৰ কৰি জে’ল দিয়ক নহ’লে অখিলক মুক্তি দিয়ক, বিজেপি আৰ এছ এছ মুৰ্দাবাদ, সাম্প্ৰদায়িকতা নিপাত যাওক” আদি শ্ল’গানেৰে থানা চৌহদ উত্তাল কৰি তোলে৷ অৱশ্যে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ নকৰিলে৷ সেয়ে  প্ৰতিবাদকাৰীসকলে অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷

গুৱাহাটীত কৃষক মুক্তিৰ ৪৯ঘণ্টীয়া অনশন সমাপ্ত

কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ দাবীত গুৱাহাটীৰ চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত বুধবাৰে দিনৰ ১১ বজাত আৰম্ভ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৪৯ ঘণ্টীয়া অনশন শুকুৰবাৰে দিনৰ ১২ বজাত সামৰণি পৰে৷ কৃষক নেতা ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰে বুধবাৰে গ্ৰহণ কৰিছিল অনশন কাৰ্যসূচী৷ শুকুৰবাৰে দিনৰ ১২ বজাত কৃষক নেতা তিনিজনৰ কাষত উপস্থিত হৈ ফলৰ ৰস খুৱাই অনশন ভংগ কৰায় সাংবাদিক নিতুমণি শইকীয়া, লেখিকা মাইনী মহন্ত, সমাজকৰ্মী সুমিতা হাজৰিকা, শিক্ষাবিদ ঘনশ্যাম নাথ, ৰাজনীতিক মীৰা বৰঠাকুৰ৷ শুকুৰবাৰে কৃষক নেতাকেইজনৰ অনশন ভংগ কাৰ্যসূচীত ভাগ লয় কেইবাশ সমৰ্থকে৷ কৃষক নেতা ধৈৰ্য কোঁৱৰৰ নেতৃত্বত অনুষ্ঠিত অনশন কাৰ্যসূচীত বৃহস্পতিবাৰে অনশনকাৰীৰ কাষত উপস্থিত থাকে শিক্ষাবিদ ঘনশ্যাম নাথ, সমাজকৰ্মী সুমিতা হাজৰিকা তথা নৱগঠিত আঞ্চলিক দল ৰাইজৰ দলৰ কেইবাজনো বিষয়ববীয়া৷ বুধবাৰে যি সময়ত ৰাজ্যবাসী লগে লগে উৰুকাৰ ভোজভাত খাবলৈ সাধ্য অনুসাৰে মাছ-মাংস সংগ্ৰহ কৰিছে সেই সময়ত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী আৰু ‘কা’ প্ৰত্যাহাৰৰ দাবীত অনশন কাৰ্যসূচী হাতত লৈছে কৃষক নেতা ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰে৷ অনশনৰ প্ৰথমটো দিনত অনশনকাৰীৰ কাষত থাকি সহমৰ্মিতা প্ৰদৰ্শন কৰে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বহুকেইজন ব্যক্তিয়ে৷ দ্বিতীয় দিনাও অনশনকাৰীৰ কাষত উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনায় বহুকেইজন ব্যক্তিয়ে৷ শুকুৰবাৰে প্ৰতিবাদকাৰীৰ কাষত উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন জনায় অভিনেত্ৰী জেৰিফা ৱাহিদ প্ৰমুখ্যে বহুজনে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাশ সদস্য আৰু সমৰ্থকে অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ দাবীত বিভিন্নধৰণৰ শ্লোগান দি কঁপাই তোলে চচল অঞ্চল৷ দিনৰ প্ৰায় ১২ বজাত কৃষক নেতা তিনিজনক অনশন ভংগ কৰোৱা হয়৷ ইয়াৰ পূৰ্বে সাংবাদিক নিতুমণি শইকীয়াই কয়– কৃষক নেতা অখিল গগৈ অসমৰ জাতীয় জীৱনৰ সম্পদ৷ আজি আমি অখিল গগৈ নামৰ এজন ব্যক্তিৰ মুক্তিৰ দাবীত অনশনকাৰীৰ কাষত উপস্থিত হোৱা নাই, এজন জাতীয় সংগ্ৰামী নেতাৰ মুক্তিৰ দাবীত হোৱা প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন জনাই ইয়াত উপস্থিত হৈছো৷ অখিল গগৈৰ মুক্তি সন্দৰ্ভত ন্যায়পালিকাও সন্দেহৰ আৱৰ্তলৈ গৈছে৷ এয়া এখন কল্যাণকামী দেশৰ বাবে আশাব্যঞ্জক খবৰ নহয়৷ অনশন কাৰ্যসূচীত উপস্থিত হৈ অভিনেত্ৰী জেৰিফা ৱাহিদে কয়–  অসমত অন্যায়ৰ বিৰুদ্ধে মাত মতা মানুহৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে৷ চৰকাৰৰ সৈতে আপোচ নকৰা মানুহক অত্যাচাৰ কৰা হৈছে৷ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে৷ ইয়াৰ বিৰুদ্ধে মানুহ ক্ষুব্ধ হৈছে৷ অনশন কাৰ্যসূচীত ভাগ লৈ লেখিকা মাইনী মহন্তই কয়– অসম তথা দেশত গণতন্ত্ৰৰ প্ৰতি ভাবুকি আনিছে বৰ্তমানৰ চৰকাৰখনে৷ অন্যায়ৰ বিৰুদ্ধে মাত মতা বন্ধ কৰিবলৈ ভয়-ভাবুকি দিয়া হৈছে৷ এনে ভয়-ভাবুকিৰে কাৰো কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে৷