Logo
image

প্ৰাকৃতিক কৃষিৰ আদৰ্শ ৰাজ্য হোৱাৰ দিশে অসম

আমাৰ অসম, ২০ মে’: অসমৰ দৰে বানপানী প্ৰৱণ ৰাজ্যত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দৰে আঁচনিয়ে বাৰুকৈয়ে সহায় আগবঢ়াইছে৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰাকৃতিক কৃষি সন্মিলনত  ফচল বীমা যোজনাৰ আৰ্থিক সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয়– যোজনাই বানপানীৰ সংকটৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কৃষকসকলক নিৰাপত্তা প্ৰদান কৰিছে৷ উল্লেখ্য, বিগত তিনিটা বতৰত প্ৰধানমন্ত্ৰী ফচল যোজনাৰ অধীনত ৰাজ্যৰ প্ৰায় ৩,০২,৪৬৫ জন কৃষকক ২৩৬ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷  কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৃষকৰ পৰা মাত্ৰ ১০০ টকা সুদ হিচাপে লৈ বিনামূলীয়াকৈ প্ৰিমিয়াম প্ৰদান কৰি অৰ্থনৈতিক সকাহ প্ৰদান কৰিছে৷ কৃষকসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ৷ যিসকল কৃষকে সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰে তেওঁলোকক ৰাজ্য চৰকাৰে  ৰাজসাহায্য হিচাপে প্ৰতি লিটাৰত ৫ টকাকৈ প্ৰদান কৰিব৷ কৃষি বিভাগক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে  কৃষিৰ বিকল্প হিচাপে প্ৰাকৃতিক কৃষি পদ্ধতি থকাটো নিশ্চিত৷ কাৰণ আধুনিক অজৈৱিক কৃষি পদ্ধতিৰ দ্বাৰা যদিও অধিক উৎপাদন হয়, কিন্তু ই পৰিৱেশৰ লগতে মাটিৰ গুণাগুণো হ্ৰাস কৰে৷ সেয়েহে ৰাজ্য চৰকাৰে কৃষি উৎপাদন বৃদ্ধিৰ বাবে প্ৰাকৃতিক কৃষিৰ সদ্ব্যৱহাৰ কৰাৰ লগতে কৃষিকৰ আয় দুুুুুুুুগুণ কৰাত সহায় কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ তেওঁ লগতে প্ৰাকৃতিক কৃষিক এক জন আন্দোলনলৈ ৰূপান্তৰিত কৰি প্ৰাকৃতিক কৃষিৰ আদৰ্শ ৰাজ্য হোৱাৰ দিশে আগবঢ়া অসমৰ সেই সপোন বাস্তৱায়িত কৰিবৰ বাবে কৃষকসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ প্ৰাকৃতিক কৃষিয়ে স্বাস্থ্য আৰু আৰ্থিক উত্তৰণৰ পথ প্ৰশস্ত কৰিছে৷ আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্জ্বলন কৰি গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে এই সন্মিলনৰ শুভ উদ্বোধন কৰাৰ লগতে ভাষণো প্ৰদান কৰে৷ এই সন্মিলনত কৃষি মন্ত্ৰী অতুল বৰাইও ভাষণ প্ৰদান কৰে৷ এই সন্মিলনত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতৰ সহধৰ্মিনী দৰ্শনা দেৱী, উত্তৰাখণ্ডৰ কৃষি মন্ত্ৰী গণেশ যোশী, অসম চৰকাৰৰ ৰাজহ আদি বিভাগৰ মন্ত্ৰী যোগেন মোহন, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা প্ৰমুখ্যে কেইবাগৰাকী কৃষি বিজ্ঞানী, প্ৰগতিশীল কৃষক উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই গুজৰাটৰ ৰাজ্যপালন আচাৰ্য দেৱব্ৰতৰ সৈতে স্থানীয় উদ্যোগীসকলে প্ৰদৰ্শন কৰা কেইবাবিধো জৈৱিক সামগ্ৰীৰ এক প্ৰদৰ্শনী উদ্বোধন কৰে৷