Logo
image

অৰুণাচলত এশটাকৈ ঘৰ সাজি গাঁও পাতিলে চীনে

আমাৰ অসম, ১৯ জানুৱাৰীঃ লাডাখৰ অচলাৱস্থাৰ প্ৰকৃত আৰু কাৰ্যকৰী অৱসান নৌঘটোতেই চীনে ভাৰতৰ পূৱ সীমান্তৰ প্ৰতি দৃষ্টি দিয়াটো শেহতীয়া কিছুমান কাৰ্যকলাপত পৰিস্ফুট হৈছিল৷ অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ অহা ব্ৰহ্মপুত্ৰকে ধৰি একাধিক নদীত বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰি ভাৰতক ব্যতিব্যস্ত কৰি ৰখাৰ সময়তে প্ৰতিৱেশী শত্ৰুভাৱাপন্ন দেশখনে অৰুণাচল প্ৰদেশৰ সীমাৰ ভিতৰত সোমাই এখন নতুন গাঁও নিৰ্মাণ কৰিছে৷ কৃত্ৰিম উপগ্ৰহৰ পৰা লোৱা ফটোত পৰিষ্কাৰভাৱে দেখা পোৱা এই গাঁওখন চীনৰ সেনাই নিৰ্মাণ কৰিছে ওপৰ সোৱণশিৰি জিলাৰ  ছাৰি-চু নদীৰ পাৰত৷ তিব্বতৰ সীমান্তৱৰ্তী এই অঞ্চলটো অৰুণাচল প্ৰদেশ তথা ভাৰতীয় ভূ-খণ্ডৰ ভিতৰত হ’লেও অৰুণাচলৰ দিশৰ পৰা দুৰ্গম হোৱাৰ বাবে চীনে সেই স্থানত এখন বৃহৎ গাঁও নিৰ্মাণ কৰি পেলাইছে৷ মুঠতে ১০১ টা ঘৰ থকা এই অঞ্চলটো ভাৰতীয় ভূ-খণ্ডৰ ৪.৫ কিলোমিটাৰ ভিতৰত৷ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এন ডি টিভিৰ হাতত এই ‘ছেটেলাইট ইমেজ’ আহি পৰিছে৷ সেই ফটোখন চাই বিশেষ:ই বিশ্লেষণ কৰি জনাইছে যে চীনে নিৰ্মাণ সম্পূৰ্ণ কৰা গাঁওখন ভাৰত-চীন সীমান্তৰ পৰা ভাৰতীয় ভূ-খণ্ডৰ ৪.৫ কিলোমিটাৰ ভিতৰলৈ সোমাই আছে৷ এই অঞ্চলটো দীৰ্ঘদিনৰ পৰা বিবদমান যদিও অতদিনে সেয়া ভাৰতৰ দখলতে আছিল৷ কিন্তু লাডাখত ভাৰতীয় ভূ-খণ্ড দখল কৰি বহি থকাৰ দৰে এইবাৰ চীনে অৰুণাচলতো ভাৰতৰ ভূ-খণ্ড দখল কৰি দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি গভীৰ ভাবুকিৰ সৃষ্টি কৰিছে৷ নতুন দিল্লীৰ তৰফৰ পৰা অথবা ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ পক্ষৰ পৰা এতিয়াও এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পাছৰে পৰা অৰুণাচল প্ৰদেশৰ এক বৃহৎ ভু-খণ্ড চীনে নিজৰ বুলি দাবী কৰি আহিছে৷ ভাৰতৰ দখলত থাকিলেও সেই অঞ্চলটো চীনে দক্ষিণ তিব্বত বুলি আখ্যা দিয়ে৷ 

এন ডি টিভিৰ হাতত আহি পৰা এই ছেটেলাইট ফটোখন হৈছে ২০২০ চনৰ ৰ নৱেম্বৰৰ৷  এই ফটোত কংক্ৰিটেৰে নিৰ্মাণ কৰা ১০১ টা ঘৰ সম্পূৰ্ণ পৰিষ্কাৰভাৱে দেখা গৈছে৷ চীনে এবছৰতকৈ মাথোঁ সামান্য বেছি সময়ৰ ভিতৰত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে৷ কিয়নো একেটা অঞ্চলৰে ২০১৯ চনৰ ২৬ আগষ্টৰ এখন ছেটেলাইট ফটোও একেলগে বিশ্লেষণ কৰা হৈছে, য’ত এতিয়া ঘৰ নিৰ্মাণ হোৱা স্থানত কোনো নিৰ্মাণ কাৰ্য নাছিল৷ অৰ্থাৎ ২০১৯ চনৰ ২৬ আগষ্টলৈকে সেই ঠাই আছিল জনবসতিহীন অৰণ্য৷ কিন্তু ভাৰতীয় সেনাবাহিনীয়ে উমান নোপোৱাকৈ মাথোঁ এবছৰৰ ভিতৰত চীনে কিদৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে এই গাঁওখন নিৰ্মাণ কৰিলে সেয়া আ(ৰ্যকৰ৷ লাডাখত যোৱা জুনৰ পৰা যেতিয়া চীন আৰু ভাৰতৰ সেনাবাহিনীয়ে মুখামুখি অৱস্থান কৰি উত্তেজনাৰ পৰিস্থিতি সৃষ্টি কৰিছিল আৰু সংঘৰ্ষত লিপ্ত হৈছিল তেতিয়া চীনৰ সেনাবাহিনীৰ নেতৃত্বত আন ৰেজিমেণ্টে অৰুণাচল প্ৰদেশৰ ভিতৰত গাঁও নিৰ্মাণ কৰি আছিল৷ ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু দেশৰ সেনাবাহিনীয়ে এখন বৃহৎ গাঁও নিজৰ ভূ-খণ্ডৰ ভিতৰত নিৰ্মাণ হোৱাৰ বিষয়ে মুঠেই উমান নোপোৱাটো অতি আ(ৰ্যকৰ ঘটনা৷ দেশৰ সাৰ্বভৌমত্ব বিনষ্ট কৰিব পৰা এই ঘটনাক লৈ অৱশ্যে ভাৰতীয় সেনাবাহিনীও এই পৰ্যন্ত নিমাত৷ এন ডি টিভিৰ হাতত পৰা ফটোখন ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে নহয় বুলি প্ৰত্যাহ৩ান জনোৱা নাই৷ নাম প্ৰকাশ নকৰা এজন বৈদেশিক মন্ত্ৰণালয়ৰ বিষয়াই কয়– ‘এনে ধৰণৰ খবৰ আমিও পাইছো৷ চীনে সীমান্তৰ সমান্তৰালকৈ গাঁও নিৰ্মাণ কৰি থকাৰ কেতবোৰ খবৰ আমাৰ হাতত আছে৷ যদিহে ভাৰতীয় ভূ-খণ্ডৰ ভিতৰত চীনে গাঁও নিৰ্মাণ কৰিছে তেন্তে সেই সন্দৰ্ভত যথোচিত পদক্ষেপ লোৱা যাব৷’ 

উল্লেখ্য, অতিসম্প্ৰতি চীনৰ সেনাবাহিনীয়ে অৰুণাচল প্ৰদেশৰ তেনেই কাষতে তিব্বতৰ দুখন ঠাইত এনেদৰে গাঁও নিৰ্মাণ কৰাৰ খবৰ প্ৰকাশ হৈছিল৷ সেই গাঁও  কেইখন আছিল যাতায়াতৰ উন্নত সা-সুবিধা, ইণ্টাৰনেটকে ধৰি অত্যাধুনিক যোগাযোগৰ সকলো সুবিধাৰে পৰিপূৰ্ণ৷ চীনে ভাৰতৰ সীমাত আৰু এতিয়া ভাৰতৰ ভূ-খণ্ডত এনেদৰে গাঁও নিৰ্মাণ কৰি তিব্বতৰ চীন চৰকাৰ আৰু চীনৰ কমিউনিষ্ট দলৰ প্ৰতি সমৰ্থন থকা তিব্বতী লোকক বসবাস কৰিবলৈ সুবিধা কৰি দিছে৷ এয়া পিছে গাঁওবাসীক দুখত পতিয়ন গৈ সহায় কৰাৰ আঁচনি নহয়, বৰং সীমান্তত এনেদৰে গাঁও নিৰ্মাণ কৰি বসবাসৰ সুবিধা দি সেই গাঁওবাসীক ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱা হিচাপে ব্যৱহাৰ কৰি আছে চীনৰ সেনাবাহিনীয়ে৷ একেলগে তেওঁলোকে উক্ত গাঁৱলৈকে বিশাল ৰাজপথ নিৰ্মাণ কৰি সীমান্তলৈকে সহজে অহাযোৱা কৰিব পৰাকৈ যাতায়াতৰ ব্যৱস্থা সুগম কৰি লৈছে৷ জনবসতি নাথাকিলে এনেদৰে সীমান্তত পথ নিৰ্মাণত প্ৰতিৱেশী ৰাষ্ট্ৰৰ আপত্তি থাকে৷ ভাৰতে যাতে তেনে কোনো আপত্তি কৰিব নোৱাৰে সেয়ে গাঁও পাতি লৈ চীনে সীমান্তলৈকে বৃহৎ বৃহৎ পথ নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা সুগম কৰি তুলিছে৷