Logo
image

হিমা দাসৰ টকিঅ’ যাত্ৰা কিমান সুগম

শেহতীয়াভাৱে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত আবিৰ্ভাৱ হৈছে এনে কেইগৰাকীমান যুৱ প্ৰতিভাৰ, যিসকলৰ মনত আছে কিবা এটা কৰি দেখুওৱাৰ দুৰ্বাৰ হেঁপাহ৷ এথলেটিকছত ধিং এক্সপ্ৰেছ হিমা দাসৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰিয়ান পৰাগ আৰু অষ্ট্ৰেলিয়াত বিশ্বৰ শ্ৰেষ্ঠ বলিং আক্ৰমণৰ সন্মুখত ৱাশ্বিংটন সুন্দৰ অথবা  শ্বাৰ্দুল ঠাকুৰৰ অসাধাৰণ প্ৰদৰ্শন– নৱ প্ৰজন্মৰ এইসকল প্ৰতিনিধিৰ আছে দৃঢ় মনোবলৰ লগতে প্ৰবল অত্মবিশ্বাস, কিবা এটা কৰি দেখুওৱাৰ হাবিয়াস৷ কেৱল অংশগ্ৰহণ নহয়, বিজয়ী হোৱাহে লক্ষ্য তেওঁলোকৰ৷ এইসকল খেলুৱৈয়ে ভাৰতীয় ক্ৰীড়ালৈ কঢ়িয়াই আনিছে নতুন আশা৷ যদি ভাৰতৰ এথলেটিকছৰ ক্ষেত্ৰখনলৈ চোৱা হয়, তেন্তে নিসন্দেহে ক’ব পাৰি যে হিমা দাসে কঢ়িয়াই আনিছে প্ৰচুৰ সম্ভাৱনা৷ শেহতীয়াকৈ হিমা দাস সন্দৰ্ভত একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰা এটা বাতৰিয়ে বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বাতৰিটোত কোৱা হৈছিল যে ভাৰতৰ মহিলাৰ ৪ x১০০ মিটাৰ ৰিলে দলটোৱে চলিত বৰ্ষৰ জুলাইত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে আৰু এই দলটোৰ অন্যতম সদস্য হৈছে অসম কন্যা হিমা দাস৷ কিন্তু ভাৰতীয় এথলেটিকছ ফেডাৰেশ্বনৰ সভাপতি আদিল সুমাৰিৱালাই এই বিষয়টোত স্পষ্ট কৰি দিছে যে ভাৰতৰ কেৱল মিক্সড্‌ ৰিলে দলটোৱেহে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে৷ হিমা দাসে এতিয়াও অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা নাই৷ অৱশ্যে, ২০১৮ বৰ্ষৰ জুলাইত ফিনলেণ্ডত অনুষ্ঠিত অনূধবৰ্ ২০ বছৰৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত  প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ৪০০ মিটাৰত স্বৰ্ণপদক অৰ্জন কৰাৰ পাছত খেলুৱৈগৰাকীক লৈ দেশবাসীৰ প্ৰত্যাশা বৃদ্ধি পাইছে৷ হিমাৰ যোগেদি ভাৰতে অলিম্পিকৰ এথলেটিকছত প্ৰথমটো ব্যক্তিগত স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হ’ব বুলিও আশা কৰা হৈছে৷ কিন্তু প্ৰশ্নটো হৈছে যে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ এই সপোন সাৰ্থক হ’ব নে? বৰ্তমানৰ পৰিস্থিতিত হিমা দাসে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ হিমাৰ নিজস্ব ইভেণ্ট হৈছে ৪০০ মিটাৰ আৰু অলিম্পিকত সেই ইভেণ্টটোত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ খেলুৱৈগৰাকীয়ে ব্যক্তিগত শ্ৰেষ্ঠ সময়ৰ [টাইমিং] দুই ছেকেণ্ডতকৈ অধিক হ্ৰাস কৰিব লাগিব, যিটো পৰৱৰ্তী ছটা মাহত সম্ভৱ হ’ব বুলি আশা কৰিব নোৱাৰি৷

৪০০ মিটাৰৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড আছে হিমা দাসৰ নামত৷ ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছত হিমাই সময় লৈছিল ৫০.৭৯ ছেকেণ্ড৷ কিন্তু বিগত দুটা বছৰত এথলীটগৰাকীয়ে সেই সময়ৰ কাষ চাপিব পৰা নাই৷ ৪০০ মিটাৰত অলিম্পিকৰ স্বৰ্ণপদক লাভ কৰিবলৈ হ’লে হিমাই কিমান কষ্ট কৰিব লাগিব সেই বিষয়ে জানিবলৈ হ’লে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকলৈ চালেই অনুমান কৰা সহজ হ’ব৷ ৰিঅ’ অলিম্পিকত মহিলাৰ ৪০০ মিটাৰত স্বৰ্ণপদক লাভ কৰা বাহামাছৰ শ্ব’ন মিলাৰৰ সময় আছিল ৪৯.৪৪ ছেকেণ্ড৷ আনহাতে, অন্তিম স্থানত থকা ইটালীৰ লিবিনা গ্ৰেনটৰ সময় আছিল ৫১.২৫ ছেকেণ্ড৷ তাৎপৰ্যপূৰ্ণ যে মহিলাৰ ৪০০ মিটাৰৰ বিশ্ব ৰেংকিঙত হিমাৰ স্থান হৈছে ৮৭ সংখ্যক৷ তাৰ বিপৰীতে ২০০ মিটাৰত এছলীটগৰাকীৰ ৰেংকিং হৈছে ১২২৷ দুৰ্ভাগ্যজনক কথাটো হৈছে যে আঘাতৰ সমস্যাও হিমাৰ পথত বাধা হৈ পৰিছিল৷ পিঠিৰ আঘাতৰ বাবে হিমাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল৷ অৱশ্যে, এথলীটগৰাকীয়ে বিশ্ব এথলেটিকছৰ যোগ্যতাৰ মাপকাঠিৰ [৫১.৮০ ছেকেণ্ড] কাষ চাপিবও পৰা নাছিল৷ যদি ২০০ মিটাৰৰ কথা কোৱা হয়, সেইটো হিমাৰ প্ৰিয় ইভেণ্ট নহয়৷ এই ইভেণ্টটোতো আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কাষ চাপিব পৰা নাই হিমা৷ যোৱা বছৰ ২০০ মিটাৰত হিমাৰ শ্ৰেষ্ঠ সময় আছিল ২৩.৪৩ ছেকেণ্ড৷ আনাহাতে, ৰিঅ’ অলিম্পিকৰ ২০০ মিটাৰৰ স্বৰ্ণপদক জয় কৰা জামাইকাৰ এলেইন থমছনে সময় লৈছিল ২১.৭৮ ছেকেণ্ড৷ তাৰ বিপৰীতে অষ্টম স্থানত থকা বুলগেৰিয়াৰ ইভেট লাল’ভাৰ সময় আছিল ২২.৬৯ ছেকেণ্ড৷ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে ভাৰতৰ এথলেটিকছ দলটো  এন আই এছ পাতিয়ালাত অনুশীলনত ব্যস্ত আছে৷ পিঠিৰ আঘাত উপশমৰ পাছত হিমায়েও আনসকলৰ সৈতে কঠোৰ পৰিশ্ৰম কৰি আছে৷ এইখিনিতে এটা কথা ক’ব লাগিব যে  টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও হিমা নিৰাশ হ’বলগীয়া একো নাই৷ খেলুৱৈগৰাকীৰ বয়স ২১ বছৰ৷ অলিম্পিকৰ এথলেটিকছত ব্যক্তিগত স্বৰ্ণপদক লাভ কৰা প্ৰথমগৰাকী এথলীট হোৱাৰ স্বপ্ন পূৰণ কৰাৰ বাবে হিমাৰ হাতত সময় আছে৷ এইবাৰ নহ’লেও ২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ সুযাগ পাব৷ ভাৰতীয় এথলেটিকছৰ মুখ্য প্ৰশিক্ষক ৰাধাকৃষ্ণণ নায়াৰৰ মতে, ৪০০ মিটাৰ হিমাৰ পছন্দৰ ইভেণ্ট হ’লেও টকিঅ’ অলিম্পিকত ২০০ মিটাৰ আৰু ৪ x১০০ মিটাৰ ৰিলেতহে যোগ্যতা অৰ্জনৰ বাবে খেলুলৈগৰাকীয়ে চেষ্টা চলাব৷ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ অন্তিম সময় হৈছে ২৯ জুন৷ এথলেটিকছ ফেডাৰেশ্বনৰ সভাপতি সুমাৰিৱালাৰ মতে, ভাৰতীয় খেলুৱৈয়ে অহা মাহৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল’ব৷ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ অৰ্থে খেলুৱৈসকল জুলাই পৰ্যন্ত দেশৰ বাহিৰত থাকিব৷ কৰ’না ভাইৰাছৰ বাবে টকিঅ’ অলিম্পিক এবছৰ পিছুৱাই যোৱাটো ভাৰতীয় এথলীটৰ বাবে সৌভাগ্যসূচক বুলি উল্লেখ কৰে সুমাৰিৱালাই৷ তেওঁ কয় যে খেলুৱৈসকলৰ বয়স ২০১ পৰা ২৩ বছৰ আৰু অলিম্পিক স্থগিত হোৱাৰ বাবে তেওঁলোকে প্ৰস্তুতিৰ অধিক সময় পাইছে৷ হিমাৰ ক্ষেত্ৰত পিঠিৰ আঘাত সম্পূৰ্ণ  নিৰাময়তো সহায়ক হৈছে৷ ‘ধিং এক্সপ্ৰেছ’ হিমা দাস বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনলৈ যোগ্যতা অৰ্জনত সফল হ’বনে? পথ কঠিন যদিও অসম্ভৱ নি(য় নহয়৷ কিয়নো হিমাই জানে সপোন কেনেদৰে সাৰ্থক কৰিব পাৰি৷

[‘আজটক’ আৰু ‘ইণ্ডিয়া টিভি’ত দীৰ্ঘদিনে ক্ৰীড়া সম্পাদকৰ দায়িত্বত থকা সমীপ ৰাজগুৰু সম্প্ৰতি বিশেষ ধাৰাভাষ্যকাৰ হিচাপে ‘ষ্টাৰ স্প’ৰ্টছ’ৰ সৈতে জড়িত৷]