Logo
image

দুৰ্নীতি নিবাৰকৰ জালত কৰ বিষয়া, লাট মণ্ডল

আমাৰ অসম, ১৯ মে’: এজনৰ পাছত আনজন দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী আৰক্ষীৰ জালত পৰাৰ পাছতো ৰাজ্যত অব্যাহত আছে দুৰ্নীতিৰ বেহা৷ নিতৌ এজনৰ পাছত আনজন দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতো আৰক্ষীয়ে চৰকাৰী কাৰ্যালয়ত দুৰ্নীতি বন্ধ কৰিব পৰা নাই৷ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আজি ৰাজ্যৰ পৃথকে পৃথকে দুই ঠাইত  অভিযান চলাই দুজন দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে৷ গুৱাহাটীৰ কৰ ভৱনৰ পৰা এগৰাকী সহকাৰী কৰ আয়ুক্ত আৰু নগৰবেৰাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা এজন লাট মণ্ডলক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটীৰ গণেশগুৰীস্থিত ৰাজ্যিক জি এছ টিৰ কৰ আয়ুক্তৰ কাৰ্যালয়ে এজন ব্যৱসায়ীৰ বিৰুদ্ধে  জি এছ টি সংক্ৰান্তীয় গোচৰ চলি আছিল৷ কৰ ভৱনৰ কাৰ্যালয়ে ব্যৱসায়ীজনৰ জি এছ টিৰ অনলাইন ব্যৱস্থা বন্ধ কৰি দিয়ে৷ ব্যৱসায়ীজনে অলপতে কৰ ভৱনৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁৰ জি এছ টি অনলাইন ব্যৱস্থাটো মুকলি কৰি দিবলৈ সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাক অনুৰোধ জনায়৷ জি এছ টিৰ অনলাইন ব্যৱস্থা মুকলি কৰি দিয়াৰ বিনিময়ত সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাই ব্যৱসায়ীজনৰ পৰা ১০ হাজাৰ টকা উৎকোচ বিচাৰে৷ উপায়হীন হৈ ব্যৱসায়ীজনে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত উপস্থিত হৈ অধীক্ষক সকলো কথা বিৱৰি কয়৷ দুৰ্নীতি নিবাৰক শাখাৰ পৰামৰ্শৰ ভিত্তিত আজি ব্যৱসায়ীজনে কৰ ভৱনত উপস্থিত হৈ কৰ বিষয়াজনক ৪ হাজাৰ টকা উৎকোচ দিয়ে৷ লগে লগে পূৰ্বৰ পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাতে লোটে কৰ বিষয়া মিনাক্ষী কাকতি কলিতাক গ্ৰেপ্তাৰ কৰে৷ কৰ বিষয়াজনক লগত লৈ দুৰ্নীতি নিবাৰক শাখাই মহানগৰীৰ ৰূপনগৰৰ বাসভৱনত অভিযান চলাই নগদ ৬৫ লাখ টকা, অনুজ্ঞাপত্ৰবিহীন এটা পিষ্টল, সক্ৰিয় গুলী আৰু আপত্তিজনক নথি পত্ৰ জব্দ কৰে৷ ঘটনা সন্দৰ্ভত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই ভাৰতীয় দণ্ড বিধিৰ ৭ [এ] দুৰ্নীতি সংৰক্ষা এক্টৰ অধীনত থানাত ৩৬/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি কৰ বিষয়াজনক জেৰা অব্যাহত ৰাখিছে৷ ধৃত মিনাক্ষী কাকতি কলিতাৰ স্বামী এজন প্ৰাক্তন আলফা নেতা৷

নগৰবেৰাত পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

‘আমাৰ অসম’ৰ নগৰবেৰাৰ প্ৰতিবেদকঃ মদন নাথৰ পিছত এইবাৰ জালত পৰিল লাট মণ্ডল মহেন্দ্ৰ নাথ৷ কিছুদিন পূৰ্বে উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলৰ হাতত হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল মদন নাথ৷ কিন্তু ইয়াৰ পৰাও যেন কোনো শিক্ষা নললে কাৰ্যালয়টোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে৷ সেয়ে আজি পুনৰ কাৰ্যালয়টোৰ মহেন্দ্ৰ নাথ নামৰ আন এগৰাকী লাট মণ্ডলো গ্ৰেপ্তাৰ হব লগীয়া হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগৰবেৰা অঞ্চলত৷ প্ৰাপ্ত তথ্য মতে, বকো সমষ্টিৰ মালিবাৰী সত্ৰ গাঁৱৰ আব্বাছ আলী নামৰ এজন যুৱকৰ পৰা মাটিৰ কাম কৰি দিয়াৰ নামত লাট মণ্ডল মহেন্দ্ৰ নাথে উৎকোচ বিচৰাত আজি যুৱকজনৰ পৰা কাৰ্যালয়ৰ ভিতৰতে চাৰি হাজাৰ টকা উৎকোচ লোৱা সময়তে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে৷ লাট মণ্ডল মহেন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰাৰ পিছতে হুৱাদুৱা লাগে কাৰ্য়ালয়টোত৷ দীৰ্ঘ সময় জেৰা চলোৱাৰ পিছত মহেন্দ্ৰ নাথক অভিযানকাৰী দলে গুৱাহাটীলৈ লৈ যায়৷ ধৃত লাট মণ্ডল মহেন্দ্ৰ নাথৰ গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত টিপলাইস্থিত বাসগৃহতো অভিযানকাৰী দলে তালাচী অভিযান চলায়৷  একাংশ লোকে অভিযোগ কৰা মতে, দীৰ্ঘদিন ধৰি নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটি-বাৰী সংক্ৰান্তিয় কাম কাজৰ নামত একাংশ বিষয়া কৰ্মচাৰীয়ে