Logo
image

কেন্দ্ৰৰ বহু তথ্য আগতীয়াকৈ জানিছিল অৰ্ণৱে

আমাৰ অসম, ১৭ জানুৱাৰীঃ দেশৰ প্ৰখ্যাত সাংবাদিক, ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বিষয়ে আগতেই জানিছিল৷ অসমৰ সুযোগ্য সন্তান অৰ্ণৱ গোস্বামীয়ে প্ৰেৰণ কৰা হোৱাটছএপ মেছেজৰ তথ্যত এই বিষয়ে প্ৰকাশ পাইছে৷ অৰ্ণৱ গোস্বামীয়ে দেশৰ টেলিভিছন ৰেটিং পইণ্ট অৰ্থাৎ টি আৰ পি ঠিৰাং কৰা সংগঠন ‘ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউন্সিল’ৰ [বাৰ্ক] তেতিয়াৰ চি ই অ’ পাৰ্থ দাশগুপ্তলৈ প্ৰেৰণ কৰা এনেধৰণৰ বহু বিতৰ্কিত হোৱাটছএপ মেছেজ উন্মোচিত হৈছে য’ত এই তথ্যও আছে৷ উল্লেখ্য, জম্মু-কাশ্মীৰৰ বিশেষ অধিকাৰ কৰ্তন কৰাকে ধৰি কেন্দ্ৰীয় চৰকাৰে যোৱা বছৰৰ ৫ আগষ্টত যি পদক্ষেপ গ্ৰহণ কৰিছিল সেই সম্পৰ্কে ৩ দিন পূৰ্বেই জানিছিল ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে৷ তেনে ধৰণৰ মোদী চৰকাৰে হাতত লোৱা বহু গোপন তথ্য অৰ্ণৱ গোস্বামীয়ে আগতেই জানিব পাৰিছিল বুলি পাৰ্থ দাশগুপ্ত সৈতে হোৱা হোৱাটছএপৰ বাৰ্তালাপত প্ৰকাশ পাইছে৷ এনে খবৰ এটা বেচৰকাৰী চেনেলৰ সাংবাদিকে লাভ কৰাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভয়ংকৰ ভীতি যদিও মোদী চৰকাৰে তেনে ধৰণৰ সকলো চৰকাৰী নীতি-নিয়ম জলাঞ্জলি দি  সংবেদনশীল খবৰ তেওঁলোকৰ ঘনিষ্ঠ সংবাদ মাধ্যমক জনাই দিয়াটো আশ্চৰ্যকৰ নহয়৷ আশ্চৰ্যকৰ ঘটনা হৈছে সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ বিষয়ে অসম সন্তান, দক্ষ সাংবাদিক অৰ্ণৱ গোস্বামীয়ে আগতীয়াকৈ জানিব পৰাটো৷ পাৰ্থ দাশগুপ্তলৈ প্ৰেৰণ কৰা মেছেজত তেওঁ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে আগতেই জানিব পৰা আৰু তাৰ পৰা তেওঁলোক লাভান্বিত হোৱা বুলি ইংগিত দিছে৷ প্ৰশ্ন উঠিছে, সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এটা আক্ৰমণৰ বিষয়ে অৰ্ণৱ গোস্বামীয়ে আগতীয়াকৈ কিদৰে জানিব পাৰিলে? যদি তেওঁ এই সম্পৰ্কে আগতীয়া তথ্য জানিছিল তেতিয়া তেওঁ সেই তথ্য চৰকাৰ আৰু নিৰাপত্তা বাহিনীক কিয় নজনালে? আগতীয়াকৈ অৰ্ণৱ গোস্বামীয়ে এই বিষয়ে জনোৱা হ’লে পুলৱামাত প্ৰায় ৬০ জন চি আৰ পি এফৰ জোৱান-বিষয়া শ্বহীদ নহ’লহেঁতেন৷একেটা বিষয়ক লৈয়ে আওপকীয়াকৈও প্ৰশ্ন উত্থাপিত হৈছে৷ পুলৱামাত সংঘটিত এই আক্ৰমণ প্ৰকৃততে সন্ত্ৰাসবাদীয়ে নিজৰ ইচ্ছাত কৰা নাছিল নেকি? এই আক্ৰমণ সু-সংগঠিত আৰু সু-পৰিকল্পিতভাৱে আন কোনো শক্তিয়ে সংঘটিত কৰিছিল নেকি, যি আক্ৰমণৰ ফলশ্ৰুতিত সেই বিশেষ শক্তি অতিমাত্ৰাভাৱে লাভান্বিত হ’ব৷ ৬০ জন চি আৰ পি এফৰ জোৱান সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱাত দেশৰ লোকসভা নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত কোনোবা লাভান্বিত হৈছিল নেকি সেই লৈও প্ৰশ্ন উত্থাপিত হৈছে৷ উল্লেখ্য অৰ্ণৱ গোস্বামী আৰু ‘বাৰ্ক’ৰ প্ৰাক্তন চি ই অ’ পাৰ্থ দাশগুপ্তৰ সৈতে হোৱা অৰ্ণৱ গোস্বামীৰ হোৱাটছএপৰ কথোপকথন প্ৰকাশ কৰিছে মুম্বাই আৰক্ষীয়ে টি আৰ পি কেলেংকাৰি গোচৰ সন্দৰ্ভত৷ উল্লেখ্য, বাৰ্কৰ পৰা বিশেষ সুবিধা গ্ৰহণ কৰি অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিয়ে সৰ্বাধিক টি আৰ পি সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰা বুলি মুম্বাই আৰক্ষীয়ে সম্প্ৰতি এটা গোচৰৰ তদন্ত চলাই আছে৷ এই ক্ষেত্ৰত অৰ্ণৱ গোস্বামীক বাৰ্কৰ তেতিয়াৰ মুৰব্বী পাৰ্থ দাশগুপ্তই অনৈতিকভাৱে সহায় কৰিছিল৷ দুয়োৰে মাজত প্ৰায়ে হোৱাটছএপৰ জৰিয়তে এনে ধৰণৰ বাৰ্তালাপ হৈছিল৷ মুম্বাই আৰক্ষীয়ে সেই বাৰ্তালাপৰ মুঠতে ৫১২ পৃষ্ঠা শুকুৰবাৰে এই গোচৰ চলি থকা আদালতত দাখিল কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই বাৰ্তালাপৰ অধিকাংশই অতি বিতৰ্কিত আৰু কিছুসংখ্যক বাৰ্তালাপ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভীতি সৃষ্টি কৰিব পৰা ধৰণৰ৷ অৰ্ণৱ গোস্বামীয়ে বালাকোটত ভাৰতীয় বায়ুসেনা বাহিনীয়ে আক্ৰমণ চলাব বুলি দুদিন পূৰ্বেই  জানিছিল বুলি পাৰ্থ দাশগুপ্তলৈ প্ৰেৰণ কৰা মেছেজত লিখিছে৷ মুম্বাই আৰক্ষীয়ে এই সকলোবোৰ তথ্য আদালতত দাখিল কৰিছে৷ দুয়োৰে মাজত হোৱা কথোপকথনত পাৰ্থ দাশগুপ্তক অৱসৰৰ পাছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘মিডিয়া অফিচাৰ’ পদত নিযুক্তি দিয়াৰো আশ্বাস দিছে অৰ্ণৱ গোস্বামীয়ে৷ দুয়োৰে কথোপকথনত কেন্দ্ৰীয় তথ্য সংযোগ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰক তেওঁলোকে অপদাৰ্থ বুলি আখ্যা দিছে৷ তেওঁৰ ঠাইত স্মৃতি ইৰাণী হোৱা হ’লে সুবিধা হ’লহেঁতেন বুলি অৰ্ণৱ গোস্বামীয়ে মন্তব্য কৰিছে৷ তদুপৰি সতীৰ্থ সাংবাদিকক ঠাট্টা-মস্কৰা কৰিছে দুয়ো৷ দেশৰ প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশাইৰ চাকৰি যাব, সাগৰিকা ঘোষৰ কাম নাই, অৰুণ পুৰী কংগ্ৰেছৰ দালাল, অশোক মালিক দুতলীয়া, ৰজত শৰ্মা মূৰ্খ আৰু তেওঁৰ চেনেলৰ ‘ষ্টেণ্ডাৰ্ড’ নথকা বুলি মন্তব্য কৰিছিল৷ ব’ম্বে উচ্ছ ন্যায়ালয়ত মুম্বাই আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ সৈতে সংলগ্ন কৰা ৫১২ পৃষ্ঠাৰ হোৱাটছএপ মেছেজৰ একাংশ বিশিষ্ট আইনজীৱি প্ৰশান্ত ভুষণে শুকুৰবাৰে টুইটাৰত প্ৰকাশ কৰি দিয়াৰ লগে লগে দেশজুৰি হুলস্থূলৰ সৃষ্টি হৈছে৷ পিছে অভিযোগনামা দাখিল কৰাৰ পাছতে ব’ম্বে উচ্ছ ন্যায়ালয়ৰ শীতকালীন বন্ধ ঘোষণা হয়৷ আদালতে এই গোচৰৰ শুনানি অহা ২৯ জানুৱাৰীত গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে৷ তেতিয়ালৈকে মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক এই গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ নকৰে বুলি স্পষ্ট কৰি দিছে৷ ইপিনে অভিযুক্ত বাৰ্কৰ প্ৰাক্তন চি ই অ’ পাৰ্থ দাশগুপ্ত গুৰুতৰভাৱে অসুস্থ হোৱাত শুকুৰবাৰে নিশা মুম্বাইৰ জে জে হাস্পতালৰ আই চি ইউত ভৰ্তি কৰা হৈছে৷ তেওঁ ডায়েবেটিক ৰোগী যদিও ইচ্ছাকৃতভাৱে বিগত কেইবাদিনো ধৰি ডায়েবেটিছৰ ঔষধ সেৱন নকৰা বুলি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ইয়াৰ ফলত দাশগুপ্তৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে৷