Logo
image

ছেপ্টেম্বৰত তিনিচুকীয়াত কেবিনেট বৈঠক

আমাৰ অসম, ১৯ মে’: ছেপ্টেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক৷ কালি তিনিচুকীয়াত সাংবাদিকসকলৰ সৈতে এক চাহ মেলত অংশগ্ৰহণ কৰি এইকথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ পৰা তিনিচুকীয়াৰ সমস্যাৰ বুজ লয়৷ সাংবাদিকসকলে  তিনিচুকীয়াৰ ভয়াৱহ যান-জঁটৰ সমস্যা, পাৰ্কিঙৰ সমস্যা, বেদখল, অবৈধ নিৰ্মাণকাৰ্য, নলা-নৰ্দমাৰ সমস্যা আদিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ আগত প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তক নিৰ্দেশ দিয়ে৷ ড॰ শৰ্মাই কয় যে, ছেপ্টেম্বৰত কেবিনেট অনুষ্ঠিত হোৱাৰ পূৰ্বে আগষ্টত তেওঁ পুনৰ তিনিচুকীয়ালৈ আহিব আৰু তিনিচুকীয়াৰ সমস্যাসমূহ সমাধানৰ পথত লৈ যোৱাৰ বাবে স্থানীয় প্ৰশাসনৰ সহযোগত প্ৰচেষ্টা চলাই নিব৷ চাহ মেলত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে৷ চহ মেলত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণো উপস্থিত থাকে৷ 

নিৰ্মীয়মাণ তিনিচুকীয়া মেডিকেল কলেজত মুখ্যমন্ত্ৰী 

তিনিচুকীয়াৰ নৱ-নিৰ্মীত সন্মিলন কেন্দ্ৰত অনুষ্ঠিত পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ বুধবাৰে তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচীত নিশালৈকে অংশগ্ৰহণৰ অন্তত আজি পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ মাকুমৰ শুকানপখুৰী অঞ্চলত নিৰ্মীয়মান তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় যে এইবছৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতিৰ বাবে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগক আবেদন কৰিব আৰু এই স্বীকৃতি লাভৰ বাবে চলিত বৰ্ষৰ ১০ ছেপ্টেম্বৰৰ ভিতৰত প্ৰায় ৮০শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব লাগিব৷ আনহাতে, আগন্তুক ২০২৪ চনৰ মাৰ্চ মাহৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ ড॰ শৰ্মাই নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ আশে-পাশে বৃক্ষৰোপণো কৰে৷  

মুখ্যমন্ত্ৰীক ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ প্ৰদান

তিনিদিনীয়া তিনিচুকীয়া ভ্ৰমণৰ অন্তিম দিনা আজি পৰিৱেশ সুৰক্ষা সমিতি, অসম নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ প্ৰদান কৰে৷ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা প্ৰমুখ্যে সংগঠনটোৰ বিষয়ববীয়াসকলৰ উপস্থিতিত নৱনিৰ্মীত সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই বঁটা প্ৰদান কৰা হয়৷