Logo
image

জোনমণিৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি বি আইক দিবলৈ দাবী নিখিল ৰাভা ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ, তামুলপুৰঃ নিখিল ৰাভা ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিয়ে শুকুৰবাৰে তামুলপুৰ প্ৰেছ ক্লাৱত এছ আই জোনমণি ৰাভাৰ মৃত্যু ন্যায় বিচাৰি এখন সংবাদ মেল সম্বোধন কৰে। নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ-সভাপতি দীপাংকৰ ৰাভাই সংবাদ মেল সম্বোধন কৰি কয় যে এছ আই জোনমণি ৰাভাক হত্যা কৰা হৈছে। কোনো পথ দুৰ্ঘটনাত এছ আই জোনমণি ৰাভাৰ মৃত্যু হোৱা নাই। সেই কথা স্পষ্ট হৈছে। সেয়েহে জোনমণি ৰাভাৰ মৃত্যু চি আই ডিক নহয়  চি বি আইক অৰ্পণ কৰক। লগতে তেওঁ কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়ই পৰিয়ালে পাবই লাগিব। জোনমণিৰ মৃত্যুৰ ন্যায় বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। তামুলপুৰ জিলা সমিতিয়ে জোনমণিৰ ন্যায় বিচাৰি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত  কৰা হ'ব বুলিও সংবাদমেলত ঘোষণা কৰে দীপাংকৰ ৰাভাই। সংবাদমেলত তামুলপুৰ জিলা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণ সিং ৰাভা, সাধাৰন সম্পাদক ভদ্ৰেশ্বৰ ৰাভা, তামুলপুৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজু ৰাভা, সম্পাদক ৰাহুল ৰাভা হাকাচামসহ জিলাখনৰ প্ৰতিখন আঞ্চলিক সমিতিৰ সদস্যসকলো উপস্থিত আছিল৷