Logo
image

হিমন্তবিশ্ব-সৰ্বানন্দৰ বুজাবুজিৰ চুক্তি

আমাৰ অসম, ২০ মে’:শুকুৰবাৰে  দিনটোত দুবাৰকৈ মুখামুখি হ’ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ কেৱল মুখামুখী হোৱাই নহয়, বিজেপিৰ দলৰ দুয়োজন নেতাই দুয়োবাৰে দীৰ্ঘ সময় ধৰি অন্তৰংগ আলাপতো মিলিত হয়৷ মুখ্যমন্ত্ৰীৰ চকী এৰি দিল্লীৰ ৰাজনীতিলৈ যোৱাৰ পাছত পূৰ্বৰ মুখ্যমন্ত্ৰী সোণোৱাল আৰু বৰ্তমানৰ  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক একেলগে এনেদৰে কিছুসময় কটোৱাৰ দৃশ্য ৰাজ্যৰ ৰাজনীতি অতি বিৰল হৈ পৰিছিল৷ দুয়োজন নেতাই আজি এটা চৰকাৰী কাৰ্যসূচী আৰু আনটো দলীয় কাৰ্যসূচীত মুখামুখী হৈ একেলগে মঞ্চত কিছু সময় কটায়৷ প্ৰথমটো কাৰ্যসূচী আছিল কালি পুৱা ৯.৩০ বজাত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত৷ উল্লেখ্য যে অসম পৰ্যটন উন্নয়ন নিগম আৰু সাগৰমানা উন্নয়ন নিগম তথা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়৷ এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ আনহাতে, নিশা সাত বজাৰ পৰা বশিষ্ঠ চাৰিআলিৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত অনুষ্ঠিত দলৰ কৰ কমিটীৰ বৈঠকত দিনটোত দ্বিতীয়বাৰৰ বাবে মুখামুখী হয় সোণোৱাল আৰু ড॰ শৰ্মা৷ চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, নদীভিত্তিক পৰ্যটন চাৰ্কিটটোৰ উন্নয়ন অসমৰ পৰ্যটন খণ্ডৰ বাবে এক বৃহৎ সাফল্য৷ অসম চৰকাৰৰ সমৰ্থনত আইডব্লিউএআই আৰু এছডিচিএল-য়ে এটিডিচি আৰু আইডব্লিউটিৰ সৈতে একেলগে কাম কৰি এই প্ৰকল্পটো দ্ৰুতগতিত সম্পাদন কৰিব আৰু অসমত নদীৰ পৰ্যটন খণ্ডৰ এক নতুন অধ্যায় উন্মোচন কৰিব৷ ভাৰতৰ এক্ট ইষ্ট নীতিত সমগ্ৰ অঞ্চলৰ মুখ্য উন্নয়নমূলক প্ৰকল্পসমূহত প্ৰতিফলিত হৈছে৷ আজি আভ্যন্তৰীণ জলপথবোৰে পৰিবহণৰ জৰিয়তে কেনেদৰে পৰিৱৰ্তনৰ সূচনা কৰিব পাৰি তাৰ উদাহৰণ দাঙি ধৰিছে৷ ব্ৰহ্মপুত্ৰ হৈ অ’ডিচি আৰু অ’ডব্লিউচি কাৰ্গো চলাচলৰ পৰা আৰম্ভ কৰি বিশ্বৰ আটাইতকৈ দীঘল নদী ভ্ৰমণ গংগা বিলাসলৈকে, আভ্যন্তৰীণ জলপথৰ বিশাল সম্ভাৱনা উন্মোচন কৰা হৈছে৷ আমি আমাৰ যাত্ৰাত দৃঢ় হৈ আছো যাতে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আভ্যন্তৰীণ জলপথৰ সমৃদ্ধ সম্ভাৱনা বিকশিত হয় আৰু ই নতুন ভাৰতৰ বিকাশৰ ইঞ্জিনক যাতে শক্তি প্ৰদান কৰে৷ উল্লেখ্য,  গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ ধৰ্মীয় পৰ্যটন চাৰ্কিট প্ৰকল্পৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়৷ প্ৰায় ৪০ কোটি টকা প্ৰাৰম্ভিক প্ৰকল্প ব্যয়ৰে নদী ধৰ্মীয় পৰ্যটন চাৰ্কিটৰ জৰিয়তে ৰাজ্যৰ জ্জ খন ধৰ্মীয় স্থান কামাখ্যা মন্দিৰ, পাণ্ডুঘাট মন্দিৰ, অশ্বক্লান্ত মন্দিৰ, দৌলগোবিন্দ মন্দিৰ, উমানন্দ মন্দিৰ, চক্ৰেশ্বৰ মন্দিৰ আৰু আউনিআটি সত্ৰক সংযোগ কৰিব৷ এই প্ৰকল্পটোৰ অধীনত জাহাজ ক্ৰয় কৰি আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ বিদ্যমান জেটিসমূহ যাত্ৰীৰ বাবে ব্যৱহাৰ কৰাৰ বাবে আৰু কামাখ্যা মন্দিৰত এখন জেটি তথা ফুনিকুলাৰ ৰে’লৱে ট্ৰলী প্ৰণালী নিৰ্মাণৰ ব্যৱস্থা লোৱা হ’ব৷ এই প্ৰকল্পত সাগৰমালা উন্নয়ন কোম্পানী লিমিটেড আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ মুঠ ৫৫ শতাংশ অংশীদাৰ থাকিব৷ আনহাতে অসম পৰ্যটন উন্নয়ন নিগমৰ ৪৫ শতাংশ অংশীদাৰীত্ব থাকিব৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়– এই নদী কেন্দ্ৰীক ধৰ্মীয় পৰ্যটন প্ৰকল্পই ৰাজ্যখনৰ পৰ্যটনৰ সম্ভাৱনীয়তা থকা দিশসমূহ বিকশাই তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব৷ গুৱাহাটীলৈ অহা পৰ্যটকসকলে সাধৰণতে ভ্ৰমণ কৰি থকা স্থানসমূহৰ লগতে  দৰ্শনাৰ্থীসকলে তেওঁলোকৰ ভ্ৰমণসূচীত ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ৭ খন ধৰ্মীয় ক্ষেত্ৰ সামৰি লোৱাৰ দিশতো সহায় কৰিব৷ নদী পৰ্যটনে এক অনন্য অভিজ্ঞতা প্ৰদান কৰে  নদীৰ এই পৰ্যটন চাৰ্কিট প্ৰকল্পই গুৱাহাটী মহানগৰীক দেশৰ শীৰ্ষ পৰ্যটনস্থলী হিচাপে পৰিগণিত কৰাৰ দিশটো সহায় কৰিব৷ পৰ্যটন খণ্ডই কৰ্মসংস্থাপন আৰু স্বনিয়োগৰ সুযোগ প্ৰদান কৰে৷ ৰাজ্যৰ পৰ্যটন খণ্ডটো অধিক বিকশাই তোলাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ ফলত উত্তৰ পূবৰ আভ্যন্তৰীণ জলপথ পৰিবহণে পূৰ্বতে প্ৰত্যক্ষ নকৰা পৰিৱৰ্তন সাধন কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ম্যানমাৰৰ ছিটৱে বন্দৰ প্ৰকল্পই ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচি অধিক বাস্তৱায়িত কৰাৰ দিশত নিৰ্ণায়াত্মক ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব৷ আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আদি দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,  পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, আই ডাব্লিউ এ আইৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায় উপস্থিত থাকে৷

ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিতে হ’ব বিজেপিৰ বৃহৎ জনসভা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ লোকসভাৰ নিৰ্বাচনকলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে৷ শুকুৰবাৰে নিশা গুৱাহাটীৰ বশিষ্ঠস্থিত প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপিৰ ক’ৰ কমিটীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক৷ এই বৈঠকতে আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ক’ৰ কমিটীৰ সদস্যসকল উপস্থিত থাকে৷ বৈঠকৰ সিদ্ধান্ত অনুসৰি ১৪টা লোকসভা সমষ্টিতে বিজেপিয়ে একোখনকৈ বিশাল জনসভা অনুষ্ঠিত কৰিব৷ ইয়াৰে এখন জনসভাত ভাগ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নগাঁও বা লখিমপুৰত জনসভাত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে৷ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পৃথক পৃথক জনসভাত অংশগ্ৰহণ কৰিব৷ জনসভাসমূহৰ তাৰিখ, বাৰ ঠিক কৰিব শনিবাৰে পাঞ্জাবাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কাৰ্যনিবাহকৰ বৈঠকে৷ ইফালে অহা ৩০ মে’ৰ পৰা ৩০ জুনলৈকে বিজেপিৰ মহাজনসম্পৰ্ক কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ এই কাৰ্যসূচীৰ অংশ হিচাপে দলৰ সকলো মন্ত্ৰী, বিধায়ক, সাংসদ, ৰাজ্যিক তথা জিলা বিষয়ববীয়াই প্ৰতিটো বিধানসভা সমষ্টিত ২৫০জন আৰু প্ৰতিটো লোকসভা সমষ্টিত ৩০০ জন অবিজেপি লোকৰ ঘৰলৈ গৈ মত বিনিময় কৰিব লাগিব৷ উল্লেখ্য যে আজি দিনৰ ভাগত ৰাজ্যিক বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাৰ লগতে কেইবাখনো সাংগঠনিক সভাত অনুষ্ঠিত হয়৷ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিষয়ববীয়াৰ সভাত ভাৰতীয় জনতা পাৰ্টীৰ উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে সাধাৰণ সম্পাদক, সম্পাদ, উপ-সভাপতি, মুখ্য মুখপাত্ৰ, কাৰ্যালয় সম্পাদক আৰু মৰ্চাৰ সভাপতিসকল উপস্থিত থাকে৷ সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি ভৱেশ কলিতাই কয় বিষয়ববীয়া সভাত দলৰ অনাগত কাৰ্যসূচী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়৷ সভাৰ সিদ্ধান্ত অনুসৰি ৰাজ্যিক বিজেপিয়ে সমাগত যোগ দিৱস আৰু কলা দিৱস বুথ পৰ্যায়লৈকে অনুষ্ঠিত কৰিব৷ আনহাতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে অহা ৩০ মে’ৰ পৰা ৩০ জুনলৈকে সমগ্ৰ দেশজুৰি মাহজোৰা মহা জনসম্পৰ্ক অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷ এই অভিযান প্ৰতিটো লোকসভা, বিধানসভা সমষ্টিৰ লগতে বুথ তথা মণ্ডল পৰ্যায়লৈকে চলিব৷ উক্ত সভাৰ পিছতেই ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত দলৰ ৩৯খন সাংগঠনিক জিলা সভাপতি আৰু জিলা প্ৰভাৰীসকলৰ বৈঠক অনুষ্ঠিত হয়৷ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি সাংগঠনিক দিশৰ ওপৰত বক্তব্য ৰাখে৷