Logo
image

কংগনাক লৈ ‘অশালীন’ মন্তব্য সেই অৰ্ণৱৰ

আমাৰ অসম, ১৮ জানুৱাৰীঃ এইবাৰ আক্ষৰিক অৰ্থতে কেঁচু খান্দোতে সাপ ওলাইছে৷ শীতকালত সাপ গাঁতত সোমাই থকাৰ দৰে অভিযুক্তও এতিয়া গাঁতত সোমাই নীৰৱ হৈ আছে৷ মুম্বাই আৰক্ষীয়ে টেলিভিছন ৰেটিং পইণ্ট অৰ্থাৎ টি আৰ পিৰ  কেলেংকাৰিৰ তদন্ত কৰিবলৈ আগবাঢ়োতে অসম সন্তান, দেশৰ বিখ্যাত সাংবাদিক অৰ্ণৱ গোস্বামীয়ে জাতীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা ধৰণৰ কাৰ্য সংঘটিত কৰা বুলি প্ৰমাণ লাভ কৰিছে৷ জাতীয় নিৰাপত্তাৰ সৈতে জড়িত অতি সংবেদনশীল কিছুমান তথ্য অৰ্ণৱ গোস্বামীয়ে বিজেপি নেতৃত্বাধীন মোদী চৰকাৰৰ পৰা লাভ কৰাই নহয়, সেই সংবেদনশীল তথ্য অৱসৰপ্ৰাপ্ত বিষয়াৰ সৈতে আদান-প্ৰদানো কৰিছে৷ অৰ্ণৱ গোস্বামীয়ে বাতৰি পঢ়ি দৰ্শকক টানিবলৈ সক্ষম নহৈ বক্ৰ পথেৰে তেওঁৰ মালিকানাধীন চেনেল ৰিপাব্লিক টিভিৰ টি আৰ পি ভুৱাকৈ অধিক বুলি দেখুওৱাৰখবৰ এতিয়া পুৰণি হ’ল৷ মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীৰ অহেতুক আক্ৰমণত খৰ্গহস্ত হৈয়েই হওক অথবা প্ৰকৃততে কেলেংকাৰি ধৰা পেলোৱাৰ উদ্দেশ্যতে হওক, অৰ্ণৱ গোস্বামীৰ দ্বাৰা সংঘটিত টি আৰ পি কেলেংকাৰিৰ তদন্ত অতি নিখুঁতভাৱে আগবঢ়াই নিছে৷ এই তদন্তৰ অগ্ৰগতি অব্যাহত থকাৰ সময়তে অৰ্ণৱ গোস্বামীয়ে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে, বালাকোটত ভাৰতীয় বায়ু সেনাবাহিনীয়ে আক্ৰমণ কৰাৰ বিষয়ে, জম্মু-কাশ্মীৰৰ পৰা  ৩৭০ অনুচ্ছেদ মোদী চৰকাৰে কৰ্তন কৰাৰ বিষয়ে কেইবাদিনো আগতীয়াকৈ খবৰ পোৱাৰ প্ৰমাণ লাভ কৰে মুম্বাই আৰক্ষীয়ে৷ সেয়া আনৰ মুখৰ পৰা শুনা কথা নহয় অথবা কোনো সাক্ষীৰ বক্তব্যও নহয়৷ বৰং এই সকলো তথ্য অৰ্ণৱ গোস্বামীয়ে ‘বাৰ্ক’ৰ [ব্ৰডকাষ্ট অডিয়েন্স ৰিছাৰ্চ কাউন্সিল] প্ৰাক্তন চি ই অ’ পাৰ্থ দাশগুপ্তলৈ প্ৰেৰণ কৰা হোৱাটছএপ মেছেজৰ পৰাই মুম্বাই আৰক্ষীয়ে প্ৰমাণ হিচাপে লাভ কৰিছে৷ অসমৰ সু-সন্তান, নোমটেঙৰ সাংবাদিক অৰ্ণৱ গোস্বামীয়ে তেওঁ প্ৰেৰণ কৰা এই মেছেজৰ বিষয়ে অস্বীকাৰ কৰাটো কঠিন হ’ব৷ 

ব’ম্বে উচ্ছ ন্যায়ালয়ে ইতিমধ্যে মুম্বাই আৰক্ষীয়ে এই সকলো প্ৰমাণ অভিযোগনামাৰ সৈতে দাখিল কৰিছে৷ আদালতৰ শীতকালীন বন্ধৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে মুঠতে ৩,৪০০ পৃষ্ঠাৰ  টি আৰ পি কেলেংকাৰিৰ অতিৰিক্ত অভিযোগনামা দাখিল কৰে, য’ত ৫১২ পৃষ্ঠা ভৰি আছে অৰ্ণৱ গোস্বামীয়ে এনেদৰে জাতীয় নিৰাপত্তালৈ ভীতিৰ সৃষ্টি কৰি প্ৰেৰণ কৰা অলেখ বাৰ্তা৷ অহা ২৯ জানুৱাৰীত ব’ম্বে উচ্ছ ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব৷ টি আৰ পিৰ গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ নকৰিবলৈ উচ্ছতম ন্যায়ালয়ে অন্তৰ্ৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰি থৈছে৷ সেয়ে মুম্বাই আৰক্ষীয়ে অহা ২৯ জানুৱাৰীৰ পূৰ্বে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব৷ কিন্তু ২৯ জানুৱাৰীৰ শুনানিত যদি ব’ম্বে উচ্ছ ন্যায়ালয়ে মুম্বাই আৰক্ষীৰ সপক্ষে ৰায়দান কৰে তেন্তে সেইদিনা গ্ৰেপ্তাৰৰ সন্মুখীন হ’ব দেশৰ  প্ৰখ্যাত সাংবাদিকগৰাকী৷ অৱশ্যে মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ আবেদন আদালতত জনাব নে নাই সেয়া এতিয়াও প্ৰকাশ কৰা নাই৷ কিন্তু জাতীয় নিৰাপত্তা বিঘ্নিত কৰিব পৰা যি প্ৰমাণ তেওঁলোকৰ হাতত পৰিছে এইবাৰ মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ নকৰাকৈ এৰিব বুলি ভবা টান৷ 

আত্মহত্যাৰ প্ৰৰোচনাৰ এটা গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰোতে সংবাদ মাধ্যমৰ ওপৰত মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুম্বাই আৰক্ষীৰ কুঠাৰাঘাত কৰা বুলি জপিয়াই উঠিছিল মোদী চৰকাৰৰ প্ৰায় আটাইকেইজন শীৰ্ষ মন্ত্ৰী৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পৰা আৰম্ভ কৰি নেতা-পালিনেতাই মুম্বাই আৰক্ষীক সংবাদ মাধ্যমৰ ওপৰত হস্তক্ষেপ কৰা বুলি সমালোচনাৰে থকা-সৰকা কৰিছিল৷ এইবাৰ পিছে মোদী চৰকাৰৰ এজনো মন্ত্ৰীয়ে অৰ্ণৱ গোস্বামীৰ এই জাতীয় নিৰাপত্তাৰ প্ৰতি ভীতি সৃষ্টি কৰিব পৰা কাৰ্যকলাপৰ ঘটনাত নূ্যনতম প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা নাই৷ আনকি স্বয়ং অৰ্ণৱ গোস্বামীও এই ঘটনাত অস্বাভাৱিকভাৱে নীৰৱ৷ উল্লেখ্য অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাত জৰুৰীকালীনভাৱে আবেদন গ্ৰহণ কৰি দেশৰ উচ্ছতম ন্যায়ালয়ে বিখ্যাত সাংবাদিকগৰাকীক ততাতৈয়াকৈ জামিন দিছিল৷ ইপিনে নৰেন্দ্ৰ মোদী চৰকাৰৰ আৰু বিজেপি দলৰ মুখপাত্ৰৰ ভূমিকা লোৱা অৰ্ণৱ গোস্বামী আৰু দল তথা চৰকাৰৰ মুখপত্ৰৰ দৰে হৈ পৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মোদী চৰকাৰৰ এজনো মন্ত্ৰী আৰু বিজেপিৰ শীৰ্ষ নেতাই মাত নমতাটো আশ্বৰ্যকৰ যেনেই বিবেচিত হৈছে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেৱল যোৱা ৭ বছৰ ধৰি দেশৰ ৰাজনীতিত শলঠেকত পৰি থকা কংগ্ৰেছ দলৰ মুষ্টিমেয় নেতাই৷ কংগ্ৰেছৰ আগশাৰীৰ নেতা মণীষ তিৱাৰীয়ে অৰ্ণৱ গোস্বামীৰ ‘হোৱাটছএপ মেছেজ লিক’ দেশৰ কুখ্যাত ৰাডিয়া-টেপৰ কেলেংকাৰিৰ সৈতে তুলনা কৰিছে৷ তেওঁৰ দাবী, সংবাদ মাধ্যমত প্ৰকাশিত এই খবৰ যদি সত্য হয় তেন্তে জাতীয় নিৰাপত্তাৰ স্বাৰ্থতে সমস্ত অভিযোগ যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰিব লাগে৷ ইপিনে পি চিদাম্বৰমে ৰাজনাথ সিঙৰ বন্ধু বুলি দাবী কৰা অৰ্ণৱ গোস্বামীয়ে চৰকাৰৰ পৰা পোনপটীয়াকৈ সংবেদনশীল তথ্য লাভ কৰাটো গুৰুতৰ অপৰাধ আৰু চৰকাৰী মন্ত্ৰীৰ সংবিধান বিশ্বাসভংগৰ তুল্য বুলি মন্তব্য কৰিছে৷ কিয়নো ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় তথ্য পৰিয়ালৰ সৈতেও আদান-প্ৰদান নকৰে বুলি শপত লৈ মন্ত্ৰীৰ আসনত বহে সাংসদ আৰু বিধায়ক৷ এয়া যদি সঁচা হয় তেন্তে মোদী চৰকাৰেও জাতীয় নিৰাপত্তাক তুলুঙা দৃষ্টিৰে গ্ৰহণ কৰিছে বুলি তেওঁ কয়৷ তদুপৰি এই সমূহ তথ্য অৰ্ণৱ গোস্বামীৰ জৰিয়তে লাভ কৰা আন ব্যক্তি বা অৰ্ণৱ গোস্বামীয়ে পাকিস্তানৰ সৈতে আদান-প্ৰদান নকৰাৰ নিশ্চয়তা কোনে দিব বুলি চিদাম্বৰমে প্ৰশ্ন কৰে৷ 

ইপিনে অৰ্ণৱ গোস্বামীয়ে অতি সংবেদনশীল তথ্য চৰকাৰৰ পৰা লাভ কৰা আৰু আনক যোগান ধৰাৰ উপৰি বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ বিষয়ক লৈ মুখৰোচক তথ্যও আনৰ সৈতে আদান-প্ৰদান কৰিছে৷ অৰ্ণৱ গোস্বামীৰ মতে, কংগনা ৰানাৱট এগৰাকী ‘এৰ’ট’মেনিয়াক’ ব্যক্তি৷ কংগনা সম্পৰ্কত অৰ্ণৱ গোস্বামীয়ে এনেদৰেই মেছেজ পঠিয়াইছিল তেওঁৰ বন্ধুলৈ৷ উল্লেখ্য, এৰ’ট’মেনিয়া হৈছে নিজকে চেলেব্ৰিটীৰ সৈতে প্ৰেমত পৰা বুলি ভবা আৰু সেই চেলেব্ৰিটীৰ সৈতে যৌন সম্পৰ্কৰে জড়িত হৈ পৰা৷ অভিনেতা হৃত্বিক ৰোশনৰ সৈতে কংগনাই নিজকে তেনে সম্পৰ্ক থকা বুলি ভাবে বুলি অৰ্ণৱ গোস্বামীয়ে মন্তব্য কৰিছিল৷ তদুপৰি তেওঁ কৈছিল, কংগনাই প্ৰয়োজনতকৈ অধিক মুখ খুলিছে আৰু জোখতকৈ অধিক যুঁজিছে৷ কংগনাৰ কেৰিয়াৰৰ যৱনিকা নামি আহিব৷ সেই অৰ্ণৱেই অৱশ্যে এসময়ত কংগনা ৰানাৱটে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে কৰা যুঁজত আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যৰ সময়ত অভিনেত্ৰীগৰাকীক অভাৱনীয় প্ৰচাৰ দিছিল আৰু পূৰ্ণ সমৰ্থন জনাইছিল৷ এটা মেছেজত সেই অৰ্ণৱ গোস্বামীয়ে লিখিছিল– কংগনাৰ টি আৰ পি আছে৷ পিছে বন্ধুৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ একেগৰাকী কংগনাকে যৌন ৰোগী হিচাপে আখ্যা দিবলৈ কুণ্ঠাবোধ কৰা নাই৷